Written by 8:45 am Poems

এৰাল

 আকাশ দীপ্ত ঠাকুৰ

কথাবোৰত লেকাম লগাব পাৰিলে ভাল

টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে

মুখ বাগৰা একো একোটা গান

কথাবোৰত এৰাল দিবলৈ টান

জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ

গা-ভাৰী হয় কথাবোৰ

বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি

সময়ে এৰাল দিয়া মনটো

মনৰ ভিতৰৰ হেঁপাহবোৰ

বতাহত ওপঙি ফুৰিব খোজে

সূতা এডালৰ এমূৰে ওপঙি ফুৰা

সময়ে সময়ে খহি পৰা চিলাখনৰ দৰে

উমান পাবলৈ টান–চিলা…নে চিলনি/

মূধচত এসাগৰ নীলা

নীলাবোৰ কজলাও হয় কেতিয়াবা

এৰালছিগা অনুৰাগ উৰিব খোজে কমোৱা তুলা হৈ

আকালো নাই, নাই ভঁৰাল

পিছে তুলাবোৰে নামানে এৰাল

চিনিবই নোৱাৰোঁ–তুলা নে মেঘ

এৰালত মন এৰালত পণ

এৰালত ক্ষণ এৰালত জীৱন

শৰীৰটো সোমাল গৰালত

ভাবনাত উকমুকনি মাথোঁ–গৰাল নে গঁৰল

বছৰটোত এদিন বতাহত ঢপঢপায় স্বাধীনতাই

এৰালৰ এমূৰে স্বাধীনতা

পতাকাই নুবুজে ভোক

নুগুচে দুখ নুনুমায় শোক

চকুত চকু থৈ পোনাকণে সোধে–পতাকা নে বিচনী?

ঔফুলীয়া সপোন, নৈপৰীয়া দাপোণ

আঁহফলীয়া গহৰাগজা আপোন আৰু…

শেলুৱৈগজা এই জীৱন

সমিধান পাবলৈ নাই–জী থকাটোৱে জীৱন

নে সলনি নোহোৱা বৰণ

কোনে জানো গুণগুণাইছিল এদিন–

অভিমানী ফাগুন…কেঁচাসোণ নে আঘোণ

জুয়ে পুৰি নিয়া বতাহ

জ্বলি ছাই হোৱা আকাশ

নীলা গঁৰল বয়…এতিয়া নীলকণ্ঠী নৈ

অবুজ ভাবনা মাথোঁ–নৈ নে পালবিহীন পানচৈ

আই-পিতায়ে এদিন ভাবিছিল–পাখি গজিল তাৰ

উদঙীয়া জীৱন…বৰ আহুকাল

কৈছিল সেয়ে–‘চাই যাওঁ তোৰ সংসাৰখন

ঘৰ ভৰিলেহে ভৰি থাকিব ভঁৰাল’

এতিয়া ভাবি থাকোঁ নিৰলে–ঘৰ-ভঁৰাল নে

কাহানিও নিছিগা এৰাল

লেখকৰ ঠিকনা ঃ

আকাশ দীপ্ত ঠাকুৰ

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট – ৰ

ভ্ৰাম্যভাষ ঃ ৮৬৩৮১৬৭৬৩০

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close