Written by 10:48 am Poems

কেঁকুৰি

অৰ্চনা ঠাকুৰীয়া

মানুহৰ তেজৰ ৰং কেনে ?

বিহুৱানখনৰ ফুলৰ ৰং যেনে

হাঁহিয়ে পোহৰাই নে চাকিয়ে পোহৰাই

আমাৰ সময়?

উত্তৰটো মোক এতিয়াই লাগে

মই

মাটি-আখৰা কৰিম

আৰু নিপুণ কলাকাৰৰ দৰে

চালিনাচ নাচিম

চাওঁচোন কাৰ এনে সত

যিয়ে ক’ব চাকিৰ পোহৰহে বেছি মহৎ!

মোৰ মুখ চিকচিকিয়া

একেবাৰে গ্লাছৰ দৰে

তেওঁৰ মুখত সৰু সৰু মাহৰ ক’লাজ্

খং উঠে মাহৰ

ৰূপৰ লগত মতলব ৰাখিলে কথা বেয়া হব কিন্তু!

পিছে পুতৌ লগাকৈ হাৰি যায়

গ্লাছৰ ওচৰত মাহ

তেজে ছল চাই প্ৰতিবাদ কৰে

গামোচাই মৌনতাৰে

প্ৰতিবাদী ৰাউচি

আৰু বিবেকশীল মৌনতাই

তাণ্ডৱ আৰু লাস্যৰে

‘কপোটাক্ষ নদ’ত আহুতি দিয়ে

দুয়োৰে দুৰ্ভাবনাক…

পুনঃশ্চ :

সকলো ভাগ্যহীন, বিবেকহীন আৰু এলেহুৱা মিলি

হেৰাই যায়

সমাজৰ এক জটিল কেঁকুৰিত

(‘কপোটাক্ষ নদ’ মাইকেল মধুসুদন দত্তৰ এটি দেশপ্ৰেমমূলক কবিতাৰ শিৰোনাম।)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close