Written by 9:13 pm Articles

কৃত্ৰিমৰ নতুন পৰ্ব

 চন্দন গোস্বামী 

বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ বহি আছে  মাজেদি যাবলৈ যত্ন কৰোঁতে তিনিওটাই হোৱা দিবলৈ ধৰে  উদ্দেশ্য কওঁতে থৰ হয়  সকলো দায়িত্ব  সিহঁতকে দিওঁ  আৰু মোক  সিহঁতে   ঘৰলৈ বিদায় দিয়ে শিয়াল কেওতাই  বজাৰ মূল্য পাঙিবলৈ ধৰে জানি-বুজি ডাঙৰ বেনাৰ এখন আৰি চহৰৰ বিখ্যাত বান্দৰ দুটাক ৰখীয়া কৰে 

তেনেই নাওমান মাটিখিনিকে চহাই মৈয়াই  জলকীয়া বেঙেনা কৰোঁ বুধবৰীয়া হাটলৈ লৈ যাওঁ তাৰে তেল নিমখ কিনো অকণ ৰাহি টকাৰে গাৰ বিষ গাটে মাৰিবলৈ আপং পিওঁ  সময় গৈ থাকে মানুহজনীৰ খেচখেচনিবোৰ বাঢ়ি আহে চৰ্বিক লৈ 

পেলনীয়াখিনি গাতে ওলমি   শত্ৰু হয় কোনো  নীতিৰো কাম নিদিয়াৰ সময়  হাটত ডাঙৰ ডাঙৰ জলকীয়া বেঙেনাৰ লগত মোৰকেইটাই ফেৰ মাৰিব নোৱৰে বিক্ৰী নহৈ বজাৰ ঘৰ ঘৰ বজাৰ কৰিয়েই কটাওঁ  

এন্ধাৰত ডিঙিলৈকে ঘৰটো ডুবিবলৈ ধৰিছে উশাহ নিশাহ বিচাৰি বাটে বাট দিয়ে বাটৰ ই সাময়িক  যত জীৱ তত শিৱ 

এনেদৰেই আংবাং শব্দ  মলঙিবলৈ লওঁতেই কবিতাৰ  কৃত্ৰিম অৰ্থৰ নতুন পৰ্ব কি হ‘ব 

আকৌ তিনিটা ফৰিঙে শইচত সেউজৰ বাৰংবাৰতা জাপ দিয়ে আনৰ জীৱনত কি ঘটে তাকে অনুবাদ কৰি সমালোচনাৰ  এছোৱা পাতনি লিখে

ঠিকনা :

চন্দন গোস্বামী

ৰহা ৰজাগাঁও

ৰহা, নগাঁও (অসম)

পিন : ৭৮২১০৩

ভ্ৰাম্যভাষ : ৯৮৫৪৭৯০১৬৭

chandangoswami1976@gmail.com

Visited 4 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close