Written by 4:57 am Poems

গুলী-ধেমালি

প্ৰদীপ শইকীয়া

ভাবিছিলোঁ

মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ

ভাবিছিলোঁ

মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা পাগুৰি

মণিপুৰ মানে বৈষ্ণৱ-কীৰ্তন ৷ ৰাসলীলা ধীৰগতি ৰাধা

লাই হাৰাওবা

পেনা-খোংবা বীণাৰ মিড়

দূৰদৰ্শনত এটা অদ্ভুত অজগৰ

মেৰিয়াই ধৰিছে গাওঁ-ভূঁই চুবুৰী চহৰ

দ’ম দ’ম ছাই ৷ আকাশলংঘা ধোঁৱাৰ দৈত্য

জুমবন্ধা মানুহ ৷ অদৃশ্য গুলী

বিতত শিশু নাৰী অসহায় মৰদ ৷ টোপা-টোপে তেজ

ছাংগাই উৎসৱৰ নিশা

মুকলি আকাশৰ তলত যাৰ স’তে বহিছিলোঁ

তেওঁবা এতিয়া ক’ত

আমিযে পাতিছিলোঁ

ৰহস্যময় মাইবী আৰু অৰিবাম শ্যাম শৰ্মাৰ কেমেৰাটোৰ কথা ৷ সেই শব্দবোৰবা এতিয়া ক’ত

ছাৰখাৰ

আধাপোৰা মণিপুৰ

ইণ্ডো-মিয়ানমাৰ সীমান্ত পাৰহৈ এদিন আনিছিলোঁ এপাট কেটেপা ৷ দুখন কম্বল ৷ পানীৰ বাৰ্মিজ বটল

মোৰে’ৰ পৰা ওভতোঁতে দেখিছিলোঁ

এটা প্ৰকাণ্ড মেথোন জাৰৰ নিশা অকলে গৈ থকা

সিও চাগে জাহ গ’ল ৷ নাগৰিক কুকি পৰ্বতৰ

জুই হত্যা ধৰ্ষণ লুটপাত বাৰুদ-বাহিনী 

কৰ-কাটল সম্প্ৰদায়-বিচাৰ ভূমি-দখল

তেজখোৱা ন ন অভিসন্ধি 

সিংহাসন-সপোন

বৰ সুলভ আজি

বঙহে বঙহক খায়

ৰাজপথত গুলীত থকাসৰকা বিৱসনা নাৰী

দেশৰ সহজ মানুহ হে মৃতসকল

ৰাজপ্ৰধানক আমি জগাব নোৱাৰিলোঁ

জুয়ে পোৰা দিনদুপৰতো

Visited 4 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close