অনসূয়া বৰঠাকুৰ
(১)
পহুৱে বোলে ‘খহু হ’লে
শিহুৰ তেল ঘহোঁ’,
লেহুগাঁৱৰ বিহুত খুৱালে
চাহৰ লগত ফেঁহু।
(২)
দেখিছানে বাৰু কাকু?
ৰাকুদা কিমান ডাকু!
লুকা-ভাকু নেখেলা বাবে
চকুতে মাৰিলে ফাকু।
(৩)
বাহত থকা হাঁহকেইটাৰ
চোৱাঁ, ইমান সাহ!
কাহ হোৱাত মাহৰ লগত
খালে গৰম চাহ।।
(৪)
শহাই বোলে “মহা
তুমি বাহিৰতে বহা,
মাহীজনীও অহা হ’লে
পালোগৈহেঁতেন ৰহা”।
(৫)
বেহালৈ গৈ পেহাই,
ক’লে সেহাই সেহাই,
‘নাটানে আৰু দেহাই,
দিবিনে অলপ ৰেহাই?’
—
ঠিকনা :
জ’ৰথাং, দক্ষিণ ছিকিম
ভ্ৰাম্যভাষ : ৯৪৩৫৫০৮৭৬৫
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 7 times, 1 visit(s) today
Last modified: May 15, 2025