Written by 4:08 pm Poems

কথা-সমকাল

মদাৰজ্যোতি

বতাহৰ পকনীয়াই

কি কি উৰুৱাই নিলে

তাকে চালোঁ চৌপাশে

কোমল শয্যাৰ বাবে

ধূনি থোৱা তুলাবোৰ

পৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখি

ক’তো একো নাই

মূষলধাৰ বৰষুণে

তিয়ালে কি কি

বৰকচুৰ পাত নিলগাই চালোঁ

বেঙৰ মাতবোৰ সাবটি

গাত হেৰুওৱা কেঁচু

জিলিৰ মৃতদেহ কঢ়িয়ায় পৰুৱাৰ উছৱ

ৰ’দৰ বাটে পোৱালি মেলিলত

মোৰ ভৰিৰ গচকত ঘৰচিৰিকাৰ নগ্ন মৃতদেহ

তাৰ দুয়ো ঠেং সংকুচিত

বজ্ৰপাতৰ চিন-মোকাম বিচাৰি

আৰু দিলোঁ দুখোজ

নাপালোঁ

চৌপাশৰ সকলো সহজ

বতাহৰ পকনীয়াই উৰুৱাইছে ঘৰৰ মূধচ

অথচ সকলো সহজ

পানীয়ে ভাঙিছে ঘৰ

অথচ সকলো সহজ

মই পথাৰ পালোঁ আৰু দেখিলোঁ…

অলপ আগেয়ে শুই পৰা ঔষধি উদ্ভিদৰ এতিয়া মেৰুদণ্ড পোন

মই চাই থাকিলোঁ

আৰু চাই থাকিয়েই মোৰ নথকা হাত দুখনেৰে

কৰমৰ্দন কৰিলোঁ মোৰ উশাহক

ভ্ৰাম্যভাষ : ৬০০২৫৭৬০৯৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close