Written by 8:46 am Poems

কিতাপ

ৰুদ্ৰসিংহ মটক

[উৎসৰ্গ  :  কথাশিল্পী হোমেন বৰগোহাঞি]

কিতাপ আপুনি পঢ়ে

ময়ো পঢ়ো নিয়মীয়াকৈ

কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ

অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা

হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি

কিতাপ পঢ়ি জগতসভালে যাব পাৰি

কাৰণ কিতাপৰ পাতে পাতে নক্ষত্রৰ আলাপ

কিতাপৰ সোণালী পাততে উন্মোচিত জোন বেলি আৰু

তৰা

উজলি উঠে সংস্কৃতি আৰু সভ্যতাৰ যুগমীয়া তোৰণ

মই গোগ্রাসে গিলোঁ ইখনৰ পিছত সিখন কিতাপ

গঙ্গাটোপৰ মুখ মেলি আপুনিও গিলে পৃষ্ঠাৰ পিছত পৃষ্ঠা

পিছে ভালকৈ নোচোবাওঁ বাবে অৰ্থ-অনৰ্থ বুজি নাপাওঁ

বদহজম হয় মোৰ; চকুৰ নীলাত বাঘ-মকৰাই বাহ বান্ধে

দুদিনতে

কিতাপৰ সাৰভাগ হজম কৰিব নোৱাৰিলে কিতাপ পঢ়া-নপঢ়া

সকলো মিছা; জীৱন হেনো অথলে যায়

হয়, মইচোন আজিও কিতাপৰ প্ৰেমত পৰিব নাজানিলোঁ

আপুনি কিতাপৰ প্ৰেমিক হ’ব নোৱাৰিলে কোনো দিন

কি আচৰিত ! উঁইবোৰহে

আজি কিতাপৰ প্ৰেমিক !

কিতাপ আপুনি পঢ়ে, ময়ো পঢ়ো; পিছে কিতাপবোৰ কুটি কুটি

গিলি নেপেলাওঁ –

শব্দ আৰু সভ্যতাৰ সাতশতৰু অহঙ্কাৰী উঁইপোকবোৰৰ দৰে

                   ০০০

ঠিকনা

লাৰিকা   গ্ৰীনভেলী,

আজাৰা, গুৱাহাটী,

পিন-৭৮১০১৭,

ভ্ৰাম্যভাষ –৭০০২৩০৩৮৮২

Visited 5 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close