Written by 3:28 am Poems

গান্ধাৰী

দাদুল ভূঞা

চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো

ইমানো সহজ নাছিল

তিনি জ্ঞানী বান্দৰে কৈছিল—

‘বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা’

আমি সেই বাটেৰেই খোজকাঢ়ি গৈছিলোঁ

পৰিৱৰ্তনৰ দুনিয়াত সলনি হৈছিল কথাবোৰ

এতিয়া চকুৰে দেখা, কাণেৰে শুনা কথাবোৰ

মন গ’লেও মুকলিকৈ ক’বলৈ— মুখ বন্ধ, চকু অন্ধ

শীলভদ্ৰৰ ‘ভয়’ৰ নায়কৰ দৰেই

ওলাওঁতে-সোমাওঁতে আমিও কঢ়িয়াই ফুৰোঁ

প্ৰাত্যাহিক ভয়

প্ৰিয় পাঠক—

ধৰ্মৰাষ্ট্ৰৰ নাগৰিকৰ বাবে

ইয়াতকৈ আৰু ভয়াৱহ কি হ’ব পাৰে ?

চকু থাকিও গান্ধাৰী হোৱাতো ইমানো সহজ নহয়

যদিও,

সময়েচোন তাকেই কয়

**

ঠিকনা :

মাগনি, গহপুৰ, বিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ – ৮৬৩৮৭১১৯৭৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close