পম্পি বৰা বৈশ্য
অ’ ককা অ’ ককা কিনো কৰি আছা
আহাচোন কথা পাতোঁ মোৰ কাষত বহা,
আজি স্কুলত বাইদেৱে কি শিকালে শুনা।
ব’হাগত কুলিয়ে মাতে, জেঠত আহে খৰ
আহাৰ শাওণ মহীয়া কঠীয়া সিঁচাৰ সময়।
ভাদ মাহত নামঘৰত ভকত-বৈষ্ণৱ বহে,
মহাপুৰুষ দুজনাৰ মৃত্যু তিথি পৰে।
আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহু
ঘৰ-পথাৰ সকলোতে আকাশবন্তি জ্বলে।
আঘোণত ধান পকে, পুহত ভঁৰাল ভৰে
মাঘত মেজি জ্বলাই উঠি কণী যুঁজ খেলে।
ফাগুন মানেই ৰঙৰ উৎসৱ বৰ মজা লাগে
পলাশ-মদাৰ ফুল ফুলে সৰাপাতে ভৰে।
চ’তত বছৰ শেষ হৈ নতুনক আদৰি আনে
এনেকৈয়ে বাৰ মাহ বছৰ ব্যাপি থাকে।
অ’ ককা, অ’ ককা কিনো ভাবি আছা
মোৰো যে টোপনি আহিছে বিছনালৈ যাওঁ ব’লা
গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত— ছয় ঋতু আছে
ৰূপহী অসমৰ কথা কৈ থাকিলে শেষেই নহ’ব চাগে।
হেঙেৰাবাৰী গুৱাহাটী
Written by sdblogs2011• November 29, 2020• 10:18 am• Poems
কথা পাতিম আহাঁ (শিশু কবিতা)
Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Recent Comments
No comments to show.