Written by 5:19 am Poems

ক’লা মাছ

মদাৰজ্যোতি

কোনোবাই শ’ল-শালৰ কথা ক’ব

মোৰ পিছে প্ৰিয়

শেলুৱৈ পানীৰ চেঙাহে

সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো

এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা

আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে

জাল, পল, জাকৈৰ লগতে

দৰিকণা ধৰা চালনী এখনৰে

ময়ো পালোঁগৈ বিলৰ পাৰ…

পলধাৰী ৰাইজৰ প্ৰলয়ত

তল-ওপৰ তল-ওপৰ পানী

যেন সাগৰৰ ঢৌ

ভয় ভয় ভাবৰ মাজতেই মোৰ চালনিতো ক’লা মাছৰ জাক

(আকাৰৰ কথা দোহৰা নাই)…

উঃ এনেকুৱা সপোনে খেদিলেই ভয় খাওঁ

ক’লা মাছৰ পুৱতি সপোন

একৰ পৰা তিনিদিনে ফলিয়াবই এথোন

কি হ’ব

কি হ’ব

অচিন বেমাৰে বাহ ল’ব

কি হ’ব

কি হ’ব

দুৰ্ভাবনাই অঘটন মাতিব

সাক থুই

সা… ক থুই

সা… আ… ক থুই

তথাপি এগছি জ্বলাব লাগিব নামঘৰত

কল-কাৰখানাৰ ধোঁৱাতকৈও ক’লা

সময়

ক’লা মাছৰ বাকলিতকৈও আন্ধাৰ এই জগত

ক’লীয়াপানীৰ যাতনাতকৈও ক’লা মহানাগৰিক ভীতি

মই তুলসীক ক’ম

অ’ নহয়, ক’ম তিনিৰ সাক্ষাতত…

যে একে ধৰণৰ সপোন প্ৰায়ে দেখোঁ

কেতিয়াবা কিনো

কেতিয়াবা ধৰোঁ ক’লা মাছ

আৰু আধুনিক জীৱনত সৰহখিনিৰ দৰেই

ময়ো মৰোঁ প্ৰতিদিনে

স্বপ্নিল দূৰ্ভাৱনাত

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close