Written by 3:58 am Articles

এক আচৰিত সৌভাগ্য

সঞ্জীৱ সভাপণ্ডিত

মোৰ গান হওক …

গীতিকাৰ-গায়কজনে গানটো লিখিলে, সুৰ দিলে, গাই দিলে৷

সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷ গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷

কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷ কোনো মানুহক লৈ‍ লিখা নাই৷ কোনো সময়ক লৈ লিখা নাই৷ গীতিকাৰ–গায়ক-শিল্পীৰ সমুখত দেখা দি থকা চিৰন্তন কথাবিলাকক লৈয়ে এই গানটো সৃষ্টি হৈছে আৰু জীয়াই আছে৷

এই গানটোত আনে কি শুনিলে-নুশুনিলে মই নাজানো৷ কিন্তু মই শুনিলোঁ যে গায়ক শিল্পীজনে গান গাবলৈ কৈছে৷

সেই তেতিয়াৰে পৰা মোৰ চিন্তা৷

মইতো গায়ক নহয়৷ তেনেহ’লে মই কেনেকৈ গাম৷ মোৰ গান কোনে লিখিব, কোনে সুৰ দিব আৰু মোক সেই কণ্ঠস্বৰ কোনে দিব?

এই প্ৰশ্নই যে মোক অহৰহ আমনি কৰি আছে, সেই কথা মই ঘুণাক্ষৰেও কাকো জানিবলৈ নিদিলোঁ৷ কিন্তু মনে মনে মই মোৰ অনুসন্ধান অব্যাহত ৰাখিলোঁ৷ ফাংশ্বনবিলাকলৈ যাওঁ৷ তাত গায়ক-গায়িকাবিলাকে কেনেকৈ গান গায় মই খুব মগ্ন হৈ চাই থাকোঁ৷ কিন্তু বুজি হ’লে একোকে নাপাওঁ৷

কি আচৰিত কথা? ইমান টান নে?

১৯৭৪ চনত কটন কলেজত এজন ছিনিয়ৰ ল’ৰাই ষ্টেজত অকলে এটা গান গাইছিল৷ লগত কোনো যন্ত্ৰ-সংগীত সংগী নাছিল৷ ষ্টেজটোৰ ঠিক মাজত থিয় হৈ দুয়োখন হাতেৰে নিজকে সাবটি তেওঁ মুকেশৰ সেই গানটো গাইছিল—

‘‘নেইনা মাৰে, সাঁঝ চতায়ে, দেখে লাখ’ স্বপনে

সচ্ছ হেই কহী, হংগে য়া নেহী, ক’ই জানে না— য়হা…৷’’

তেওঁৰ সমুখত বহি আছিল মস্ত ৰঙা ফোঁট এটা লৈ তেওঁ ভাল পোৱা ছোৱালীজনী— একে কলেজতে পঢ়া৷

সেইদিনাৰ পাছত মই ল’ৰাজনক আৰু কেতিয়াও মঞ্চত গান গোৱা দেখা নাই৷ পেছাত তেওঁ গায়ক নহ’লগৈ৷ মই ৰাস্তাই-ঘাটে কেতিয়াবা কেতিয়াবা দেখোঁ৷ ক’ৰবাত চাকৰি-বাকৰি কৰে চাগে৷ অৱস্থা-পাতি সিমান ভাল যেন নালাগে৷

কিন্তু মোৰ মানত সেই ১৯৭৪ চনৰে পৰা তেওঁ গায়ক হৈ থাকি গ’ল৷ তেওঁ বোধকৰোঁ কোনোদিনে নিজে একো গানো লিখা নাছিল৷ সুৰকাৰ বুলিও ভাব নহ’ল তেওঁক৷

বোধকৰোঁ প্ৰেমৰ তাড়নাতে তেওঁ এদিন মঞ্চত উঠিছিল, বোধকৰোঁ গানটোৱে কোৱা কথাখিনি তেওঁৰো ক’বৰ মন গৈছিল৷ কৈ দিলে৷ এহেজাৰমান ল’ৰা-ছোৱালীৰে ঠাহ খাই থকা প্ৰেক্ষাগৃহটোত তেওঁৰ দৃষ্টি একান্তভাৱে নিবদ্ধ হৈ আছিল সেই এখন মুখৰ ওপৰতে৷ হয়তো বহুতৰ চকুত পৰিছিল৷ যি যেনেকৈ বুজিছিল, বুজিছিল৷

তেতিয়াৰ পৰা মই এটা কথা বুজিছিলোঁ যে গায়ক হ’বলৈ হ’লে প্ৰেমিক হ’ব লাগে৷

১৫ বছৰ বয়সৰ পৰা ৬২-৬৩ বছৰ বয়সলৈ মই প্ৰেমত নাই পৰা বুলি কোৱাটো মিছা কথা হ’ব৷ প্ৰেমৰ অনুভূতি হৈছে৷ এবাৰেই হৈছে বুলি কোৱাটোও মিছা কথা হ’ব৷ কিন্তু ক’তো লিপিট খাই লাগিবলগা নহ’ল বা লাগি ধৰিব নোৱাৰিলোঁ৷ নিজেও নোৱাৰিলোঁ, আনকো ৰাখিব নোৱাৰিলোঁ৷ কিন্তু সেইবুলি মোক সেই গানটোৱে বা গানটোৰ আহ্বানটোৱে আমনি নকৰাকৈ নাথাকিল৷

এনেতে এদিন এজন চিত্ৰকৰ-ভাস্কৰ্যশিল্পীয়ে কিছুমান গায়কক লৈ কিছুমান ছবি অঁকা দেখিলোঁ৷ তাৰ আগতে ছবিক লৈ গান লিখা পাইছিলোঁ৷

কেনেকৈনো কৰে জানিবলৈ বৰ মন গৈছিল৷ সেই শিল্পীজনৰ ওচৰত তেওঁ কাম কৰা চাই থাকোঁতে মোৰো হঠাৎ ভাব হ’ল যে গান নাগালেও হয় দেখোন৷ গানৰ পৰা যদি ছবি হয়, তেনেহ’লে গানৰ সলনি অন্য কামো দেখোন হ’ব পাৰে!

ভাবি চালোঁ, গানৰ পৰা খেল হ’ব পাৰে নেকি?

১৯৮৬ চনৰ মেক্সিক’ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছে‍মি-ফাইনেলত আৰ্জেণ্টিনাৰ ডিয়েগ’ মাৰাড’নাই ইংলেণ্ডৰ বিপক্ষে যিটো গ’ল দিলে— প্ৰায় একক প্ৰচেষ্টাৰে, সেইটো মোৰ গানৰ নিচিনা লাগি গৈছিল৷ যিটো গ’লক ‘The Goal of the Century’ বুলি ক’বলৈ মহান ফুটবল খেলুৱৈ বা টিপ্পনীকাৰসকলে কুণ্ঠাবোধ নকৰিলে৷ সেই গ’লটো এটা শিল্পকৰ্ম বুলিয়ে মোৰ ভাব হ’ল৷

তেনেকুৱাতে মই Infosys-ৰ অধ্যক্ষ নাৰায়ণমূৰ্তিৰ এটা ভাষণ শুনিবলৈ পালোঁ গুৱাহাটীৰ Administrative Staff College-ত৷ তাতে শুনিলোঁ আৰু বুজিলোঁ যে বুদ্ধি কৰি ভাবি-চিন্তি নিজৰ কাম এটা নতুন ধৰণেৰে যেনে-তেনে কৰিব পৰাটোও এটা গান গোৱাৰ নিচিনাই কথা৷

লগে লগে মোৰ মনটো কিবা ভাল লাগি গ’ল৷ তেতিয়াৰে পৰাই মই আধা ঘণ্টা লোৱা বাট ২৫ মিনিটত পাবলৈ চেষ্টা কৰা হ’লোঁ৷ ১,০০০ টকা খৰচ পৰিব পৰা কাম ৭০০ টকাত কৰিবলৈ চেষ্টা কৰা হ’লোঁ৷ প্ৰথমতে কৰিব নোৱৰা বুলি ভবা কাম নেৰা হ’লোঁ৷

অনৱৰতে কিবাকিবি কামৰ অংক কৰি থাকিলেহে ভাল লগা হ’ল৷ খং উঠিলেও মোৰ ভাল লগা হ’ল৷ উকা কাগজখনত মই কিবাকিবি শব্দ সংযোজন কৰি কৰি গৈ থাকিলেও মোৰ ভাল লগা হ’ল৷ মোৰ লেখাত বিতুষ্ট হৈ উষ্মা প্ৰকাশ কৰা পাঠকৰ কথাও মোৰ গান যেনহে লগা হ’ল৷

মুঠতে মই য’তে-ত’তে গান দেখা হ’লোঁ, শুনা হ’লোঁ৷ মানুহে ভাবিব পাৰে গান মানুহে দেখে নেকি? দেখে৷

এইবোৰ আক্ষৰিক কথা নহয়৷ কামৰ মাজতে ছন্দ লুকাই থাকে৷ সকলো কাম কঠুৱা নহয়৷ বহুত কামৰ মাজত বহুত কোমলতাও লুকাই থাকে৷

এদিনৰ কথা৷ মোৰ এটা বৰ দৰকাৰী কাম চলি আছিল৷ ৰাতি নমান বজাতহে শেষ হোৱাৰ কথা; তাকো একে লেথাৰিয়ে চলি থাকিলেহে৷ তিনিজন ল’ৰাক কামটোত লগাই থৈছিলোঁ৷ আটাইকেইজন প্ৰয়োজনীয় মানুহ৷ অপৰিহাৰ্য৷ কিন্তু গধূলি পাঁচ বজাত এজন ল’ৰাৰ ঘৰৰ পৰা খবৰ আহিল— সি তৎক্ষণাত ঘৰলৈ যাব লাগে৷ উপায় নাই— তাক যাবলৈ দিলোঁ৷ চিন্তাক্লিষ্ট হৈ বহি থাকোঁতে ৮ মান বজাত ড্ৰিল মেচিনটোও বেয়া হৈ থাকিল৷

কথাটো ভবামতে নহ’ল৷ ৰাতি টোপনি নাহিল৷ কিন্তু পুৱা ৫ বজাতে সেই ল’ৰাটো ঘৰৰ পৰা আহি ওলালহি৷ লগত আৰু এটা ল’ৰা লৈ, যাৰ হাতত সকলো হাথিয়াৰ আছিল৷ কাম জনা ল’ৰা৷ মোৰ কৰ্মচাৰীজনৰো বোলে ৰাতি টোপনি নাহিল—কামটোৰ কথা ভাবি৷

৯ মান বজাতে কামটো হ’ল৷ সংগীতৰ আৰোহণ, অৱৰোহণ, দ্ৰুত তাল, বিলম্বিত তাল, অন্তৰা, মুখৰাৰ নিচিনা কথা নহয়নে বাৰু? সংগীতত কোমলতা থাকে৷ কামতো৷ সংগীত এবাৰ পাগত উঠিলে নিজে নিজে গতি লয়৷ ঠিক তেনেকৈ কাম জুতিত উঠিলে নিজে নিজে গতি লয়৷

একেবাৰে অংকৰ নিচিনা৷ ১+১=২-টোও খাটাংকৈ হয়; ২২÷৭=৩.১৪২৮৫৭১৪-টোও খাটাংকৈ হয়; খাটাং উত্তৰ ওলায়৷ ভুল কথা এটা সঁচা বুলি ধৰি লৈ তাক পাছত ভুল বুলি প্ৰমাণ কৰি শুদ্ধ উত্তৰটো উলিওৱা হয়৷ এইটো গণিত-বিজ্ঞানৰ এটা সূত্ৰই৷

অংকৰ উত্তৰ ওলালে যেনেকৈ ভাল লাগে, কাম শেষ হ’লেও তেনেকৈ ভাল লাগে৷ ভাল লগাটোৱেই আনন্দ, যেনেকৈ গানে আনন্দ দিয়ে৷

গানে আনন্দ দিবলৈ মনটোও যেনেকৈ তেনেকুৱা হ’ব লাগিব, তেনেকৈ কামে আনন্দ দিবলৈ তাত গান বিচাৰিব জানিবও লাগিব৷ তাৰ কাৰণে ভাগ্যও লাগে৷ সকলো মানুহৰ হাতত কাম নাথাকে৷ হাতত কাম নথকা মানুহ বৰ দুৰ্ভগীয়া৷ দুয়োখন হাত, দুয়োটা চকু, দুয়োখন কাণ আৰু বুকুখন কামেৰে ভৰপূৰ হৈ থকাটো বৰ কপালৰ কথা৷ কাম নাথাকিলে বিচাৰি বিচাৰি আনিব লাগে৷ কাম বিচাৰিবলৈ মন যোৱাটোও ভাগ্যৰ কথা৷ সকলোৱে কাম নিবিচাৰে৷ সকলোৱে কাম চিনি নাপায়৷ সকলো কাম আকৌ কামো নহয়৷ The Tao of Physics-ৰ লেখক ফ্ৰিট্‌জ’ফ কাপ্ৰাই কোৱাৰ নিচিনাকৈ মানুহ মাৰিবলৈ বোমা নিৰ্মাণ কৰাটো কাম নহয়৷ ঠিক তেনেকৈ ল’ৰা-ছোৱালীৰ মুখত ভাত দিবলৈ গঁড় হত্যা কৰাটো কোনো কাম নহয়, যেনেকৈ গানৰ ভিডিঅ’ এটা কৰিবলৈ হাবি এখনত জুই লগোৱাটো একো কাম নহয়৷

এই পৃথিৱীত বেছিভাগ মানুহেই কাম নকৰে৷ কাম কৰি আনন্দ নাপালে তাক কাম কৰা নোবোলে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close