Written by 4:11 am Poems

ওমলা-পদ্য

স্বপ্নালী কলিতা

তিলক খুৰাৰ তপা মূৰ,

চাহৰ লগত লাগে গুৰ৷

কনকৰ ককাকৰ নৰীয়া টান,

ৰমেনে পাৰিছে মদাৰৰ পাণ৷

নগেন দদাইৰ ভগা চাইকেল,

ঘেৰেক্ ঘেৰেক্ বজাই ছাইৰেন৷

আহোম বগৰী নিমখ এজেবা

ৰাণীহঁত বহিছে দুপৰ বেলিকা৷

দীপুৰ বৰশীত লাগিছে ৰৌ

সৰিয়হ বটাদি ৰান্ধিবি বৌ৷

গিৰ্ গিৰ্‌কৈ আহিছে আকাশ

ভিতৰ সোমাহঁত  হ’ব সৰ্বনাশ৷

ৰাণীহঁতৰ বিদেশী কুকুৰ জপনা মুখত বান্ধে,

হৰেন ককা চুৰিয়া কোঁচাই ভিৰাই লৰ ধৰে৷

মৌ ভনীটিৰ মুখ বৰপাচি লজেঞ্চ গুটি লাগে,

বৰদেউতাকৰ বৰমোনা দেখি মুখৰ বৰপাচি ভাগে৷

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close