অৰুণ গগৈ
হেঙুলী পুৱাতে উঠি ঊষাই
হাতত লৈছে উঘা,
মাহীদেৱে গোঁসাই ঘৰত
পঢ়িছে নামঘোষা।
বাৰণ্ডাতে বহি বৰমাই
ঘূৰাই আছে যঁতৰ,
বৰদেউতাই খুহুটীয়া কথাৰে
কৰি আছে ৰগৰ ৷
বগলী সূতাৰ মহুৰা ফুৰাই
বৈছে বিহুৱান,
ৰঙা ফুলৰ গামোচাখনি
অসমীয়াৰ স্বাভিমান ৷
—
ঠিকনা :
মৰিয়নি, যোৰহাট
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০
Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025