জয়ন্ত দত্ত
দৈনিক কাকতখনৰ চুকৰ বগা-ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ নৈ, জাজৰিবিহীন ধললৈ…।
কুৰিবছৰ হ’ল৷ চোতালৰ আগৰ মহানিমজোপাৰ পাতৰ মাজেদি সৰকি পৰা বৰষুণৰ দৰে যেন সময়বোৰ সৰকিহে পৰিল ঝমঝমকৈ৷ কুৰিবছৰৰ আগৰ আজিৰ তাৰিখতে ঘটা ঘটনাটোত নিশ্চল হৈ পৰিছিল আকাশ, বতাহ চৌ দিশৰ৷
দিগন্ত আপোনঘাতী হৈছিল৷ সোণ যেন তাৰ সাম্ৰাজ্যত ক’ত ভৰি থৈ নাচিবলৈ অপ্ৰাপ্তিয়ে ঠাই পাইছিল, ক’ত পাইছিল খান্দিবলৈ দুখৰ ডোং৷ চহৰৰ মাজ মজিয়াৰ তাৰ প্ৰসাদোপম ঘৰৰ সন্মুখেদি যেতিয়াই যাওঁ এনে লাগে প্ৰকাণ্ড গেটখনেদি এই যেন ওলাই আহিব তাৰ শুভ্ৰ ইন’ভাখন আৰু মোক ধূলিৰে পুতি চেঁকুৰ মেলিব৷
ঘটনাটোৰ আশ্চৰ্যত ডুবি থকা দুপৰীয়াটোতে থৰ-কাছুটি হেৰুৱাই আহি পলাশে কাবেৰীক কৈছিলহি –
– কাবেৰী তুমি মোক বচালা৷ সেইদিনা যাবলৈ আহি বাটত তোমাক পাই ৰৈ নিদিয়া হ’লে; ময়ো সেইখিনি পালোঁগৈহেঁতেন য’ত আজি দিগন্ত…৷
সিহঁত যাবলৈ ওলাই আহিছিল৷ পলাশ, দিগন্ত আৰু কেইবাজনো৷ সাতোটা পাহাৰৰ সিপাৰলৈ যাব৷ প্ৰায় পঞ্চাছ দিনৰ খোজৰ বাট৷ হাতত সাৰে ভৰিত সাৰে৷ সৰু সুৰা জীৱবোৰ মুঠিত লৈ …।
– কথাবোৰ তেনেকুৱাহে আছিল নেকি ? যাক তোমালোকে বিপ্লৱ বুলি কৈছিলা৷ বাটত মোক দেখিলা আৰু ৰৈ দিলা৷ নেদেখা হ’লে ? আৰু আমি মূৰৰ চুলিৰে বাট মচি মচি ৰৈ থাকোঁ কাঁচি ৰ’দ এজাক আহিব চামৰ পীৰা পাৰি বহিব; চেঁচুক হৈ পৰা আমাৰ বুকুৰ কোণবোৰ আকৌ ফৰকাল কৰিব৷ সমস্ত ব্যৰ্থৰ দল …।
কথা কেইষাৰ কৈ কাবেৰী ফোঁপাইছিল আৰু নিলাজৰ দৰে পলাশে ক’বলৈ লৈছিল –
– আনৰ কথা নাজানো। মই ব্যৰ্থ হৈ পৰিছিলোঁ বছৰৰ পিছত বছৰ তোমাৰ পিছত ঘূৰি ঘূৰি তোমাৰ মন পাব নোৱাৰি৷ ভাগি পৰিছিলোঁ কিজানি মৰি আহিছিলোঁ, পলাব বিচাৰিছিলোঁ৷ সেইদিনা ওলাই আহি শেষবাৰৰ বাবে তোমাৰ চকুত চকু থওঁতে তুমি এলেংমৰাৰ এলেং এজনীৰ হৈ চেটেপকৈ মাৰিছিলা কমনিৰ বিজুলী আৰু মই পচিবলৈ ধৰা আজাৰৰ মুঢ়া এটাত মেলা ন কোঁহ এটাৰ দৰে জী উঠিছিলোঁ৷ চেঙালুটি পাৰিছিলোঁ৷
তাৰ পাছত? তাৰ পাছত তাৰ নোযোৱাৰ কত বাহানা৷ হাতৰ কাচিৰে চেৰেককৈ ভৰিৰ তলুৱা কাটি লেঙেৰাবলৈ ধৰিছিলে…৷ অৱশেষত তাক এৰি থৈ দিগন্তহঁত গুচি গৈছিল৷ আজাৰগুৰি ঘাটৰ যিটো পাথৰত এদিন সি গুলিয়াই হাত পোনাইছিল সেইটো পাথৰতে তাইৰ নাম লিখিছিল৷ সাক্ষী হৈ বৈ আছিল ভোগদৈ৷
বৰনাৱৰ টিঙত উঠি ৰঙা চকুৰ পোহৰে গোটেই বেজিজানৰ দলনিখন পহৰা দি থকা পলাশৰ দেউতাক আছিল মেনিম’হৰ গুৱাল৷ ঘূৰ বলিলেই একে পাকে ঘূৰিছিল শিঙত চেলেং মেলিব পৰা ম’হৰ জাক৷ পুৱাতে খুঁটিৰ ম’হজাক মেলি দলনিলৈ খেদি নিয়াতে আৰম্ভ হৈছিল তাৰ দিন৷ তাৰ পাছত দিনৰ দিনটো শ’ল টোপোৱা, কোল মাৰি বৰালি ধৰা, খলিহা এটাই চিটিপ কৰিলেই গোটেই লোৰটো সিঁচা আদি দেশৰমানে কাম৷ কেতিয়াবা গধূলিলৈকে তলি নপৰা লোৰ পিছদিনাৰ পুৱাৰ পৰা আকৌ সিঁচিবলৈ আৰম্ভ কৰে উঁহৰ পৰা নিজৰি নিজৰি ওলাই চপচপিয়া হৈ থকা পানী৷
কেৱল ফুটবল এটাই তাক টানিছিল৷ কলা-বগা বলটোৰ কেচেমা-কেচেম গোন্ধে শুবলৈ নিদিছিল৷ টোপনিতো বল বুলি বেৰতে গুৰিয়াই সৰাইছিল বেৰৰ মাটি৷ ফুটবলটোৰ বাবেই যি দুশ্ৰেণী উধাইছিল৷
আকাশৰ অসীমলৈকে সেউজৰ দলিচা পাৰি বছৰৰ বাৰজনী জীক গহনা-গাঁথৰি পিন্ধাই চিকুণকৈ সজাই থোৱা পহুমৰা গ্ৰেজিং তেতিয়া জী আছিল৷ লালসাৰ কোৰবোৰে তেতিয়ালৈকে বিদীৰ্ণ কৰা নাছিল সেই সেউজৰ বুকু৷ মাজে মাজে মচোৱা গোম পৰাদি পৰি আছিল মালৌআলি; বাঁহফলাৰ মিচিং মিতাকেইটাই সিঁচি থৈ যোৱা ঐনিতম এটা আওঁৰাই আওঁৰাই৷
কাষৰীয়া পাঁচখন গাঁৱৰ চৌধ্টা গৰুপালক বুকুৰ সেউজেৰে লালন কৰিবলৈ প্ৰতিপল ৰৈ থাকে গ্ৰেজিঙৰ মেলা দুই হাত৷ আমি গৰুপাল চৰাওঁ, অবাইচ কথা শিকোঁ, লোৰৰ জাকৈয়া গাভৰুৰ তিতা গাৰ ভাঁজত থৈ আহোঁ চকু৷ শিমলু, মদাৰৰ জুই পুৱাই পুৱাই আপোন পাহৰা হৈ বেলিয়ে ভটিয়নিৰ বাট পাহৰে৷ শৰালি, শগুনে অঁকা ফুলনিত ডাৱৰৰ মৌ-পিয়া এজাক চৰিবলৈ আহে৷ দলপোঙা, কোঁহাৰ হুমকিত সঁজাল ৰোৱাৰ পৰা চৰহা পলায়৷ ৰাতি ৰাতি জোনাকীৰ সাগৰখনত শিয়াল, ফেউৰা, হুদু, ফেঁচাই নাও বায়৷ ব’ঠাৰ চাবেপতি তোলে সুৰৰ কল্লোল৷ ঝিলিয়ে সুৱগা তোলে৷
বেজিজান তেতিয়া ৰাংঢালী আছিল, ওফন্দি আছিল তাইৰ গা ভাৰী দেহ৷ দূৰৈৰ ফাকলিত সেইয়া বাৰু কি আছিল বগলী, মেটেকা ফুল নে চেনিপুঠীৰ ৰূপ৷ মাছৰ উজান পৰে…।
মাছৰ উজান পৰে৷ মানুহবোৰে উজানৰ মাছ ধৰিবলৈ আহে৷ মাছ ধৰি থাকে ধৰি থাকে শেষৰটোলৈকে ধৰিয়েই থাকে। খাব নোৱাৰাবোৰ বাৰীৰ টেঙাৰ গুৰিত পোতে৷ দুনলৰ দূৰে দূৰে বেজিজানত ঘাটজাল, মাছৰ যম৷
টুলুঙা নাৱত উঠি বঠাই তলি চুব নোৱৰা দলনিত চৰাইৰ কণী বিচাৰে৷ কণী বিচাৰি থাকে, বিচাৰি থাকে, সিহঁত নিবংশ নোহোৱালৈকে বিচাৰিয়েই থাকে৷ পহুমৰাৰ কাষৰ শ্মশানখনত হেনো কন ওলাইছিল৷ বুঢ়ালোকে কয়, এশ মৰিশালি হ’লে এটা কনে স্থান লয়৷ কনৰ ডিঙি নাথাকে বুকুত ছটা চকু। কোমোৰা এটা হৈ বাগৰি বাগৰি ৰাস্তা পাৰ হয়৷ এদিন শ্মশানৰ বুকুত ধনগুলৈৰ গোন্ধ পালে৷ খান্দি খান্দি এঙাৰ কৰিলে বুকু৷ দূৰৈৰ বেজ আহিল সৰিয়হ সিঁচি মাটিত কাণ দি শুনিলে ৷ মাটিৰ তলত ধনৰ কলহ থাকিলে হেনো সৰিয়হ ফট ফটকৈ ফুটে৷ ধন খান্দে, সেউজৰ বুকুৰ পৰা হোলোকা-হোলোকে তেজ ওলায়…৷
সেই তেজৰ গোন্ধত শুব-খাব নোৱাৰা হৈছিল কাবেৰী৷ যেন নিজৰ বুকুতে পাতি ল’ব সেই কোৰৰ চাব৷ অৱশেষত তাইৰ সিহঁতৰ ওপৰত বিশ্বাস উপজিছিল৷ কিজানি সিহঁতেই পাৰিব আঁজুৰি আনিব সেই সেউজৰ পোহৰ, বুকুৰ তেজেৰে কটকটীয়া কৰিব মানচিত্ৰৰ সীমা৷
ফুটবল এটাৰ পিছে পিছে চেঁকুৰি পলাশে জিলা পাৰ হৈছিল৷ পিছে এদিন তাৰ তেল ফাটিছিল৷ নমনা হৈছিল গুৰু-গোঁসাই৷ লোহা দাঙি দাঙি বঢ়াই লৈছিল শৰীৰ৷ ডিঙিলৈকে বুটাম মাৰি ফিন্দাই ফুৰিছিল বুকু৷ সুতলৈ পইছা দিছিল৷ ঘূৰাই দিব নোৱাৰাবোৰৰ ঘৰলৈ গৈ কাঢ়ি আনিছিল ডিঙিৰ কাণৰ৷ তাৰ মাত মুখৰ পৰা কাঁইট হৈ সৰিছিল৷ এদিন সেই কাঁইটে বিন্ধিছিল গাঁৱৰ স্কুলৰ প্ৰধান শিক্ষক নবীন ছাৰক৷ ছাৰে কিজানি কিবা এষাৰ কৈছিল৷ ৰাতিলৈ সি ছাৰৰ এবিঘা সুৱাগমণি কাটি গৰুক খুৱাইছিল৷ ছাৰৰ চকুত চপচপীয়া হৈ পৰা বৰ নামঘৰৰ কুঁৱা দুটা বহুত দিনলৈ শুকুৱা নাছিল৷
অৰুণাচল পাহাৰৰ গছ কুণ্ডা কুণ্ডা কৈ কাটি বৰনৈৰ বুকুৰে উটুৱাই আনি আঠ নম্বৰ স্পাৰত পাৰলৈ উঠায়৷ অলেখ ট্ৰাকে চিৰাচিৰ কৰে ৰাতিৰ বুকু৷ মালৌআলিয়ে কেঁকায়৷ পলাশহঁতে চোৰাং কাঠৰ ট্ৰাকবোৰ হাতে হাতে দা, কুঠাৰ লৈ আগভেটি ধৰে; ধন দাবী কৰে, কটাকটি হয়, বন্দুক উলিয়ায়৷ ৰক্তাক্ত হয় ৰাতিৰ বুকু৷ শিয়াল, ফেউৰা, ফেঁচা, হুদু অট্টহাস্যত পলায়৷ ঝিলিৰ মাত হেৰায়৷ সিহঁতৰ লোভ বাঢ়ি যায়; কাষৰীয়া হাবিৰ বনচোম, তিতাচঁপা খৰিৰ দামত বেচে৷ গছ নোহোৱা হয়৷
গছ নোহোৱা গাঁওখনলৈ আহিবলৈ বতৰে বাট হেৰুৱায়৷ হেৰায় আহাৰ, শাওন৷ সেইবাৰ খৰাঙত পথাৰখনে চেঙালুটি পাৰিছিল৷ পানীপিয়াজাকে চিঞৰি চিঞৰি তেজ বঁটিয়াইছিল৷ নাৱৰ ব’ঠাই তলি নোপোৱা দলনিখনৰ পানী আঁঠুৱনীয়া হৈছিল৷ আঁঠুৱনীয়া পানীত কোনোৱে বাওধান সিঁচিছিল৷ ধানে কিজানি সঁজাল ধৰিছিল, ভাদৰো আধামান দিন গৈছিল৷ সেইদিনা হঠাৎ ৰাতিৰ ভিতৰতে দলদোপ-হেন্দোলদোপ কৈ আহি ভোগদৈয়ে মহটিয়াই নিলে আজাৰগুৰিৰ মথাউৰিটো৷ কুলাই-পাচিয়ে দুখ দি নিমিষতে জীৰ্ণ হৈ পৰিল ভোগ খাই ভোগদৈ হোৱা লিহিৰী দিচৈ৷ ভোগদৈৰ বুকুৰ দুখৰ পলসে পুতিলে শ পুৰা গেৰেকীৰ সোণ৷ বেজিজানৰ দলনিত সিঁচিলে শোকৰ বিহকলমৌ৷
তাৰ পাছত গাঁৱত যখ সোমাল, চকুৰ পচাৰতে উছন হ’ল গৰু, ম’হ…। শগুনৰ আকাল হ’ল৷
বৰনাৱৰ টিঙত উঠি থকা পলাশৰ দেউতাকো খহি পৰে অতললৈ৷ দলনিখনক পহৰা দি থকা ৰঙাচকুৰ পোহৰ নিমিষতে হৈ পৰে ধানখেৰৰ ছাই৷ পলসে পোতা শালিতলী পানীৰ দৰত কিনিবলৈ চোঁ মাৰি আহে বহিৰাগত চিলনীৰ জাক৷ সিঁহতৰ নিজৰ মাজতে অঁৰিয়া-অঁৰি লাগে৷ দুপৰীয়া এটা ৰক্তাক্ত হয়৷ গাঁৱত তেজৰ ছিটিকণি পৰে, দাগ নজহা নপমা হয়৷ চৌদিশ অচিন হয়৷
পলাশেও পথাৰৰ মাটি আধামূলীকৈ বেচি অ’টৱালা হয়৷ সেই অট’ চলোৱা পুৱা এটাতে সি কাবেৰীক দেখিছিল৷ দেখিছিল মানে একেখন গাঁৱৰে তাইক আকৌ নতুন চকুৰে চাইছিল৷ “জীবনৰ লক্ষ্য” কেবল মুখস্হ কৰি পৰীক্ষাত লিখা ৰচনা বুলি ভবা তাৰ এইবাৰ লক্ষ্য স্থিৰ হৈছিল৷ আৰু সেই লক্ষ্য পাবৰ বাবে কিযে কৰা নাছিল৷
পলাশৰ নামেই শুনিব নিবিচৰা কাবেৰীক এদিন সুধিছিলোঁ৷ অত বছৰৰ পিছত সেইদিনা তাৰ চকুত কিয় এলেং এজনী হৈ পৰিছিলা…?
কাবেৰীয়ে কৈছিল–
: সি সলনি হৈছিল, শিলবোৰক কেৱল শিল বুলি ভাবিবলৈ এৰিছিল, চৰাইবোৰক কেৱল মঙহ বুলি নভবা হৈছিল, গছবোৰৰ ফুচফুচনি শুনিবলৈ লৈছিল…। ৰক্তাক্ত হৈ পৰা সেউজীয়াবোৰৰ পথ্য বিচাৰি পোৱা বাটটোৱেদি সি যাবলৈ আহিছিল৷
পলাশ সলনি হৈছিল; সি সলনি হৈছিল কেবল তাইৰ বাবে৷ কাবেৰীৰ আছিল ফুলেৰে গঢ়া মন৷ আৰ্তৰ আৰ্তনাদত তাই জীয়াই থাকিব নোৱাৰিছিল৷ তাই জীবৰ বাবে উশাহ বিচাৰি ফুৰিছিল৷ সেই উশাহৰ এপাহি কিজানি সলনি হবলৈ ধৰা পলাশৰ চকুত দেখিছিল৷
কাবেৰীক নাপাই মৰি অহা দিনবোৰতে সি দিগন্তক লগ পাইছিল৷ চোৰাং কাঠৰ কাৰবাৰী দিগন্ত তাৰ পুৰণি চিনাকি আছিল৷ দিগন্তৰ আদব-কায়দাত সি মোহ গৈছিল। কিজানি ভাবিছিল দিগন্তৰ দৰে হ’ব পাৰিলে কাবেৰীক…৷ নিজৰ গাড়ী থকা সত্ত্বেও সি তাৰ অট’ত উঠি অ’লৈ-ত’লৈ গৈছিল৷ আৱৰ্জনাবোৰ আঁতৰাই ফুলনি পতাৰ কথা পাতিছিল, পাতিছিল ধনীৰ পৰা ধন কাঢ়ি অনাৰ কথা, মদপীবোৰক আঁঠু কঢ়াইছিল…। আৰু এদিন দিগন্তই তাক সেই তজবজীয়া ল’ৰাটোক লগ লগাই দিছিল৷ চকুত অপ্ৰাপ্তিৰ জুই জলাই লোৱা সেই খীন-মিন ল’ৰাটোক লৈ সি গোটেই জিলাখন ঘূৰিছিল৷ আৰু এদিন গৰুমৰাৰ গেন্ধালিত থৈ অহাৰ পাছদিনাই তাক পুলিচে গুলীয়াই মাৰিছিল৷ সি কথাবোৰ বুজি পোৱাৰ আগতেই উৰহী গছৰ ওৰ খান্দিলত ওৰৰ কোনোবা এডাল শিপাত তাৰ অট’খন ওলমি আছিল৷ তাৰ তিনিমাহ জেল হৈছিল৷
জেলৰ পৰা ওলোৱাৰ পিছত তাক দিগন্তই আৱৰ্জনা আঁতৰাবলৈ পাকৈত হোৱাৰ প্ৰশিক্ষণ ল’বৰ বাবে সাতখন পাহাৰৰ সিপাৰলৈ যোৱাৰ কথা কৈছিল৷ সিও কিজানি জানিছিল তিনিমাহ জেলৰ পিছত কাবেৰীক পোৱাতো নেছেল…৷
তলুৱাত ঘা লৈ লেঙেৰাই লেঙেৰাই যোৱা পলাশক এৰি দিগন্তহঁত গুচি গৈছিল৷ আৰু এদিন উভতি আহি দিগন্তই হাতৰ বন্দুক চমজাই দি চৰকাৰৰ ওচৰত আঁঠু লৈছিল৷ সি দোপত দোপে ওখ (?) হৈ গৈছিল৷ পৌৰপতিৰ একমাত্ৰ জীয়েকক নিজৰ কৰি লৈছিল৷ গৰাকী হৈছিল আধা চহৰৰ৷
সেইদিনা দিগন্তৰ লগত ছাঁৰ দৰে থকা দেহৰক্ষী ল’ৰাজনে কৈ আছিল –
: ছাৰে শুব নোৱাৰিছিল৷ চকু মুদিলেই কোনোবা বুঢ়া এজনে হোৰাওৰাওকৈ কান্দিছিল, বালি খুৱাই খুৱাই মৰা ডেকা এটাই খেদি আহিছিল৷ মানুহটোৱে পানী নিদিয়াকৈয়ে বটলে বটলে মদ খাইছিল, মদে মানুহটোক খাইছিল৷ …আৰু এদিন দেশৰ প্ৰখ্যাত ডাক্তৰজনে শৰীৰৰ অৱস্থাৰ কথা কোৱাৰ পাছত থুনুক-থানাক দেওল’ৰাটোক মুখ দেখুৱাবলৈ ছাৰৰ সাহে নুকুলাইছিল৷
দিগন্তক খোজে প্ৰতি অনুসৰণ কৰা তাৰ দৰেই চুলি কটা, তাৰ দৰেই খোজ কাঢ়িবলৈ শিকা পলাশে জানিছিল সেইদিনা সি ৰৈ নিদিয়া হ’লে… ?
সি থোকা-থুকিকৈ কৈছিল –
: ময়ো নোৱাৰিলোহেঁতেন। নিজ হাতেৰে মৰা মানুহ এটাৰ ছবি এখন বুকুত লৈ ফুৰিব ময়ো নোৱাৰিলোহেঁতেন !
পুনশ্চ : এদিন পলাশক চকুপৰি দেখিব নোৱাৰা কাবেৰী আজি তাৰ বুকুৰ পুখুৰীৰ এলেং ! কেনেকৈ বাৰু সি তাইক জীয়নীয়া কৰিলে…
ঠিকনা :
দ গাঁও নলনিখাত
ডাক : গৰখীয়া দ’ল
যোৰহাট-১৫
ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১