Written by 6:56 pm Poems

একাত্ম

 হিল্লোলজ্যোতি সিংহ

নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে

তুমি ঢিমিক ঢামাককৈ জ্বলি আছা

সাঁতুৰি গৈ সিপাৰ পালোঁ

দিনৰ পোহৰত তুমি হেৰাই থাকিলা!

এক বিজন বালিচাপৰিত ঘঁৰিয়ালৰ দৰে

থৰ হৈ পৰি ৰ’লোঁ মই

ৰে’লৰেখা দুডাল গৈ য’ত লগ লাগিছে

তাতেই তুমি থিয় হৈ হাত বাউল দি মাতিছা

যিমানে আগুৱাইছোঁ তুমি আঁতৰি গৈছা!

নিজান নিশা

দূৰৈত বাঁহীৰ মাতৰ দৰে

তোমাৰ মাতটো শুনোঁ

আন্ধাৰত মাত বিচাৰি বাট হেৰুৱাওঁ

অথচ মোৰ প্ৰতিটো উশাহত তুমি

ধমনীৰে প্ৰৱাহিত হৈ আছা

তোমাক নেদেখোঁ

মাথোঁ অনুভৱ কৰোঁ তোমাৰ হৃদয়ৰ স্পন্দন

তোমাক লগ নেপাওঁ

কিন্তু অনবৰত তোমাৰ আঙুলিয়ে স্পৰ্শ কৰিছে মোৰ শৰীৰ

তোমাৰ মাতৰ বাবে উৎকৰ্ণ মই

অথচ তুমি ৰিণি ৰিণি বাজি আছা

মোৰেই বুকুৰ ধপধপনি হৈ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close