Written by 7:51 am Poems

গতিসূত্ৰ


চয়নিকা ভূঞা
 

মৌনম্ সন্মতি লক্ষণম্

একোৱেই প্ৰয়োজনবোধ নাছিল

কথাখিনি বহলাই বহিবলৈ

নিউটনৰ গতিসূত্ৰত আৱদ্ধ

এটি পুৰণি সপোন 

অৱলম্বনৰ উচ্চ স্তৰত

এমুঠি ভালপোৱা

পি থোৱা প্ৰেমেই যথেষ্ট 

দুটি আত্মাৰ বাবে 

গণিকালয়ত ক্ষুধাতুৰ আত্মাৰ পিয়াহ

ইফালে 

সেলেঙি বোৱাই কথাবোৰ চক্ৰবেহুত 

একেই দুভৰি

একেই কথোপকথন 

ৰাইজে নখ জোকাৰিলে নৈ বয়

অসম্ভৱৰ স্থান ক’ত  

গতিবেগত জীৱন

সৌৰশক্তিত জীৱন

আৰু 

জী থকাৰ ন ন কৌশল  ।।

          —

ফোন : ৯৭০৬৭ ৩৭০৭৭  

Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close