Written by 11:08 am Poems

এই লহমাৰ সিপাৰে

জ্যোতিনীলিমা গগৈ

সুদীৰ্ঘ দিন মোৰ অহা যোৱা

আন্ধাৰ বাটেৰে

কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া

কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন

কেতিয়াবা অৱচেতনাত পাৰাপাৰহীন

ৰঙা মেঘৰ আলোড়ন

ভাৱনাৰ পৰা নিৰ্ভাৱনালৈ ইমান যে দূৰত্ব

শিলাময় বাটৰ কাষত জাৰে জহে

ফুলি থাকে বহুবৰ্ণী ফুল

নিৰ্জনতাক জোকাই জোকাই যেন

নিজেই নিথৰ শীতৰ নিয়ৰ

কি যে বৈপৰীত্য

জোনাকীবোৰ শুই পৰাৰ পৰত

মই সাৰ পাওঁ

ঘনঘোৰ আন্ধাৰৰ মাজে মাজে

উমানতে গৈ পাওঁ

সহস্ৰ লহমাৰ সিপাৰ

চেঁচা বতাহৰ ধাৰত শুনো

অনেক অব্যৰ্থ মৃত্যু-গাথা

মাটিয়ে কুটি খায় পাৰ্থিৱ

পৃথিৱীৰ ভৱিষ্যত কঢ়িয়াই জীৱনে য’ত থিত লয়

গৈ থাকিব সেই

জোঁৰধাৰী সময়…

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close