Written by 8:04 am Poems

এখন নাও আৰু মহাসাগৰ

কবি- জুৱান  ৱানাহ (Xuan WuyNh), ভিয়েটনাম

অনুবাদ- ড°ৰঞ্জিত দত্ত

মই তোমাক এটি

কাহিনী ক’বলৈ লৈছোঁ

এখন নাও আৰু এখন

মহাসাগৰৰ  কাহিনী।

নাম নজনা কালৰে পৰা

নাওখনে মহাসাগৰৰ

সকলো প্ৰশ্নৰ 

উত্তৰ দি আহিছে,

নাওখনৰ আছে 

আশাভৰা এখন হিয়া,

মহাসাগৰৰ প্ৰেম

দূৰন্ত আৰু বিশাল।

নাওখনে

যাত্ৰা কৰিব পাৰে 

বহু সময় একেৰাহে

অকণো ভাগৰ  নলগাকৈয়ে,

মহাসাগৰখন দূৰত,

তেতিয়াও বহু দূৰত।

এটি মধুৰ জোনালী নিশাত

মহাসাগৰখনে এজনী

পাটগাভৰুৰ দৰেই 

উত্তাল  ঢৌবোৰৰ যোগেদি পঠোৱা

হিয়াখনি আৰু মৰমবোৰে

সাবটি  ধৰিছিল নাওখনক।

কেতিয়াবা অকাৰণেই 

ঢৌবোৰ নাওখনৰ স’তে

হৈ পৰিছিল ৰুক্ষ ।

(সৰগীয় প্ৰেম জানো

চিৰদিন স্থিৰ হৈ থাকিব পাৰে?)

মাথোঁ নাওখনেহে জানে 

মহাসাগৰ কিমান বিশাল,

কেৱল মহাসাগৰেহে জানে

নাওখনে ক’তনো অহা-যোৱা কৰে।

যেতিয়া নাও আৰু মহাসাগৰৰ 

মিলন নহয়

বেদনাতে মহাসাগৰ

শেঁতা পৰি যায়,

যেতিয়া নাও আৰু মহাসাগৰৰ 

লগ নহয়

নাওখনৰ হিয়াখন

বেদনাত ভাগি ছিগি

 চূৰমাৰ হয়।

মহাসাগৰে যেতিয়া

নাওখন এৰি যায়

থাকি যায় মাথোঁ 

উত্তাল উৰ্মিমালা 

আৰু এজাক বতাহ ।

যদিহে মই 

তোমাৰ পৰা কেতিয়াবা

 আঁতৰি থাকিব লগা হয়

কেৱল থাকিব মোৰ স’তে

মাথোঁ এজাক  ধুমুহা ।

*  ভিয়েটনামৰ এগৰাকী বিখ্যাত কবি  (Xuan WuyNh) Google Doodle সন্মানেৰে অলংকৃত ।

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close