Written by 4:39 am Poems

উৎসৱৰ পাছত

প্ৰশান্ত মিশ্ৰ

জানো, তুমি ভাবা
সদায় হৈ ৰ’ব গগন নিৰ্মল
শুভ্ৰ স্বচ্ছ জলধি
মলয়াৰ ৰিব্ ৰিব্ বাত কঁপি থাকিব
তোমাৰ দীঘল চুলিটাৰি
এটি বিন্দুত ৰৈ যাব
এখনি চিকণ কোমল মুখ

উৎসৱৰ ঠিক পাছতেই
সেউজীয়া পাতবোৰ সৰি পৰিব
মৰ্মৰ ধ্বনিও শুনা যাব
বাটৰুৱাৰ চৰণ স্পৰ্শত
স্থিৰ পানীত উপঙি থকা
শুকান পদুম পাতৰ ওপৰত
জিঞাবোৰে ছেও দি দি নাচিব
কুঁৱলীৰ আচ্ছাদনে
আগন্তুকৰ বাট ভেটি ধৰিব

বালিত অঁকা এটি আখৰ
সাগৰৰ ঢৌৱে উটুৱাই লৈ যাব
মধুৰ প্ৰাৰ্থনা সংগীতৰ মূৰ্ছনাই
এটি সন্ধিয়া মুখৰ কৰি তুলিব।

ঠিকনা:অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close