Written by 9:50 am Poems

এডৰা সোণালী ধান হৈ poem-niru-dutta-2024

 নিৰু দত্ত

মোৰ দেউতাৰ ঘামৰ

সোণালী মুকুতা আঘোণ

কুঁৱলীৰ সীপাৰে

শাওণৰ বুকুত লেটি লোৱা

আইৰ কুশলী  হাতৰ বাখৰ ।

উদং পথাৰখন বুকুত লৈ

দৌৰি ফুৰে এজাক ল’ৰালি

ৰবাবৰ ফুটবল গুৰিয়াই তহিলং

দদাইৰ কঠিয়াতলি ।

হুৰাই অনা ল’ৰালিয়ে 

আখৰত চকু থৈ

সন্ধিয়া বৰশী বায়

আইৰ আখল মলমলাই

টোকণি পুখুৰী চবিয়াই

ধৰি অনা পুঠি-দৰিকণা

বাৰীৰ ন-শাকৰ সানমিহলি।

গোঁসাই  ঐ,  নৰাই কটা কলাফুলৰ

অম্ল-মধুৰ বিষত মিঠাতেলৰ পৰশ!

নৰা-পেঁপাৰ ৰাগ মাৰ যায়

 চেঁচোৰৰ শিপাত  ।

শ্বেয়াৰ মাৰ্কেটৰ সূচ্যাংকৰ দৰে

কেৰিয়াৰ নামৰ বাহনত  উঠাৰে পৰা

ছেট জিপিটিয়ে খৰকৈ আঙুলি চলায়

ধাৰ কৰা মগজুত

চিন্তাৰ পাক সলাই সলাই

মৰণা এটাই ধান সৰায় ।

এডৰা সোণালী ধান হৈ

আঘোণ আহে দুচকুলৈ

মৌসৰা সপোনতো  চকু মুদো

কিজানি ভাগি আহে অবাধ্য সাগৰ।

           ***

সৰুপথাৰ-৭৮৫৬০১

গোলাঘাট

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close