Written by 10:15 am Articles

গান্ধীজীৰ সৰ্বোদয়ৰ ধাৰণা আৰু বৰ্তমান সময়ত এই ধাৰণাৰ প্ৰাসংগিকতা

কৰৱী বৰ্মন কলিতা

 স্বাধীন ভাৰতৰ সকলো জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ বাবে গঢ়ি তোলা পৰিকল্পিত সমাজ ব্যৱস্থাটোকেই  ‘সৰ্বোদয়’  বোলা হৈছিল। সৰ্বোদয়  শব্দটোৱে  অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, নৈতিক আৰু আধ্যাত্মিক  বিকাশ আৰু উদ্গতিক সূচায়৷ সৰ্বোদয় ধাৰণাই, শ্ৰেণীবিহীন আৰু জাতিবিহীন সমাজ এখনক প্ৰতিনিধিত্ব কৰে৷ সৰ্বোদয় পৰিকল্পনাটো ৱাৰ্ধাত ১৯৪৯ চনত প্ৰস্তুত কৰা হৈছিল আৰু ১৯৫০ চনত ইয়াক প্ৰকাশ কৰি কাৰ্যকৰী কৰা  হয়৷ 

 গান্ধীবাদী সিদ্ধান্ত মতে, স্বাধীন ভাৰতত এনে এখন সমাজ গঢ়িব লাগিব য’ত ধনী-দুখীয়া, উচ্চ-নীচৰ মাজৰ প্ৰাচীৰখন নাথাকিব৷ সকলোৱে সমাজত সমভাৱে নিজৰ অধিকাৰ  সাব্যস্ত কৰিব পাৰিব৷ এই সৰ্বোদয়ৰ ধাৰণাৰ অৰ্ন্তগত মূল বিষয়বস্তু হ’ল- সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি লোৱা৷ এই সৰ্বোদয় সমাজত কোনো ব্যক্তিসমষ্টিক  শোষণ কৰা নহ’ব৷ গান্ধীজীৰ সৰ্বোদয় সমাজ ব্যৱস্থা সম্পূৰ্ণ অহিংস নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল৷ তেওঁ গাঁওসমুহত গ্ৰাম্য স্বৰাজৰ সংৰচনা কৰিছিল৷ কৃষিপ্ৰধান দেশ ভাৰতবৰ্ষত প্ৰায়ভাগ লোক সেই সময়ত কৃষিৰ ওপৰতে নিৰ্ভৰশীল আছিল৷ গান্ধীজীয়ে  গাঁওবাসীৰ উন্নয়নৰ নিমিত্তে হস্তশিল্প, কুটীৰশিল্পৰ  বাবে  বিশেষ গঠনমূলক আঁচনি হাতত লৈছিল৷ এই আঁচনিৰ অৰ্ন্তগত হ’বলৈ পালে আকৌ খাদী উদ্যোগ আৰু গো-পালন উদ্যোগসমুহো৷ সমাজৰ এইসমূহ দুৰ্বল শ্ৰেণীৰ বিকাশৰ বাবে তেখেতে লোৱা আঁচনিসমুহ আনকি সৰ্বোদয়ৰ ধাৰণাৰ অৰ্ন্তগত আছিল৷  গান্ধীবাদী আদৰ্শই সমাজত বাস কৰা সৰু-ডাঙৰ সকলোৱে যাতে শিক্ষা, স্বাস্থ্য আৰু জীয়াই থকাৰ সুবিধাবোৰ গ্ৰহণ কৰি নিজৰ লগতে দেশৰো উন্নয়ন সাধন কৰিব পাৰে তাৰ ওপৰত বেছিকৈ গুৰুত্ব দি আহিছিল৷ তেখেতৰ অনুগামী বিনোৱাজীয়ে সৰ্বোদয় ধাৰণাটোক, গান্ধীজীৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰিবলৈ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷ বিনোৱাজীৰ নেতৃত্বত ভূ-দান আন্দোলনে প্ৰভাৱশালী ৰূপ লৈছিল৷ ভূ-দান সময়ত পৰিৰ্ৱতিত ৰূপ লৈ গ্ৰাম-দানত পৰিণত হৈছিল৷ তেতিয়াই গ্ৰাম-দানৰ মাধ্যমেৰে গ্ৰাম্য স্বৰাজ গঢ়ি তোলাৰ কাম আৰম্ভ হৈছিল৷ গাঁওৱাসীক স্বাৱলম্বী কৰি তোলাৰ এক প্ৰয়াস মাথোঁ আছিল সৰ্বোদয়ৰ তাত্ত্বিক আধাৰৰ অৰ্ন্তগত৷ 

গান্ধীজীৰ সৰ্বোদয়ৰ মূল নীতিকেইটা হ’ল- 

 ১) সামাজিক, অৰ্থনৈতিক, নৈতিক সকলো ক্ষেত্ৰতে সমাজৰ প্ৰতিজন লোকে নিজৰ সামৰ্থ অনুযায়ী সৎ উপায়ে সম্পাদন কৰা কামৰ মৰ্যাদা সমান হ’ব৷

 ২) কোনো প্ৰকাৰৰ শক্তিয়ে সমাজত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰিব৷ 

 ৩) ব্যক্তিবিশেষে নিজৰ কৰ্মদক্ষতা, আত্মবিশ্বাসেৰে নিজৰ সমাজখনৰ সৰ্বাগীন উন্নতিৰ বাবে অৱদান আগ বঢ়াব৷

সৰ্বোদয়ত সন্নিৱিষ্ট  হোৱা গান্ধীজীৰ দ্বাৰা প্ৰতিষ্ঠিত সৎগুণসমুহ আছিল –

 ১) সৰ্বোদয় আধ্যাত্মিক পটভূমিত প্ৰতিষ্ঠিত৷

২) সৰ্বোদয় সত্য, প্ৰেম আৰু অহিংসাৰ ভেঁটিত প্ৰতিষ্ঠিত৷

৩) সৰ্বোদয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব দিয়ে৷ 

   বৰ্তমান পৰিস্থিতিত দেশত অৰাজকতাই দেখা দিয়াৰ মুহূৰ্তত পুনৰ আকৌ সুস্থ এখন  সমাজ সংৰচনাৰ ক্ষেত্ৰত সৰ্বোদয়ৰ ধাৰণাটোক অৱলম্বন কৰাটো আৱশ্যকীয় হৈ পৰিছে৷ দেশৰ ঐক্য আৰু সংহতি অটুট ৰাখিবলৈ গান্ধীজীৰ সৰ্বোদয়ৰ ধাৰণাৰ যথেষ্ট অৱদান আছে৷ ইয়াৰ সফলতাৰ বাবে আদৰ্শবোৰক বাস্তৱত সৰ্ববিকাশৰ বাবে কাৰ্যক্ষম কৰাটো অৱশ্য়েই প্ৰয়োজনীয়৷ বৰ্তমান প্ৰায়বোৰ চহৰৰ আলিয়ে-পদূলিয়ে সুচিকিৎসাৰ বাবে গঢ়ি তোলা হৈছে উন্নত মানৰ সঁজুলিৰে সজোৱা চিকিৎসালয়সমুহ৷ কিন্তু গ্ৰাম্য স্বৰাজৰ সপোন দেখা  গান্ধীজীৰ ভাৰতবৰ্ষত বৰ্তমানে গ্ৰাম্যখণ্ডত  চিকিৎসা আৰু চিকিৎসালয়ৰ অভাৱ দুখ লগা ধৰণৰ৷ বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশৰ লাভালাভ ভাৰতবৰ্ষৰ একাংশ লোকেহে ভালকৈ ভোগ কৰি গৈছে আৰু অৱহেলিত শ্ৰেণীয়ে অভাৱ-অভিযোগৰ মাজেদিয়ে জীৱন অতিবাহিত কৰি সদায় পিছ পৰিয়েই ৰৈ গৈছে৷ গান্ধীজীয়ে কুটীৰ শিল্পৰ দ্বাৰা গ্ৰাম্য স্বৰাজৰ পোষকতা কৰিছিল৷ সময়ৰ পৰিৱৰ্তনৰ লগত আমি  নতুন প্ৰযুক্তিক আদৰিও ল’ব লাগিব আৰু লগতে পৰম্পৰাগত শিল্পসমুহকো ধৰি ৰাখিব লাগিব৷ থলুৱা শিল্পই পৰিৰ্ৱতিত সময়ত ব্যৱসায়ৰ লাভ দেখিবলৈ অক্ষম হৈছে৷ মানুহৰ কৰ্মপ্ৰৱণতাও হ্ৰাস পাবলৈ লৈছে৷

   ২ অক্টোবৰ, গান্ধীজীৰ জন্মজয়ন্তী উদযাপনৰ সময়ত বিশিষ্ট সমাজৰ ব্যক্তিসকলে দিয়া বহুমূলীয়া ভাষণসমুহ হৃদয়গ্ৰাহী যেন নহয়, তেনে অনুভৱ হয়৷ গান্ধীজীৰ কৰ্মৰাজীৰ বিৱৰণহে কেৱল ভাষাৰ মাধ্যমত, বাস্তৱত কাৰ্যকৰী হ’বগৈ নে সেয়াহে চিন্তনীয়৷ গ্ৰাম্য বিকাশৰ বাবে বিশেষ পদক্ষেপসমুহ কাৰ্যকৰী হ’ল জানো৷ বৰ্তমান শ্ৰেষ্ঠত্বৰ উৰ্ধ্বত সৰ্বশ্ৰেষ্ঠ মানৱ জীৱই নিজৰ স্বাৰ্থ সিদ্ধিৰ পিছতহে দৌৰা যেন অনুভৱ হয়৷ মহাত্মা গান্ধীৰ জীৱন আদৰ্শক নিজে আঁকোৱালি ল’ব পাৰিছো জানো? নিজৰ মনত অপৱিত্ৰাৰ সহবাস যিমান দিনলৈ থাকিব গান্ধীজীৰ সপোনৰ ৰামৰাজ্য, গ্ৰাম্যৰাজ্যখন হয়তো কেতিয়াও প্ৰতিষ্ঠিত নহ’ব৷ অন্তৰ শুদ্ধিৰ প্ৰয়োজন আহি পৰিছে সমাজত, কেৱল নিজৰ নহয় আনৰো সমবিকাশৰ বাবে চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে৷ নহলে যেন গান্ধীজীৰ ভাৰতবৰ্ষখন অৰাজকতাৰ, বৰ্বৰতাৰ, শোষণৰ  মলিনতাৰে ভৰি পৰিব।

ঠিকনা :

গুৱাহাটী

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close