Written by 5:36 am Poems

কালি ৰাতি মৰাৰ দৰে

ভাস্কৰ জে নাথ


কাষ চাপি কাষ চাপি এয়া ক’লা
টোপনিৰ পৰা সাৰ পাই নেদেখা
কালি ৰাতি একেলগে পাৰ কৰা মাখি এটা

কালি ৰাতি মই মৰিছিলোঁ
ৰংবোৰে ৰখিছিল মোৰ নিঠৰ দেহ আৰু মাখিটোৱে গাইছিল গান “ I just died in your arms”

কালি উপজিছিল
কিলাকুটিৰ ভেঁজাত আঁঠুৰ চকুপানী
আৰু ফুটছাই বৰণীয়া আকাশ এখন

ভবাই নাছিলোঁ
নিঃসংগতাৰো থাকে নিজাকৈ অলপ ৰং
মন গলেই আঁকিব পাৰি নিজৰ এখন নদী
আৰু তৰি দিব পাৰি জোনৰ নাও এখন

এইকণ সময়তেই
মনত পেলাব পাৰি তোমাৰ মুখখনি
অথবা লিখিব পাৰি ধুনীয়া কবিতা এটা
অথবা মোৰ কোঠাৰ দেৱালবোৰত
আঁকিব পাৰি ৰাতিৰ এন্ধাৰ

কালি ৰাতি মৰাৰ দৰে
আজিও মই মৰিম নেকি!

কেৱল নিৰ্মাণৰ খাতিৰত কিয়নো পাহৰোঁ মাখিটোৰ কথা !

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 16, 2025
Close Search Window
Close