কোকিল শইকীয়া
পৰুৱা এটাৰ লগত কচুৱনি-কাষৰ দেৱাল এখনত ময়ো বগাই বগাই গৈ আছিলোঁ
কোনোবাই গাখীৰ খোৱা কেঁচুৱা এটাৰ নেপকিন এখন দেৱাললৈ দলিয়াই দিলে
মই টুলুপকৈ তললৈ সৰি পৰিলোঁ
কে কে কে
চুৱা চুৱা চুৱা
কেঁচুৱা
তাৰ ধাইৰ নাম চেনী
কিটছৰ ফেনী
বগাই গ’ল পৰুৱা
কবি হ’ল ঘৰুৱা
পৰুৱা গাতত সোমাল
পৰুৱা মানে এণ্ট্
এণ্টে, মানে পৰুৱাই চেনি খাই ভাল পায়
চাহত চেনি দিয়া হয়
চাহ মানে টি
এণ্ট আৰু টি
এণ্টি
টোকা : NT – Non Term
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025