Written by 5:38 am Poems

এটা পুথিভঁৰালৰ মৃত্যু

 মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ )

অনুবাদ : প্ৰশান্ত মিশ্ৰ

যেতিয়া কয়লা

জ্বলোৱা শেষ হ’ল, আমি 

এখন এখনকৈ কিতাপবোৰ পুৰিবলৈ আৰম্ভ কৰিলোঁ;

প্ৰথমেই বুলৱাৰ-লিটনৰ ৰচনাৱলী

আৰু তাৰ পাছত ৱাল্টাৰ স্কট

কিতাপবোৰে আমাক যথেষ্ট উম দিলে।

শেহলৈ, ফেব্ৰুৱাৰি মাহত

জুইকুৰাই গ্ৰীক ট্ৰেজেদি

আৰু ব’ডলেয়াৰ,

প্ৰাউষ্ট, ৰ’বাৰ্ট বাৰ্টন

আৰু প’-চু-আই খাই শেষ কৰিলে।

গোট মৰা বৰফৰ টুকুৰাবোৰ

খিৰিকিৰ কাষত জমা হৈছিল।

মেকুৰীজনীৰ বাবে আৰু উমৰ প্ৰয়োজন হৈছিল।

আমি ক’লোঁ, আমাতকৈও

তাইৰহে থকথককৈ কঁপনি আহিছিল,

চিমনিটোৰ ওচৰত

গোটেই শীতৰ কালছোৱা।

Visited 3 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close