ইছমাইল হোছেইন
প্ৰতিজন মানুহেই গছৰ দৰে জীয়াই থাকিব খোজে,
গছ হ’ব নোৱাৰে;
প্ৰতিজন মানুহেই গছৰ দৰে সেউজীয়া হ’ব খোজে,
সেউজীয়া হ’ব নোৱাৰে; গছ হ’ব
নোৱৰাৰ দুঃখত মৃত্যুৱে গচকে চোতাল৷
ধৰ্মীয় বিশ্বাসত আতুৰ মানুহবোৰে ভাবে—
সৃষ্টিকৰ্তাৰ ইচ্ছাত জীয়াই থাকে প্ৰাণী আৰু উদ্ভিদ জগত;
ভাবনাৰ সৃষ্টিকৰ্তাজনেই কাৰোবাৰ বাবে ভগৱান,
কাৰোবাৰ বাবে আল্লাহ আৰু কাৰোবাৰ বাবে গড্৷
গছৰ দৰে সেউজীয়া হ’ব পৰা হ’লে
মৃত্যুঞ্জয়ী হ’লহেঁতেন মানুহবোৰ;
কাৰণ, প্ৰতিডাল গছেই জীৱনদায়িনী মন্দিৰ,
য’ত বিশ্বাসৰ ভগৱান থাকে;
প্ৰতিডাল গছেই জীৱনৰ সুৰক্ষক মছজিদ,
য’ত বিশ্বাসৰ আল্লাই আশ্ৰয় লয়;
প্ৰতিডাল গছেই জীৱনৰ প্ৰশান্তিস্থল গীৰ্জা,
য’ত বিশ্বাসৰ গডে বিশ্ৰাম লয়৷
গছে গীত গায়, কথা পাতে সূৰ্যৰ স’তে— আপুনি নুশুনে;
গছে নৃত্য কৰে, খোজকাঢ়ে বতাহৰ স’তে— আপুনি নেদেখে;
কাৰণ, আপুনি গছৰ সৈতে কোনোকালেই কথা নপতা মানুহ৷
গছৰ সৈতে কথা পাতিব জানিলে
গছ হ’ব পাৰে আপোনাৰ একান্ত বিশ্বস্ত;
তেতিয়া গছে গুপুত কথাৰে জিনিব পাৰে আপোনাৰ হৃদয়,
নানাসুৰী গীতেৰে উজলাই তুলিব পাৰে আপোনাৰ মনৰ দিগন্ত৷
শংকৰদেৱে শুনিছিল গছৰ গীত, গছৰ ভাষা,
সেইবাবেই তেওঁ ক’ব পাৰিছিল— এক বৃক্ষ দশ পুত্ৰসম;
তেতিয়াৰে পৰাই তেওঁৰ বুকুৰ পথাৰে পথাৰে শিপাইছিল
কথা কোৱা গছৰ নানাৰঙী শিপা৷
গছৰ স’তে প্ৰেম কৰিব জানিলে
অপোনাৰ বুকুতো শিপাব পাৰে শিপা;
আপুনিও গছৰ দৰে সেউজীয়া হৈ উঠিব পাৰে,
ঠিকনা হ’ব পাৰে চৰাই-চিৰিকটিৰ
অশ্ৰয় হ’ব পাৰে ভাগৰুৱা পথিকৰ;
ফুল হৈ ফুলিব পাৰে, ফল হৈ পকিব পাৰে,
অম্লজান বিলাব পাৰে মানুহৰ হৃদয়ত৷
গছ আৰু প্ৰকৃতিক জীয়াই ৰাখিব জানিলে
গছেও মানুহক জীয়াই ৰাখিব অনন্তকাল;
গছ হ’ব পাৰে ভগৱানৰ বিকল্প, গছ হ’ব পাৰে আল্লা,
গছ হ’ব পাৰে গডৰ অন্য নাম৷
গছক ভাল পালেও গছৰ দৰে হোৱাটো বৰ টান কাম,
গছে শুনাই থাকে কল্যাণ খৰমান ৰাগ;
বুকু পাতি ল’ব লাগে কুঠাৰৰ অনেক দাগ৷
ঠিকনা :
জ্যেষ্ঠ প্ৰবক্তা, পাৱেট,
যোৰহাট— ১
ভ্ৰাম্যভাষ— ৭০০২১০৪৭
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা