স্ৰোতস্বিনী তামূলী
মানুহজনীয়ে ঔটেঙাটো ধুই-পখালি টুকুৰা-টুকুৰকৈ কাটি মাছৰ জোলখনত দিবলৈ বুলি সাজু কৰিলে। তাৰ পাছত মাছৰ টুকুৰাকেইটাত নিমখ-হালধি সানিলে, পিয়াজ, নহৰু আৰু আদা বটিলে। আজি ৰাতিপুৱাৰে পৰা কাৰেণ্ট নাই। কাৰেণ্ট অহাৰ আশাত ৰৈ থাকিলে নহ’ব। তেওঁ কামলৈ ভয় কৰাবিধৰ মানুহ নহয়। বজাৰলৈ মিক্সি অহানো কিমান দিন হৈছে! মানুহজনৰ খোৱা-বোৱাত বেছ চখ। বিধে-বিধে বজাৰ কৰি আনে। সেয়ে পুৱাৰ পৰা ৰাতিলৈকে তেওঁ পাকঘৰটোৰ পৰা ওলাবই নোৱাৰে। বনকৰা মানুহ এগৰাকী আছে। ৰন্ধা-বঢ়াৰ বাহিৰে সকলো কামেই কৰে। কিন্তু ইচ্ছা গ’লেও ৰন্ধা-বঢ়াৰ কামটো সেই মানুহজনীৰ হাতত এৰি দিব নোৱাৰি। কাৰণ আঞ্জাত নিমখ অকণমান হেৰফেৰ হ’লেও মানুহজনে হুলস্থূল কৰে। গতিকে তেওঁ নিজেই এই কামটো প্ৰত্যেক দিনাই বৰ সাৱধানে আৰু যত্নৰে কৰি আহিছে।
ইমান সাৱধানতাৰ পাছতো এটা কাহিনীয়ে আহি তেওঁক অথনিৰে পৰা আমনি কৰি আছেহি। কাহিনী চৰাইজনীক তেওঁ হুৰাই দিয়ে – কিন্তু তাই আকৌ ঘূৰি আহে। মানুহজনীৰ খং উঠে। মনতে ভাবে– “আকৌ আহচোন, এইবাৰ তোৰ পাখি ভাঙিম মই। কামৰ সময়ত দিগদাৰি দি থাক নহয়। তোকো মজা দিম মই ৰহ৷”
এইবাৰ কাহিনী চৰাইজনীয়ে মনে-মনে ৰাতি আহি তেওঁৰ খিৰিকীত টুকুৰিয়াই আছে। মানুহজনীৰ এইবাৰ বৰ মৰম লাগে চৰাইজনীলৈ। এনে হেন মৰম লগা চৰাই। কিয়নো খেদি দিব লাগে দেহি! তেওঁ খিৰিকীখন খুলি দিলে আৰু চৰাইজনী লাহেকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিল।
এই কাহিনীটো তেওঁ সৰুতেই শুনিছিল। তেওঁৰ অলপ অলপকৈ মনত পৰিল।
এজন ৰজাৰ দুজনী ৰাণী আছিল। এজনী ৰাণীয়ে এটা ঔটেঙাৰ জন্ম দিছিল। অহ্…মনত পৰিছে। ঔটেঙাটোৰ ভিতৰত এজনী ছোৱালী সোমাই আছিল। তাই দিনৰ দিনটো ঔটেঙাটোৰ ভিতৰতেই সোমাই থাকিছিল আৰু ৰাতি সকলো শোৱাৰ পাছতহে কোনেও গম নোপোৱাকৈ বাহিৰলৈ ওলাই আহিছিল।
হয় ! হয়! তেনেকুৱাই আছিল…
এজাৰ নিজাৰ পৰিছিল…
ডালিম পকি সৰি গৈছিল……
কত কাল যোৱাৰ পাছতহে মানুহে ঔটেঙাৰ ভিতৰৰ ধুনীয়া ছোৱালীজনীক দেখিবলৈ পাইছিল। তাইক কোনেও দেখা পোৱা নাছিল- তাইক জন্ম দিয়া মাকে দেখা নাছিল তাইক, তাইৰ স্বামী কিম্বা আত্মীয়-স্বজন কোনেও দেখা নাছিল তাইক।
ঔটেঙাৰ ভিতৰত সোমাই থকাৰ বাবে পিছত তাই নাম পালে ঔকুঁৱৰী। জন্ম হোৱাৰ পাছত তাইৰ কোনো নাম নাছিল। একে বছৰতে এজনী ৰাণীয়ে এটা ল’ৰা দিলে আৰু আনজনীয়ে জন্ম দিলে এটা ঔটেঙা। ৰাণীক শোকে খুন্দা মাৰি ধৰিছিল। ৰাজপ্ৰসাদৰ বাহিৰে-ভিতৰে কত দিনলৈকে মানুহে ৰাণীয়ে ঔটেঙা এটা জন্ম দিয়াৰ কথাকে আলচ কৰি থাকিছিল – হাঁহিছিল। ৰজাই ঔটেঙা এটা জন্ম হোৱা বুলি দাসীৰ মুখেৰে শুনাৰ পাছৰেপৰা ৰাণীৰ মুখ চাবলৈও এবাৰো নাহিল। ৰজাই ঔটেঙাটোক চুৱাপাতনিলৈ নি পেলাই দিবলৈ আদেশ দিলে। ৰাণীয়ে পিছে হেজাৰ কাকূতি-মিনতি কৰি ৰজাক বাধা দিলে। হেজাৰ হওক নিজৰ পেটৰ পো। ঔটেঙা হ’ল বুলিয়েনো কি সতে পেলাই দিব৷ ৰাণীয়ে ঔটেঙাটোক নি ধুৱাইছিল, আলফুলে কাষতে শুৱাইছিল, নিচুকাইছিল। ৰাতি ঔটেঙাটো কেতিয়াবা বিছনাৰ পৰা বাগৰি মজিয়াত পৰিছিল। ঔটেঙাটো বাগৰি পৰে বুলি তেওঁ ওৰে ৰাতি উজাগৰে কটাইছিল।
মাকে মৰমতে কেতিয়াবা মাতিছিল –
“অ’ মোৰ টেঙাটো। তোৰ মাৰৰ লগত কথা পাতিবলৈ এবাৰো মন নাযায় নে!”
টেঙাটোৱে একো নামাতিছিল। মাথোঁ মাক য’লৈকে যাব বাগৰি বাগৰি টেঙাটোও পিছে পিছে যাব। নাহিবি বুলি ক’লেও নুশুনে।
******
যথা সময়ত মানুহজনীয়ে সাৰ পালে। নিশাৰ কাহিনীটোক জাপি-কুচি ভৰাই জপাৰ ভিতৰত তলা লগাই থৈ দিছে দিনটোলৈ ওলাই আহিব নোৱাৰাকৈ। শুই উঠি চাহ একাপ কৰি তেওঁ খাই ল’লে। বাব্লু আৰু মানুহজন উঠাই নাই এতিয়ালৈকে। লৰালৰিকৈ তেওঁ ভাতৰ যোগাৰ আৰম্ভ কৰিলে। সাত বজালৈকে ৰ’ব আৰু। তাৰ পিছত নিজেই সাৰ নাপালে তেওঁ নিজেই গৈ বাব্লুক জগাই দিব। হোমৱৰ্কৰ পৰ্বটো শেষ কৰি শোৱালৈ বহু পলম হয় তাৰ। সেয়ে পুৱা সাৰ পাওঁতে দেৰিও হয়।
মানুহজন আজি বন্ধুৰ সৈতে কোনোবা পাহাৰীয়া ঠাই এডোখৰলৈ ফুৰিবলৈ যাব। গতিকে তেওঁ আজি দিনত ঘৰত ভাত নাখায়। তেওঁ ঘৰত ভাত নাখায় মানে মানুহজনীৰ আজি দিনটোত বিশেষ কাম নাই। বাবলুক সোনকালে স্কুললৈ পঠিয়াই দি তেওঁ আজৰি হ’ব পাৰিব।
আজি বহুদিনৰ মূৰত দিনটোৰ ভিতৰত তেওঁ নিজৰ বুলি অকণমান সময় পাইছে। তেওঁ সামৰি থোৱা কাহিনীটোক সযতনে জপাৰ ভিতৰৰ পৰা উলিয়াই আনিলে। কাহিনীটো লিখিবলৈ হ’লে কাহিনী চৰাইজনীক মাতিব লাগিব। ক’ত বা আছেগৈ চৰাইজনী! হাতত চাউল এমুঠি লৈ তেওঁ আকাশখনলৈ চাই মাতিলে –
আগলতি ক’লাপাত লৰে কি চলে
কাহিনী চৰাইজনী মোৰ সমুখত পৰে
কি যে আচৰিত কথা ! চৰাইজনী ক’ৰবাৰ পৰা উৰি আহি হাতত থকা চাউলবোৰ এটা-এটাকৈ খাবলৈ লাগিল।
মাকে সূতা কাঁটে, তাঁতত ফুল বাচে, গলত বিবিধ ৰঙৰ মণি পিন্ধে, বাখৰ খটোৱা দুগদুগী পিন্ধে, ধুনীয়াকৈ কলডিলীয়া খোপা বান্ধে, খোপাত ফুল গুজে, গাত গোন্ধতেল সানে আৰু এই সকলোবোৰ ঔ টেঙাৰ ভিতৰৰ পৰাই ছোৱালীজনীয়ে চাই থাকে। এৰা! তাইৰ মাকজনী বৰ ধুনীয়া। মাকৰ ওচৰত সকলো আছে – গা ভৰাই পিন্ধিবলৈ ধুনীয়া ধুনীয়া গহনা আছে, পেৰা ভৰি অজস্ৰ পাট-মুগাৰ ৰিহা মেখেলা আছে। তথাপি মাকৰ মুখখনত কিবা দুখ এটা ছাঁৰ দৰে লাগি থাকে। পিতাকক আজিলৈকে তাই দেখাই নাই। মাথোঁ তাই পিতাকৰ বিষয়ে শুনিছে। তেওঁ এজন মহা প্ৰতাপী মানুহ, তেওঁৰ মতেই এই ৰাজ্যত সকলো হয়, তেওঁৰ মতেই আটাইবোৰ মানুহ চলিব লাগে।
তাইৰ ঔ টেঙাটোৰ পৰা ওলাই যাবলৈ কেতিয়াবা মন নোযোৱা নহয়। কিন্তু তাইৰ টেঙাৰ খোলাটোৰ বাহিৰৰ পৃথিৱীখনলৈ বৰ ভয় হয়। ভয়তে তাই খোলাটোৰ ভিতৰতে সোমাই থাকে। মন গ’লে ৰাতি সকলো শুৱাৰ পিছত হাতত সাৰে ভৰিত সাৰে তাই ওলাই যায় আৰু কোনেও নেদেখাকৈ আহি টেঙাৰ খোলাটোত সোমাই থাকেহি।
হঠাৎ দুৱাৰৰ কলিং বেলটো বাজি উঠিল। বাব্লু পালেহি। স্কুলৰ পৰা বাহিৰে বাহিৰে টিউশ্যন। ঘৰ পোৱালৈ গধূলিয়েই হয়। সি কাপোৰ-কানি সলাই মানে তেওঁ ৰুটী দুখন সেকিলে আৰু গাখীৰ এগিলাচ গৰম কৰি তাৰ পঢ়া টেবুলত থ’লে।
“ইমান ভাগৰ লাগিছে, মা৷”
“ভাত সোনকালে ৰান্ধিম। খাই সোনকালে শুই দিবি। হোমৱৰ্ক ৰাতিপুৱা সোনকালে উঠি কৰিবি। ৰাতিপুৱা সোনকালে উঠি পঢ়িলে বেছিকৈ মনত ৰয়৷”
“কোনে কৈছে তোমাক? এনেয়ে যি মন যায় তাকেই কৈ থাকা আৰু। তুমি যে এনে জানা এইবোৰ কথা৷”
চাহকাপ হাতত লৈ তেওঁ বাৰাণ্ডাতে বহিল। বাব্লুয়ে কোৱা কথাবোৰ সঁচা নেকি! তেওঁ একোৱেই নাজানে নেকি সঁচাকৈয়ে! তেওঁ এই কথাটো ক’ৰবাত পাইছিল নে কোনোবাই তেওঁক কৈছিল মনত পেলাবলৈ চেষ্টা কৰিলে। বাব্লু সৰু হৈ থাকোতে পেপাৰে-পত্ৰই শিশুৰ যত্ন আৰু শিশুৰ শিক্ষা সম্পৰ্কীয় লেখা-মেলাবোৰ বৰ মনোযোগেৰে পঢ়িছিল। টি ভি চ্যানেলত বিশেষজ্ঞসকলে কোৱা শিশু সম্পৰ্কে কোৱা কথাবোৰো বৰ হেঁপাহেৰে শুনিছিল আৰু আখৰে-আখৰে প্ৰতিটো কথা পালন কৰিবলৈ চেষ্টা কৰিছিল।
তেওঁ আধা পঢ়া উপন্যাস এখন উলিয়াই ল’লে। উপন্যাসখন পঢ়িবলৈ আৰম্ভ কৰা তিনিমাহ পাৰ হ’ল। অথচ উপন্যাসখনৰ আধাখিনিয়েই পঢ়ি শেষ হোৱা নাই। পঢ়িবলৈ সময় থাকিলেহে হাতত। এই উপন্যাসখন এখন অত্যন্ত বিখ্যাত উপন্যাস বুলি তেওঁ জানে। উপন্যাসখন মানুহজনী বিয়া হৈ অহাৰে পৰা ঘৰখনত দেখিছে আলমাৰীত সজাই থোৱা। মানুহজন ঘৰত নথকা সময়খিনিতেই তেওঁ পঢ়া-শুনা কৰে। আনকি বাব্লুয়ে দেখাকৈ পঢ়া-শুনা কৰিবলৈও আজিকালি তেওঁৰ সংকোচ ওপজে। বিয়াৰ পিছৰ কিছুদিনলৈকে তেওঁৰ এই সংকোচবোধ নাছিল মনত। তেওঁ মানুহজনে দেখা-শুনাকৈয়ে আলমাৰীৰ পৰা কিতাপ একোখন উলিয়াই আনিছিল পঢ়িবলৈ। মানুহজন অসন্তুষ্ট হৈছিল। লাহে-লাহে এই অসন্তুষ্টি খঙলৈ পৰিৱৰ্তিত হৈছিল। অথচ বিয়াৰ আগতে পঢ়া-শুনা কৰি ভাল পোৱা বুলি জানি সেই মানুহজনেই প্ৰথম লগ পাবলৈ আহোঁতে এখন কিতাপ তেওঁৰ হাতত তুলি দিছিল – ‘প্ৰথম প্ৰতিশ্ৰুতি’ – আশাপূৰ্ণা দেৱী।
ৰাতি বহু দেৰি হ’ল। মানুহজন হয়তো আজি নাহে ঘৰলৈ। ফোন এটা কৰিবলৈও তেওঁৰ মন যোৱা নাই। অলসভাৱে তেওঁ বিচনাখনতে ইকাটি-সিকাটি কৰি পৰি আছে। টোপনি নাহিলে এনেকৈ পৰি থকাৰ সমান অসহ্যকৰ আন কিবা আছেনে চাগে! কাহিনী চৰাই জনী অহা হ’লে! এহহহ্! ভাৱিছিলহে এইমাত্ৰ। উৰি আহি একেবাৰে শিতানতে পৰিল।
ঔ কুঁৱৰী প্ৰাচীন পুখুৰী এটিৰ পাৰতে বহে। জিলিয়ে মাতে, ডাউক চৰাই বোৰে মাতে। বিয়ানামৰ বিষাদ অলপ দূৰৈৰ পৰা বতাহত উজাই আহি থাকে। ঔ কুঁৱৰীক শোকে খুন্দা মাৰি মাৰি ধৰে। তাই পুখুৰীৰ পাৰৰ টেঙেচী ফুলবোৰ চুই চায়, নিলাজী বনবোৰত এফালৰ পৰা ভৰিৰ আঙুলি এটাৰে চুই জঁয় পেলাই যায়। শুক্লা তৃতীয়াৰ জোনটোক পুখুৰীৰ পানীত ওপঙি থকা সৰু নাও এখনৰ দৰে দেখা গৈছে। দিনত এই টেঙেচী ফুলবোৰ, চিকিমিকি বাঁহ পাতবোৰ, পুখুৰীটোৰ পানীবোৰ কেনে দেখায় চাগে! ৰাতি সকলোবোৰ মাথোঁ ক’লা – ঔ কুঁৱৰীয়ে ভাৱে। দিনৰ পোহৰত এইবোৰ চাব পৰা হ’লে!
বিষন্ন মনেৰে ঔ কুঁৱৰী তাই খোলাটোৰ ফালে গৈ থাকে এখোজ দুখোজকৈ। সন্তৰ্পনে তাই খোলাটোৰ ভিতৰলৈ সোমাই যায়…. সোমাই সোমাই গৈ থাকে…গৈয়ে থাকে।
মানুহজনীয়ে দেখে চৰাইজনীয়ে ক’ৰবাৰ পৰা খেৰ-কূটা আনিছে। তাৰ মানে…তাৰ মানে তাই ঘৰ বান্ধিব খুজিছে। মানুহজনীয়ে মনে মনে ভাৱিলে – কণমান চৰাইজনীৰ কাণ্ড দেখিছা। মোৰ অলপমান আস পাই মূৰতে উঠিল। নাই নাই। তাইক বিদায় দিব লাগিব। তাইক যেনে তেনে খেদিব লাগিব। মানুহজন নাই বুলিহে ঘৰত। তেওঁ এইবোৰ দেখিব লাগিলে চৰাইজনীৰ কি যে গতি কৰিব! হায় হায়!
মানুহজনীয়ে লৰালৰিকৈ ঘৰৰ সকলো খিৰিকী জপাই দিলে। কাহিনীটোৰ পিছে কি হ’ব চৰাইজনীৰ অবিহনে? যি হ’ব হ’ব। এই কাহিনী শুনি শেষ কৰিব পাৰি নে লিখি শেষ কৰিব পাৰি! এই কাহিনীৰ অন্ত নাই।
মানুহজনী চোতাললৈ ওলাই আহিল। দিনত এনেকৈ ওলাই অহা সম্ভৱ নহয়। ৰাতিও নহয়। আজি মানুহজন নাই বাবেহে। বাব্লুয়ে যদি আহি দেখে যে তাৰ মাকে মাজনিশা এনেকৈ মুকলি আকাশৰ তলত ৰৈ আছে, কি ভাবিৱ? তেওঁক কিবা সুধিলে তেওঁ কি উত্তৰ দিব। থাকিবনে কিবা উত্তৰ তেওঁৰ ওচৰত? ইমান ধুনীয়া আজিৰ এই আকাশখন – এই আকাশখন কাইলৈ নাথাকিবও পাৰে। এই সাধাৰণ কথাটো তেওঁ বাব্লু অথবা মানুহজনক বুজাই ক’ব নোৱাৰিব। সৰু ছোৱালী এজনীৰ দৰেই তেওঁ ভাৱিলে – এই ৰাতিটো যদি এটা স্বপ্নৰ ৰাতি হ’লহেতেন! অথবা এই ৰাতিটো মিছা হ’লহেতেন নহ’লে বা এই পৃথিৱীখন এই ৰাতিটোৰ বাবে স্থৱিৰ হৈ যোৱা হ’লে! যদি এনে এটা ৰাতি অথবা দিন অহা হ’লে, যিটোত তেওঁৰ কাহিনীবোৰ শুনিবলৈ কোনোবা থাকিব তেওঁৰ কাষত। কথাটো ভাৱি তেওঁ পুৰণি ঘাঁ এডোখৰতহে যেন হেঁচা মাৰি দিলে। ঘাঁডোখৰৰ পৰা ওলাই অহা তেজ আৰু পূঁজেৰে যেন মানুহজনী লুতুৰি-পুতুৰি হৈ পৰিছে।
কিন্তু পিছ মূৰ্হুততে তেওঁ সচেতন হৈ যায় – এনেদৰে তেওঁ ইয়াত ৰৈ থকাটো ঠিক হোৱা নাই। কিন্তু কিয় হোৱা নাই তেওঁ নাজানে। কোনেও নাজানে।
মানুহজনী লাহে-লাহে ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল। লাহেকৈ দুৱাৰখন জপায় শুবলৈ যায়। ক্ৰমশঃ তেওঁ চকুৰে মণিব নোৱাৰাকৈ অস্পষ্ট হৈ গৈ থাকে।
ৰাতি কাহিনী চৰাইজনীয়ে মানুহজনীৰ সপোনত আহি দেখা দিয়ে। চৰাইজনীয়ে ওঁঠত গীত এটি কঢ়িয়াই লৈ আহিছিল –
আইৰে দিনৰে এবোজা শোক
সেই শোকৰ বোজা মইহে পাওঁ
আইৰে দিনৰে একোটি সাধু
সেই সাধুৰ ভাগ মইহে পাওঁ
আইৰে দিনৰে এছাঁতি আন্ধাৰ
সেই আন্ধাৰলৈ ময়ো ভয় কৰোঁ…..
___
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা