Written by 3:41 am Poems

এটা মেটাফৰিক কবিতা

শিখা গোস্বামী মহন্ত

“O My Love’s Like A Red, Red Rose”

Robert Burns

কবিতা এটা লিখিবলৈ নিৰাই লওঁ

চক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতাল

ভেঁকুৰি তিতাৰ সৰু গোল গুটিবোৰৰ দৰেই

বগা জালবোৰ বগাই যোৱাটো বৰ সহজ নহয় পোহৰত

সহজ নহয় সহি থকা বগা ভাতৰ ক্ষুধা

সকলো জানিও ভাৰস্তৰ ভূ নোপোৱা মানুহৰ দৰে

মেটাফ’ৰ বিচাৰি হাহাকাৰ কৰো জীৱনৰ

ফুল চুই নোপোৱা হাজাৰ শিশুৰ ফুল ফুল চকু

এন্ধাৰত টলবলাই ফুৰে

পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰ মোৰ চকুত এখন ৰূপোৱালী কাঁহি হৈ ভাঁহি উঠে

মোক অস্থিৰ কৰি পেলাই নিগনি এটাই কুটি কুটি

ৰাতিৰ ৰাতিটো সপোন সোমাই অহাৰ সেই বাট

ৰাতিৰ সকলো ৰং

পোহৰত সলনি হয় সকলো

পোহৰে সলনি কৰে সকলো

চকুৰ আগত পোহৰে দাঙি ধৰে এটা বেংছতা

আৰু ভেঁকুৰে ধৰা এখন শুকান ৰুটি

পুৱাৰ আৰতিৰ ধুনা আৰু ধূপৰ ধোঁৱাত এটা গোলাকৰ অৱয়ব হৈ ধৰা দিয়ে

মোৰ কবিতাৰ ঈশ্বৰ…

ভ্ৰাম্যভাষ : ৮৬৩৮৩১৪২০৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 18, 2025
Close Search Window
Close