Written by 12:09 pm Poems

কথা দি কথা ৰখা

পংকজ গোবিন্দ মেধি

এনেকুৱা কোনো আছে নেকি

যিয়ে সদায় সৰ্বত্ৰ

কথা দি কথা ৰাখিছে

কথা দি কথা ৰাখিব পাৰিছে

তৎমুহূৰ্ততে হ’ব বুলি কৈ

পাহৰি যোৱাতো ৰোগ নে প্রাকৃতিক বিড়ম্বণা

নে ব্যক্তি সমস্যা

সেয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নে

সাংস্কৃতিক পৰম্পৰা

‘সেই কথা আলোচকৰ বাবে এৰি

আমি যে কথা দি সকলো সময়তে কথা ৰাখিব নোৱাৰো

কিয় নোৱাৰে| সেইটোহে আলোচনা কৰা যুগুত

আমি প্ৰয়োজনতকৈ অধিক কামৰ বোজাওতো কঢ়িওৱা নাই

নে ৰাখিবলগীয়া কথাবোৰ সদায়েই কম গুৰুত্বপূৰ্ণ

যদি সেয়াই হয় আমি কিয় কথা দিওঁ

কাছাবিয়াংকাই কথা দি কথা ৰাখিছিল

জাৰৰ দিনৰ উমাল নিহালিখনে কথা দি কথা ৰাখে

কোনো কাৰণত আমি শীতৰ নিহালিখনতকৈও নিশকতীয়া নেকি

কথা দি কথা ৰাখোঁতে পলম হ’লে আমি মাফ খোজোঁ

সেয়াও কি স্ব-বদান্যতা

কথা দি কথা ৰাখিবলৈ কৰা আওহেলা

আমাৰ কৰ্মতৎপৰতাৰ সূচক মান্যতা হিচাপে বিবেচিত

সেইৰূপে আমি কথা দি কথা ৰাখিব নজনা এটা জাতি

আমাৰ মাজৰ গৰিষ্ঠ সংখ্যকে নিজক সেই ৰূপেই প্রতিষ্ঠা কৰি ভাল পায়

আহক

কথা দি কথা ৰখাৰ সপক্ষে আমি এটা শ্লোগান আওৰাওঁ।।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close