Written by 11:09 am Poems

কুকুৰ প্ৰেমিক

গজেন মিলি

ডিঙিত ৰছী বান্ধি এৰাল দি

কুকুৰ ভাল পোৱা

প্ৰেমিক বহু দেখিছোঁ

সেই কামটো কৰিবলৈ অলপ ধনী হ’ব লাগে

এই পৰিচয় চৌখিনতাৰ

নিজে গঢ়ি লোৱা আচৰণ

এদিন শিক্ষিত জ্যেষ্ঠ লোক এজনে মৃত্যু সাবটি লৈছিল

আমাৰ চকুৰ আগত

নিজেই আলাসত তুলি-তালি ডাঙৰ কৰা

পোৱালি কুকুৰটোৱে মানুহজনক কামুৰিছিল

সাবটি ল’লে মালিকে অপমৃত্যু

সেই তেতিয়াৰ পৰাই বেয়া পোৱা হ’লোঁ কুকুৰক

ভাল নোপোৱা হ’লোঁ কুকুৰ পোহা মানুহক

আমাৰ বাৰীৰ কাষৰ মানুহ এঘৰে পোহা কুকুৰে বাৰীখনলৈ গ’লে আমনি কৰে ভয়ানক

তেনে ক্ষণত কুকুৰৰ গৰাকীক ভাল পাওঁ কি দৰে

এদিন কুকুৰ বিষয়ক এটা কবিতা লিখি

পঠাইছিলোঁ প্ৰকাশৰ বাবে আলোচনী এখনলৈ

প্ৰকাশ নকৰিলে সম্পাদকে

তেৱোঁ হয়তো প্ৰেমিক আছিল কুকুৰৰ

সেই বাবেই কুকুৰ পোহাগৰাকী

ধুনীয়া নাৰী হ’লেও

তেওঁ মোৰ প্ৰিয় হ’ব নোৱাৰে

তেনে নাৰীৰ প্ৰেমিক হ’ব নোৱাৰোঁ

মোৰ প্ৰিয় বা শুভাকাংক্ষী হ’ব নোৱাৰে কুকুৰ পোহা মানুহ

কুকুৰ দেখাত ধুনীয়া হ’লেও

ই এপাহ ধুনীয়া ফুল হ’ব নোৱাৰে

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close