Written by 4:00 am Articles

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য

(৬)

ঘৰটোৰ চাৰিওফালে ঘুৰি ফুৰি মই ভাগৰি পৰিছিলো। তথাপিও মোৰ হেপাহ পলোৱা নাছিল৷ পলাবনো কেনেকৈ? ঘৰখনৰ প্ৰতিপদ বস্তুৱেই যে সুকীয়া৷ চালে চকু ৰোৱা৷ ইয়াৰে কিছুমান বস্তু বহুতো পুৰণি, হ’লেও মোৰ বাবে একেবাৰে নতুন৷ মাজৰ কোঠাটোত ধুনীয়াকৈ সজাই থোৱা পেৰাটোৰ কথাকে ক’লো যেনিবা৷ আইতাই কোৱা মতে এই পেৰাটো বহুত পুৰণি৷ মোৰ ককাৰ ককাকৰ দিনৰে৷ পেৰা মানে হৈছে বস্তু থোৱা ডাঙৰ বাকচ। কিন্তু ই কোনো সাধাৰণ বাকচ নহয়৷ আটকধুনীয়াকৈ তৈয়াৰী কৰা এটা মস্ত বাকচ৷ পেৰাটোৰ গাটোত ধুনীয়াকৈ ফুল কটা আছে৷ বস্তুবোৰ উলিয়াবলৈ বা থবলৈ সৰুকৈ দৰ্জা এখনো আছে৷ এডাল ডাঙৰ কাঠৰ ডাঙেৰে দৰ্জাখন খোলাৰ বা বন্ধ কৰাৰ ব্যাৱস্থা আছে৷ ডাংডালৰ ওলাই থকা মূৰটোত ডাঙৰ তলা এটা ওলোমাই থোৱা আছে৷ পেৰাটো দেখি মোৰ কৌতুহল বাঢ়িল৷ তাত কিনো আছে তাকে চাবলৈ বৰকৈ মন গৈছিল৷ কিন্তু আনৰ বাকচত কিনো থোৱা আছে তাক সোধাটো জানো উচিত হ’ব! তথাপিও লোভ সামৰিব নোৱাৰি মাক সুধিলোঁ, “মা! ইমান ডাঙৰ বাকচটোত কি আছেনো?”

মোৰ প্ৰশ্ন শুনাৰ লগে লগে মাৰ মুখখন উজলি উঠিল। এনেকুৱা লাগিল, তেওঁ যেন পেৰাটোৰ কথা ক’বলৈ উদ্‌গ্ৰীৱ হৈ আছিল৷ সেইবাবে প্ৰশ্নটো শুনাৰ লগে লগে তেওঁ বৰ উৎসাহেৰে ক’বলৈ ধৰিলে, “এই পেৰাটো আমাৰ ঘৰখনৰ বহুত পুৰণি সম্পদ৷ মোৰ দেউতাৰ ককাকে বোলে এজন নিপুণ কাৰিকৰৰ হতুৱাই এই পেৰাটো নিৰ্মাণ কৰাইছিল৷ সেইসময়ত মানুহে মূল্যৱান সম্পদবোৰ পেৰাটে যতনাই থৈছিল৷ এইটো হ’ল পেৰাটোৰ তলা৷” মায়ে পেৰাটোত পাৰি থৈ দিয়া কাপোৰখন আঁতৰাই ডাঙৰ তলাটো চুই চুই কথাষাৰ ক’লে৷ মাৰ লগতে মইও তলাটো চুই চালো৷ কাঠেৰে তৈয়াৰ কৰা এটা ডাঙৰ তলা সুন্দৰ কিটিপ কৰি এডাল মজবুট শলখাৰে তলাটো বন্ধ কৰি থোৱা হৈছে৷ মানে তলাটোৰ চাবি৷ তলাটো দেখিবলৈ বৰ ধুনীয়া৷ গাটোত সুন্দৰকৈ ফুল কটা আছে আৰু মাজে মাজে মিনা কৰা আছে৷ দেখি মই আচৰিত হ’লো৷ তলাটোকনো ইমান সুন্দৰকৈ সজাব লাগেনে? তলাটোৱে যদি ইমান সুন্দৰ হয় পেৰাটোৰ গাটো বা কিমান সুন্দৰ হ’ব! কথাষাৰ মনলৈ অহাৰ লগে লগে কাপোৰখন আৰু অলপ ডাঙি চালোঁ সচাকৈয়ে পেৰাটো বৰ ধুনীয়া গোটেই গাটোতে সুন্দৰকৈ ফুল কটা আছে৷ কাঠৰ ওপৰত ইমান সুন্দৰকৈ ফুল বাচিবলৈ কাৰিকৰজন কিমান পাকৈত হ’ব লাগিব তাক ভাবি মই থৰ লাগিলোঁ৷ মই ফুলবোৰ ওপৰত হাত বুলাই বুলাই চাই থাকিলোঁ৷ এনেতে পেৰাটোৰ খুৰা কেইটাত চকু পৰিল৷ বেছি ওখ নহয় যদিও বেচ শকত আৰু মজবুত। ইমান ডাঙৰ পেৰাটোক ধৰি ৰাখিবলৈ খুৰাটো মজবুত হ’বই লাগিব৷ মই কথাবোৰ চাই থাকোতে মায়ে পেৰাটোৰ তলাটো খুলি লৈ ডাঙৰ মাৰি এডাল উলিয়াই আনিলে৷ দৰাচলতে এই মাৰিডালে হৈছে পেৰাটোৰ মূল বস্তু৷ এই মাৰিডালৰ এটা মূৰ বিশেষ কৌশল কৰি পেৰাটোৰ সৰু দৰ্জাখনৰ তলত থকা ফুটাটোত সুমৱাই দিয়া থাকে আৰু আনটো মূৰ পেৰাটোৰ বাহিৰফালে ওলাই থাকে৷ সেই ঠাইখনিতে ডাঙৰ তলাটো লগাই দিয়া আছিল৷ মায়ে মাৰিডালেৰে দৰ্জাখন ডাঙি দিলে আৰু মই লগে লগে ধৰি ললোঁ৷ ইমান কৌশল কৰি কামবোৰ কৰিব লাগিছিল যে মোৰ মোৰ মনটো ভাল লাগি গ’ল৷ মা আৰু মই দুয়ো লগলাগি গধুৰ দৰ্জাখন আঁতৰাই থ’লোঁ৷ পেৰাটো ইমান ডাঙৰ যে খুলি দিয়াৰ লগে লগে প্ৰকাণ্ড সুৰঙ্গ যেন লাগিল৷ ভিতৰ ভাগ বেচ আন্ধাৰ৷ একো মনিব নোৱাৰি৷ মায়ে টৰ্চ এটা আনি পেৰাটো পোহৰ কৰি তোলাতহে ভিতৰৰ ভাগ দেখা পোৱা গ’ল৷ লগে লগে মোৰ পেৰাটোত সোমাই যোৱাৰ বাসনা জাগিল৷ মই জানো মাক ক’লে তেওঁ মোক কেতিয়াও মানা নকৰে৷ কিন্তু বাচন বৰ্তনেৰে ঠাহ খাই থকা পেৰাটোতনো সোমাওঁ কেনেকৈ! সেইবাবে পেটৰ কথা পেটতে সুমাই থ’লোঁ৷ ময়ে মোক কিছুমান বাচন উলিয়াই দেখুৱালে৷ তাৰ ভিতৰত আছিল আজোককাই ‘ভাত খোৱা ডাঙৰ থাল এখন, এখন প্ৰকাণ্ড পুষ্পপত্ৰ, বৰকাহ, বহুত ধৰণৰ বঁটা, শৰাই, চৰিয়া, টৌ ইত্যাদি৷ বাচন-বৰ্তনবোৰ দেখি মই বৰ আচৰিত হ’লোঁ৷ এখন ঘৰৰ বাবে এই প্ৰকাণ্ড প্ৰকাণ্ড বাচনবোৰৰ প্ৰয়োজন কি? প্ৰশ্নটো উদয় হোৱাৰ লগে লগে মনত নানা আনুষংগিক কথাই জুমুৰি ধৰিলে৷ তাৰ মাজৰ পৰা প্ৰাসংগিক যেন লগা প্ৰশ্ন এটা মাক কৰিলোঁ, যাতে মাৰ পৰা উত্তৰটো পাওঁ আৰু মোৰ মনৰ খোকোজাবোৰ নাইকিয়া হয় –

“মা! আমাৰ ঘৰত ইমানবোৰ বাচন ব্যৱহাৰ কৰা হৈছিল নে? নে এই বাচনবোৰ ভাৰাত দিয়া হৈছিল?”

মোৰ প্ৰশ্নটো শুনি মাৰ হাঁহি উঠি গ’ল, “ধেৎ! ভাৰাত কিয় দিব! ঘৰৰ বিভিন্ন কামত এই বাচন-বৰ্তনবোৰ ব্যৱহাৰ কৰা হৈছিল৷”

“ঘৰৰ কামত! কিন্তু ইমান ডাঙৰ বাচন, তাতে কাহ পিতলৰ বাচন!”- মই আচৰিত হৈ ক’লোঁ৷

“আগৰ দিনত আমাৰ ঘৰবিলাকত কাহ-পিতলৰ বাচন-বৰ্তনে ব্যৱহাৰ কৰিছিল৷ পূজা-পাৰ্বন বা সকাম-নিকাম আদিত এই প্ৰকাণ্ড প্ৰকাণ্ড বাচনবোৰ ব্যৱহাৰ কৰা হৈছিল৷ আগতে ভাৰাত বাচন দিয়াৰ কোনো ব্যৱস্থা নাছিল৷ সামৰ্থবান লোকসকলে প্ৰয়োজনীয় বাচনবোৰ ঘৰতে কিনি ৰাখিছিল৷ অৱশ্যে প্ৰয়োজন হ’লে আনকো দিছিল৷ আমাৰ ঘৰত পূজা পাতিলে এই প্ৰকাণ্ড টৌটোত ভোগ বনোৱা হৈছিল, আৰু এই বাচবোৰ ভাত-দালি ইত্যাদি ৰান্ধিবলৈ ব্যৱহাৰ কৰা হৈছিল৷ ওচৰে পাজৰে বিয়া-সবাহ পাতিলে এই বাচনবোৰ কিছুমান লোকে লৈও গৈছিল আৰু সময়মতে পৰিষ্কাৰ কৰি ঘুৰাই দিছিল৷ অৱেশ্য ইয়াৰে কিছুমান বাচন অকল সজোৱাৰ কামতে ব্যৱহাৰ কৰা হৈছিল, যেনে এই ডাঙৰ বঁটা আৰু শৰাইখন। বিয়া-বাৰু হ’লে পদূলিমুখত এইখন ধুনীয়াকৈ সজাই থোৱা হৈছিল৷ আৰু এই বানকাঁহী আৰু বাতিবোৰ দেখিছা নহয়৷ ঘৰলৈ কোনো মান্যৱন্ত লোক আহিলে এই বাচনবোৰ ব্যৱহাৰ কৰা হৈছিল৷ তাৰোপৰি এই গোঁসাইৰ বাচনবোৰ যে দেখিছা এইবোৰ সকাম-নিকাম পাতিলে ব্যৱহাৰ কৰা হৈছিল৷ দৈনন্দিন কামত ব্যৱহাৰ হোৱা বাচনবোৰ পেৰাত থোৱা নহয়৷ যিবোৰ বাচন কিছুমান বিশেষ দিনত ব্যৱহাৰ কৰা হৈছিল সেই বাচনবোৰহে ইয়াত ৰখা হয়৷ এতিয়া আৰু এই বাচনবোৰৰ প্ৰচলন কমি গৈছে৷ তথাপিও পুৰণি চিন হিচাপে যতনাই ৰখা হৈছে৷ ”

মায়ে কথাবোৰ কৈ কৈ পেৰাটো বন্ধ কৰিলে, তাৰপিছত দুয়ো লগলাগি তলাটো লগাই দিলোঁ৷ পেৰাটোত তলা মৰাটোও এটা ডাঙৰ কাম বুলিয়ে ক’ব পাৰি৷ পেৰাটো বন্ধ কৰি মায়ে মোক পুৰণি জপাটো দেখুৱালে৷ এই জপাটোতে বোলে আজোআইতাই বিয়াৰ সময়ত লগত লৈ আহিছিল৷ ইয়াতে বোলে ভাল ভাল কাপোৰবোৰ জাপি সাঁচি ৰাখিছিল৷ জপাটোৰ ওচৰতে কাঠৰ সৰু খুন্দনা এটা থোৱা আছে৷ এই বস্তুটো মই কাহানিও দেখা নাই বা ইয়াৰ বিষয়ে শুনাও নাই। তথাপিও এইটোও যে এটা পূৰণি সম্পদ তাক দেখিয়ে বুজি পালোঁ৷ সেইবাবে তাৰ বিষয়ে জানিবলৈ মাক সুধিলো, “মা! এইটো কি?”

“মায়ে খুন্দনাটো হাতত তুলি লৈ ক’লে, “এইটো হ’ল খুন্দনা৷ মই মোৰ আইতাক বেছিকৈ তামোল খোৱা দেখা নাছিলোঁ যদিও ঘৰত কেতিয়াবা দাঁত নহোৱা লাপুং বুঢ়া-বুঢ়ী আহিলে এই খুন্দনাটোত তামোল খুন্দি দিয়া হৈছিল৷ আমাৰ ঘৰবিলাকত আলহী আহিলে তামোল-পাণ যচাটো এটা নিয়ম৷ যদি কাৰোৰাৰ দাঁত নাথাকে বা নিজে তামোল চোৱাই খাব নোৱাৰে তেওঁলোকক খুন্দনাত তামোল খুন্দি খাব দিয়া হৈছিল৷ ইয়াতে তামোল-পাণ সোমোৱাই দি এই দাং ডালাৰে খুন্দি গুড়া কৰি তামোল খাইছিল৷”

তামোল খোৱাৰ কৌশলটো শুনি মই বৰ ৰং পালো৷ লগতে আমাৰ সমাজত তামোল-পাণৰ কিমান আদৰ তাক আইতাৰ মুখত শুনিছিলোঁ যদিও এই খুন্দনাটোৱে বহুতো কথা সহজ কৰি দিলে৷ তামোলৰ খুন্দনাটোৰ ওচৰত সুন্দৰ বগা শিলৰ পাত্ৰ এটা দেখা পালোঁ৷ এইটো বোলে চূণৰ টেমি, মানে চূণ থোৱা পাত্ৰ৷ তাত চূণ সোমোৱাই পানী দি থৈছিল৷ নহ’লে বোলে চুণবোৰ শুকাই যায় আৰু খাবলৈ অনুপযুক্ত হৈ উঠে৷ মাহঁতক সৰু থাকোতে ফাগুণ-চ’ত মাহত পেলু নহ’বলৈ আজোআইতাই বোলে চূণৰ পানী খুৱাইছিল৷ তেওঁলোকে খাব নিবিচাৰিলেও নানা কৌশল কৰি ফুচলাই চূণৰ পানী খুৱাইছিল।

মাৰ মুখত তেওঁৰ শৈশৱৰ বহুতো কথাই শুনিলোঁ৷ বিশেষকৈ আজোআইতাৰ লগত কটোৱা সেই সময় খিনিৰ কথা৷ কি যে সুন্দৰ আছিল সেই দিনবোৰ!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close