জুবিলী গগৈ
বহু পিছত এৰি থৈ আহিছোঁ মই
শৈশৱৰ বেঙেনাবুলীয়া
আগলৈ আহাX
মোৰ ছাঁ তোমাৰ গাত নপৰক
তোমাৰ পিছে পিছে গৈ থাকোঁতে
ময়ো চাম সমুখলৈ
উভতি চাব পৰাকৈ
আছেনো কি
এঙেৰুৱা আঁউসীত বুৰ গৈ থকা
পিঠাগুৰীয়া এটা পথ
ঢিমিকি শলিতাৰ
জীৰ্ণ বিষাদ
পখিলা খেদিনো
আছিলোঁ ক’ত
বুটলি থাকোঁতে আজাৰ
নেদেখিলোঁ বকুল
যোৱাঁ
আগুৱাই যোৱাঁ
মোৰ ছাঁ
তোমাৰ গাত
নপৰক কেতিয়াও
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025