কিশোৰ মনজিৎ বৰা
গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং
তথাপি তেওঁৰ বাইচিকলৰ পেডেল
ৰৈ নাযায়
জুইত পাখি পুৰি মৰিলেও
চগাই ভয় নকৰে জ্বলিবলৈ
এই চহৰখনত কি লাগিছে
কোনেও কাৰো চকুলৈ নেচায়
পাচলিৰ দৰতকৈ কম জীৱনৰ দাম
পলিথিন পিন্ধা চহৰখনে
মাজে মাজে কচু বেপাৰীজনলৈ ৰৈ থাকে
তেওঁ আহে
আৰু
গধূলি বুকুত উদাস মুখ এখন সামৰি ঘৰলৈ
যায়গৈ
___
ঠিকনা:গড়কাষৰীয়া, মগৰাহাট,কালুগাঁও, শিৱসাগৰ-৭৮৫৬৬৬,ভ্ৰাম্যভাষ : ৯৮৫৪৮৪৮৩৫৯
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025