Written by 5:19 am Poems

কবিতা

 জয়ন্ত দত্ত

নিউজ চ্ছেনেলবোৰৰ দৰে

খবৰ কাকতবোৰৰ দৰে

ল’ৰাটো একে ফুটতে উঠিল

তুলিকাত তেজ আৰু জুইৰ ৰং সানি ৰৈ থাকে

শ্ৰদ্ধাঞ্জলিত শোভা বঢ়াবলৈ বাট চাই থকা ফুলবোৰৰ দৰে

বিনামূলীয়া চাউলত নিগনিৰ গোন্ধ মিহলি হৈ আহিল

খদমদম গাঁৱৰ এফাল

“দে’তা দে’তা. এই গোন্ধাটোক কি ৰঙেৰে আঁকো ?”

গোন্ধটোৰ বাৰু কি ৰং ?

উৱাদিহ পোৱা নাই। আমি আকিঞ্চনৰ ওপৰত

“পূৰা পূৰা বতানিৰ ওপৰেদি হিতাধিকাৰীৰ পো

বুকুত জল্‌জল্-পট্‌পট্ বিহমেটেকাৰ নীলা ফুল”

ল’ৰাৰ এখন পুৰণি ছবি

পুৱাবেলা জলপানৰ বাটি লৈ খবৰ পঢ়া অভ্যাস পুৰণি

ছাই হৈ যোৱা ফুল এপাহৰ খবৰত মজি থাকোঁতেই চেনি জোখতকৈ বাঢ়ি যায় 

কছৰৎ কৰি কেল’ৰি কমাওঁ

তাহানিলৈকে আনৰ সৈতে সমান আছিল চোতাল, পদূলি

এদিন আমাৰ হাত দীঘল হ’ল

বৰষুণ নাহিবি চোতালতকৈ দ আমাৰ ভেটি

ঠিকনা :

দ গাঁও নলনি খাত

ডাক:  গৰখীয়া দ’ল

যোৰহাট- ১৫

ফোন :৯৩৬৫৪৫৭৭৫১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close