Written by 7:47 pm Poems

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি

 (গীতালি বৰাৰ ‘অন্তৰতম’ উপন্যাস পঢ়ি)

 বৰ্ণালী বড়া

ছিগি যোৱা চেতাৰৰ তাঁৰ

বিচ্ছিন্ন সময়ক ধাৰণ কৰা একাকী অস্থিৰতা

ৰেপি ৰেপি ৰাতিৰ নিৰ্লিপ্তি

সেই সুৰ নে সুৰহীনতাত জী উঠে শেষ ভাবনা

নিদ্ৰামগ্ন চকুৰ ভাষাত হেৰায় অনিদ্ৰাৰ পৃথিৱী

সাঁচি ৰখা অতবোৰ সাধু তোমাৰ বাবেই আছিল

কি আছিল কি আছিল আৰু

অৱচেতন শূন্যতা আৰু শায়িত মুদ্ৰাৰ একাকিত্ব

ক’ৰবাত একেইনে

সমগ্ৰ ৰিক্ততা সামৰি একেইনে এজাক পখিলা

ভাৱলেশহীন দুচকু

কোনখিনিত বিচ্ছিন্ন বাস্তৱ আৰু ভ্ৰমৰ সূত্ৰ

আৰু প্ৰেম?

বুকুৰ এঠাইত সকলো আওকাণ কৰি আমি জানো সাজি থকা নাই ইচ্ছাৰ বালিঘৰ

যাতনাৰ জোৱাৰ তুলি বাৰে বাৰে আছাৰি থকা ঢৌ-ধ্বনি

বাৰে বাৰে মচি পেলোৱা পানী-মায়া

ঢৌ পানী

পানী ঢৌ

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি…

আশ্ৰয়ৰ নে সংশয়ৰ সহস্ৰ ফণাই ছিনি ধৰা এই নিৰ্জন বেলা

নিভৃতিত অযৌন চেতনাৰ হিচহিচনি

মোৰ সমগ্ৰ সত্তাক মেৰিয়াই যি চাই থাকে চাই থাকে সেই কথকক

বুকুৰ শূন্যতাৰে যি শব্দ সাজে

কল্পকথাৰ আঁৰৰ এখন নিদ্ৰাহীন পৃথিৱীৰ

ঠিকনা :

সেউজপুৰ, জয়ানগৰ

দুলীয়াজান – ৭৮৬ ৬০২

ডিব্ৰুগড়, অসম

ভ্ৰাম্যভাষ – ৯৯৫৪৬ ৮৪৭৮৭

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close