অৰুণ গগৈ
আমৈৱে জাকৈ বায়
ধৰে কাৱৈটিলা
ততাতৈয়াকৈ তাৱৈ যায়
পিন্ধি কপাহী চোলা ৷
বৰদেউতাই গাত লয়
বগা কপাহী চেলেং
চাইকেল চলাই যায়
মধুপুৰ মেলেং ৷
কণ ল’ৰাই কলকলাই
মাতে মা-দেউতা
মইনাই মুখস্থ কৰে
পূৰণৰ বৰ নেওতা ৷
হিংসা কপট নকৰিবা
পঢ়াত দিবা মন
সকলোৱে আদৰ কৰে
থাকিলে বিদ্যাধন ৷
ঠিকনা:
মৰিয়নী, যোৰহাট
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০
Visited 10 times, 1 visit(s) today
Last modified: May 5, 2025