Written by 3:24 am Poems

ক্ষমতা

মূল: অটল বিহাৰী বাজপেয়

অনুবাদ: পৰিমালা কোঁৱৰ 

অবোধ শিশু,

বৃদ্ধা মহিলা,

ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি

যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে

তেওঁৰ বাবে মোৰ এটি প্ৰশ্ন আছে…

মৃতজনৰ সতে তেওঁৰ কোনো সম্পৰ্ক নাছিল নে?

একেই ধৰ্ম নাছিল নে,

পৃথিৱীৰ লগতো একো সম্বন্ধ নাছিল নে?

পৃথিৱী আমাৰ আই আৰু আমি তেওঁৰ পুত্ৰ

অথৰ্ৱবেদৰ এই মন্ত্ৰ মাথোঁ জপ কৰিবৰ বাবে নেকি

জীয়াই থাকিবৰ বাবে নহয় নেকি?

জুইত জ্বলা শিশু,

লালসাৰ চিকাৰ হোৱা নাৰী,

পুৰি ছাই হোৱা ঘৰ

ই সভ্যতাৰ  প্ৰমাণ পত্ৰ নহয়,

দেশপ্ৰেমৰ পদকো নহয়,

তাত যদি তেওঁৰ পশুত্ব প্ৰকাশ পায়

যদি প্ৰকাশ হয় পতিতৱস্থাৰ

এনেকুৱা কাপুৰুষ সন্তান থকাতকৈ

আই নিঃসন্তান হোৱাই ভাল ।

নিস্পাপ তেজৰ উজ্জ্বল ৰাজ সিংহাসন

শ্মশানৰ ধূলি পৰি থাকে,

ক্ষমতাৰ বাবে অনিয়ন্ত্ৰিত ক্ষুধা 

এটা ৰক্ত পিপাসুতকৈও অধম।

পাঁচ হাজাৰ বছৰৰ সংস্কৃতি…

গৰ্ব কৰিম নে কান্দিম ?

আমাৰ  স্বাধীনতা যাতে স্বাৰ্থপৰতাৰ  দৌৰত পুনৰ  নেহেৰায় ।

ঠিকনা :

পৰিমালা কোঁৱৰ

ৰূপনগৰ,  দূৰদৰ্ৰশন কেন্দ্ৰৰ সমীপত

ডাক – চি. আৰ. বিল্ডিং 

ডিব্ৰুগড় –৩

ই-মেইল  – konwarporimala@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close