Written by 4:40 am Poems

কিচকিচিয়া ক’লা পোহৰৰ ঘৰ

কবি  : হান কাং (দক্ষিণ কোৰিয়া, সাহিত্যৰ ন’বেল বটা ২০২৪ চন)

অনুবাদ : ড° ৰঞ্জিত দত্ত

 সিদিনা উই-ডঙত

এজাক শিলাবৃষ্টি হৈছিল আৰু 

মোৰ চকুৰ পৰা বাগৰি পৰা  

প্ৰতিটোপাল চকুলোতে শিয়ৰি উঠিছিল 

মোৰ আত্মাৰ লগৰীয়া মোৰ দেহটো।

আগুৱাই যোৱাঁ তুমি তোমাৰ বাটেৰে।

তুমি  বাৰু সংকোচ কৰিছা নেকি?

এনেদৰে যে  উৰি ফুৰিছা

কিনো সপোন দেখিছা তুমি?

দুমহলীয়া ঘৰটো উজলি আছে 

এপাহ ফুলৰ দৰে আৰু

তাৰ তলতে মই ছটফটাই আছোঁ 

এক গভীৰ যন্ত্ৰণাত,

অৱশ্যে সেইফালে চুকটোৰ

আনন্দই বিৰাজ কৰা ঠাইডোখৰত 

এতিয়াও হাতৰ পৰশ পৰা নাই,

মূৰ্খৰ দৰে হাত এখন আগবঢ়াই দিলোঁ

আগুৱাই যোৱাঁ তুমি তোমাৰ বাটেৰে।

কিনো সপোন দেখি আছা ?

আগুৱাই গৈ থাকাঁ।

সোঁৱৰণিৰ কুঁৱলি থূপ খাই থকা

পথটোৰ লাইটৰ খুঁটাটোৰ দিশে 

আগুৱাই গলোঁ

দেখিলোঁ ছাঁ-পোহৰৰ মাজত 

কিচকিচিয়া ক’লা ৰঙৰ এটি ঘৰ,

আলকতৰাৰ দৰে ক’লা ৰঙৰ

এটা পোহৰৰ ঘৰ।

আকাশখন আছিল ক’লা আৰু 

সেই আন্ধাৰৰ মাজতে

পোহনীয়া চৰাইবোৰে উৰি গৈছিল

সিঁহতৰ দেহৰ ভৰ দেখুৱাই।

সেইদৰে উৰিবলৈ মই বাৰু 

কিমান বাৰ মৰিব লাগিব?

কোনোৱেই ধৰি নাৰাখে মোৰ হাতখন।

কোনটোনো সপোন ইমান মৰমলগা? 

কোনবোৰ স্মৃতি বাৰু

ইমান সুন্দৰকৈ উজলি উঠে?

মোৰ মাৰ আঙুলিৰ মূৰটোৰ দৰেই

মোৰ বিচ্ছিন্ন চেলাউৰিৰ মাজেৰে 

আঘাত কৰিছে শিলবোৰে

মোৰ কঠিন গালদুখনৰ

সেই একেই স্থানত বাৰে বাৰে।

খৰধৰ কৰাঁ আৰু আগুৱাই যোৱাঁ তোমাৰ বাটেৰে।

Visited 4 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close