অৰ্চনা পূজাৰী
বিধাতা বোলাজন কোন
কপালত কি লিখে তেওঁ
নানা মুনিৰ নানা মত
পতিয়ন যায় কিদৰে
কপাল চপৰিওৱাজনক দেখি
এবাৰ ভাবোঁ কপালখনকে খান্দি চাওঁ নেকি
আঁকুহি-বাকুহি ভিতৰখনকে মেলি চাওঁ
কি লিখে কেনেকৈ লিখে সেইজনে
কথাবোৰ লিপ্যন্তৰ কৰিব পাৰিনে
বেলি উঠা কপাল এখনত
যেতিয়া কুলাই-পাচিয়ে নধৰা দুখ দেখোঁ
মনৰ মাজত হাজাৰ প্ৰশ্নৰ ভিৰ
বণিজ বেহোৱাজনে কপাল ফুলাৰ
ৰমৰমীয়া ব্যৱসায় কৰি কোৰোণাৰে চপাই আনে কপালবোৰ
ফুটা কপাল বোলাজনে
ফুটগধুলিৰ পৰাই দেও পাৰি মৰে
গধুলিৰ পৰা ৰাতিলৈ আগবাঢ়ি গৈ গৈ আন্ধাৰৰ উচ্চতা বাঢ়ে
শিলৰ কপালেৰে যেতিয়া পানী বয়
শিলতে মূৰ আফালে সিহঁতবোৰে ৷৷
Visited 6 times, 1 visit(s) today
Last modified: May 2, 2025