Written by 12:14 pm Poems

এই আছোঁ, এই নাই

সুকুমাৰ চেতিয়া

এই আছোঁ এই নাই

পৰুৱা, মাখি আৰু মহৰ দৰে

জীৱন অনিশ্চয়তাৰ মাজে মাজে

আছোঁ মানে এক সঞ্জীৱন

নাই মানে নাই

চাবলৈ গ’লে কথা সিমানেই

তথাপি অনবৰতে ভয়

থকা-নথকাৰ যুঁজখন 

থৈয়া-নথৈয়াকৈ লাগি থাকে

অগা-ডেৱা কৰি থাকে 

অনিশ্চয়তাৰ পেণ্ডুলাম

পুৱাই বুকুত হাত দি উমান লওঁ

আছোঁ নে জী

দুপৰীয়াবোৰ গোমা-গেঁঠেলা

কাহ এটা মাৰিবলৈও ভয়

কিজানিবা কেঁকোৰাই  মাটি খান্দিছেই

মৃত্যু চিৰন্তন সত্য

পাহৰি থকাটোও চিৰন্তন 

সত্য এতিয়া চ’ৰাঘৰে মাৰলঘৰে

বাহি চোতাল বুলি একো নাই

ওফন্দা পেট আৰু কাঁথি চেলেকা তফাৎহীন

একো মজা নোহোৱা হ’ল একোতে

কাৰণ কাৰবাৰটো পাহৰিব নোৱাৰাকৈয়ে সুলভ 

মোৰ আৰু পৰুৱাৰ জীৱন বুৰঞ্জী এতিয়া

এখিলা পাতৰে ইলুটি-সিলুটি

ঠিকনা  :

আজিজবাগ চাহ বাগিছা, 

ডাক :  ৰাজগড়, ডিব্ৰুগড়(অসম)

পিন : ৭৮৬৬১১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close