অৰ্চনা পূজাৰী
বতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেক
খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে—-
ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন বদনামী হৈ গ’লি
সুদূৰৰ পৰা বৈ আনিছিলোঁ
এছাটি শীতল বাও
উশাহ ল’ব নোৱৰা ঘৰবোৰত
ছটিয়াওঁ বুলি
পুৱালৈকে তই অৰ্গল বন্ধ ৰাখি
ভৰদুপৰলৈকে
ফস্তিজুৰি শুই থাকিলি
খিৰিকী নিমাত
কিদৰে কয়
তাৰকাখচিত এখন আকাশ
ওৰেৰাতি নিচুকাইছিল সি
তাকো তাৰ গৰাকীৰ ইচ্ছাত
বোৱাৰী পুৱাতে বাহী চোতাল সাৰিবলৈ আহি ঘৰৰ গৰাকিনীয়ে
ঠেলা মাৰি জপাই দিলে
খিৰিকীৰ পাট
খিৰিকীৰ নিজা বুলিবলৈ
আছেনো কি
খিৰিকী খোল খায়
খিৰিকী বন্ধ হয়
আনৰ ইচাৰাত ৷৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025