Written by 11:37 am Poems

গুণ্গুণনিৰ সুমথিৰাটো

ধ্ৰুৱকুমাৰ তালুকদাৰ

গুণ্‌গুণাই থাকোঁতে গানটো

পকি উঠিল

পকি উঠিল পশ্চিম গাৰোপাহাৰৰ

এটা সুমথিৰাৰ দৰে 

তুমি বুকুত এবুকু মেঘ লৈ উৰি ফুৰিছিলা

ঠিক মোৰ মূৰৰ ওপৰৰ আকাশখনত 

তুমিও এটা গান গুণগুণাই আছিলা

গানটোৰৰ আঙুলিবোৰ

লাহে লাহে বৰষুণ হৈ সৰি পৰিছিল 

সেই বৰষুণত মই তিতিছিলোঁ

এনেকৈ তিতিছিলোঁ যে মোৰ ভৰিৰ

মোজা দুপাত জোকৰ দৰে পিছল হৈ পৰিছিল

আৰু মোৰ এটাৰ পিছত আনটো খোজ

ভুল বাটে যাবলৈ ধৰিছিল 

মই জানিছিলোঁ, ভুল বাটে গৈ গৈ

মই আৰু কোনোদিনে  

উভতি আহিব নোৱাৰিম নিজলৈ

কথাটো ভাবি ভাবি মোৰ মনটো গধুৰ হৈ পৰিছিল

আৰু মোৰ চকুদুটা তেজৰ দৰে ৰঙা হৈ উঠাৰ আগতে

গুণগুণনিত পকি উঠা গানটো

আকাশলৈ মাৰি পঠিয়াইছিলোঁ

মোৰ বিশ্বাস 

গানৰ সেই পকা সুমথিৰাটো এদিন সূৰ্য হ’ব

আৰু সি তোমাৰ বুকুৰ মেঘবোৰ পুৰি পেলাব

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close