ভাস্কৰ জে নাথ
নাকটো আঁতৰাই থলোঁ
হাত দুখনো
চকু দুটা খোলা ৰাখিলোঁ
এয়া কি দেখি আছোঁ
বিভৎস
বিশৃংখল
তোমাৰ চকুত জোনাক গলা ৰাতি
এৰা! এতিয়া প্ৰেমৰ কবিতা থাওক
হাত দুখন আঁতৰাই ৰখাৰ দৰে
নাকটোৰ দৰে
মই মোৰ মুখখন আঁতৰাব নোৱাৰোঁ
ক’ৰবাত জুই জ্বলিছে
এই খবৰটো কোনেও কাকো দিয়া নাই
নে লোৱা নাই!
(ক’ৰবাতহে!)
এই ঘড়ী এতিয়া বিকল
কাৰো খবৰ ল’ব নোৱাৰি!
হৈ থকা দূৰ্ঘটনাবোৰহো ক’ৰবাতহে
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025