Written by 2:09 pm Poems

ঐশ্বৰিক সংগীত

মূল : আমেৰিকান ইংৰাজী কবি, ২০২০ চনৰ সাহিত্যৰ ন’বেল পুৰষ্কাৰ প্ৰাপক  

লুইছ গ্লুক (Louise Gluck)-ৰ ইংৰাজী কবিতা Celestial Music 

অনুবাদ : ড° ৰঞ্জিত দত্ত

মোৰ এজন বন্ধু আছে যি এতিয়াও বিশ্বাস কৰে স্বৰ্গক। 

তেওঁ নিৰ্বোধ নহয়,

তথাপি, তেওঁ জনা সকলোখিনিৰে 

বাস্তৱিকতে কথা পাতে ভগৱানৰ সতে।

তেওঁ ভাবে  সৰগত সেয়া নিশ্চয় কোনোবাই  শুনিব।

এই পৃথিৱীত তেৱেঁই মাথোঁ  অস্বাভাৱিকভাৱে পাৰদৰ্শী। 

তেওঁ সাহসীও,

অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হবলৈও সক্ষম।

   (….)

আমি বৰ শান্ত। 

একোকে নকৈ ইয়াত বহি থাকো  মনে মনে,

যেন এক নিগাজী বিন্যাস,

হঠাতে আন্ধাৰ হৈ পৰিল বাটটো,  

বতাহজাক চেঁচা পৰিল,

শিলবোৰ ইফালে  সিফালে

তিৰবিৰাই জিলিকি উঠিল।

এই নিৰৱতাকে ভাল পাওঁ আমি দুয়োজনে।

প্ৰেমৰ এই অৱয়বেই যেন

শেষ পৰিণতি প্ৰেমৰ। 

ভ্ৰাম্যভাষ : ৯৪৩৫৫৯৩৫৪২

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close