Written by 9:13 pm Poems

কবিতা

 ধ্ৰুৱাৰ্ক চৌধুৰী

(উৎসৰ্গা : ডঃ হীৰেন গোঁহাই )

প্ৰেম মানেই টেকেলি ভঙা খেল 

প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম 

মই তোমাৰ নে তুমি মোৰ .. 

এইবোৰ একদম বাজে কথা

হৃদয় ভাগে… ভাগিবলৈকেই হৃদয়ে 

প্ৰেমৰ গোলাপেৰে নিজকে সাজে-কাচে

প্ৰেমৰ মুখ লাগে; মণিমুগ্ধৰ… ইতিভেনৰ…

ৰাজপথত যুযুৎসু জাতিৰ আষ্ফালন 

লাঠী চাৰ্জ , কন্দুৱা গেছ, ৰাবাৰ বুলেট…

তাৰ পাছত 

ধোঁৱা উৰে; ৰাঙলী তেজেৰে ৰঙীণ হয়

ৰাজপথৰ আলকাতৰা, কাৰেণ্টৰ খুটা

ৰঙাবোৰ বিপ্লৱ ক’লাবোৰ সন্ত্ৰাস

আকাশত শগুণ উৰে

সীমান্তলৈকে পথ পকী হয়; গাঁৱে গাঁৱে পথ যেনি যায়

আলকাতৰাৰ ক’লা সাপে গাঁওবোৰ এখন এখনকৈ গিলি যায় 

সাম্ৰাজ্যবাদে দোদাৰ ঘটিটোও নেৰে…

সকলোৱে কাষ চাপি আহক

সকলোৱে গোল হৈ আহক

সকলোৱে ঘন হৈ আহক 

বিপ্লৱ মানেই বৃত্ত ভঙাৰ খেল 

দেশ, জাতি পাভতি চাঙৰ মৰম 

প্ৰাণটোও নিদিয়াকৈ কেনেকৈ কৰোঁ দেশপ্ৰেম

দলংবোৰ উৰুৱাই নিদিয়ালৈকে, স্মাৰ্টফোনবোৰ নিষিদ্ধ নকৰালৈকে 

কেনেকৈ পক দিয়ে সশস্ত্ৰ বিপ্লৱে

ব্ৰিটিছৰ দিনলৈ মনত পৰেনে 

ৰে’লপথ আৰু টেলিগ্ৰাফহে আনিছিল প্ৰথমতে 

ছহিদ

প্ৰেমৰ নামতেই হওঁ বা জাতিৰ নামতেই

কথাটোতো একেই ৰূপালীম; এইখন মায়াব’ৰ স্বদেশ

নতুন দিনৰ মণিমুগ্ধ আৰু ইতিভেনে লগ হৈ

লক্ষ্মী ওৰাঙক উলংগ কৰে 

লক্ষ্মী ওৰাঙে ৰাজপথেৰে এতিয়াও প্ৰজাৰ টোপনিত

হিমা দাসৰ দৰে দৌৰে… আৰু দৌৰে… 

মই চকু মেলি মৰোঁ 

সপোন দেখোঁ, জাতিয়ে লাভলীনাৰ দৰে যুঁজে 

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close