Written by 11:08 am Articles

উৎকৃষ্ট গদ্যৰ সন্ধানত

 খগেশ সেন ডেকা

প্ৰস্তাৱনা :

        মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ যথেচ্ছ সমন্বয়েৰে ভাষা ক’ব পৰা মানুহেই হৈছে একমাত্ৰ জীৱ৷ নক’লেও চলে, ভাষা মূলতঃ মানুহৰ এক শাৰীৰিক অভিব্যক্তি৷ সেয়ে হ’লেও, ইয়াৰ লগত ব্যক্তিৰ মনোজগত সৰ্বক্ষণ জড়িত হৈ থাকে৷ আন কথাত ভাষাক মানুহৰ এক মানসিক কাৰ্য বুলিলেও ভুল কোৱা নহয়৷ 

        উদ্ভৱ কালৰে পৰা মানুহৰ মুখৰ ভাষা আছিল গদ্যাশ্ৰিত৷ অৰ্থাৎ, দৈনন্দিন জীৱন-পৰিক্ৰমাত মানুহে গদ্যৰ জৰিয়তেহে পাৰস্পৰিকভাৱে ভাবৰ আদান প্ৰদান কৰিছিল৷ কিন্তু মানুহ আৱেগ বিৱৰ্জিত জড় পদাৰ্থ নহয়৷ সৃষ্টিশীল মানুহে অন্তৰৰ গভীৰ ভাবানুভূতি প্ৰকাশ কৰিবলৈ যাওঁতে এটা সময়ত তেওঁলোকৰ মুখৰ বচনে ছন্দোবদ্ধ ৰূপ পৰিগ্ৰহ কৰে৷ গুহাবাসী জীৱনৰ পৰা মৃগয়াজীৱী স্তৰলৈ বিৱৰ্তিত হোৱাৰ পাছত নিধন কৰি অনা অথবা জীয়াই জীয়াই ধৰি অনা চিকাৰৰ চাৰিওফালে লগে-ভাগে কৰা উদ্দাম নৃত্যৰ সৈতে সংগতি ৰাখি তেতিয়াৰ মানুহে মনৰ অভিব্যক্তি পদ্যধৰ্মী ভাষাৰেই গীতৰ আকাৰত প্ৰকাশ কৰিছিল বুলি ধাৰণা কৰা হৈছে৷ কাৰণ আৱেগ-অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ গদ্যতকৈ পদ্যৰ মাধ্যমেৰেহে সহজে হয়৷ আদিম মানৱৰ এনে কাৰ্যৰ পৰাই পৰৱৰ্তী সময়ত মৌখিকভাৱে প্ৰৱাহিত লোক সাহিত্যৰ উদ্ভৱ হয় বুলি পণ্ডিতসকলে ঐকমত্য প্ৰকাশ কৰিছে৷ মুঠতে, মানুহৰ দৈনন্দিন জীৱন-প্ৰৱাহ গদ্যৰ মাধ্যমেৰে চলিলেও, সাহিত্যৰ বিকাশত যে পদ্য আগ গদ্য পাছ, সেয়া মানৱ সভ্যতাৰ ইতিহাসৰ এক প্ৰতিষ্ঠিত সত্য৷

        মানৱ-সমাজৰ বিৱৰ্তনত মৌখিক ভাষা এটা সময়ত লিখিত ৰূপলৈ পৰিৱৰ্তিত হোৱাটো এক অতিশয় মহত্ত্বপূৰ্ণ ঘটনা৷ ই সভ্যতাৰ অগ্ৰগতি অধিক ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ তাৰ লগে লগে অৱধাৰিতভাৱে অনুসন্ধিৎসু মানুহে ভাষা কি, ইয়াৰ উদ্ভৱ কেতিয়া কিদৰে হ’ল অথবা  ইয়াৰ স্বৰূপ কি — ইত্যাদি প্ৰশ্নৰ উত্তৰৰ অনুসন্ধান আৰম্ভ কৰিছিল৷ এনেদৰে এটা সময়ত ভাষাৰ বিশ্লেষণ কাৰ্যৰ শুভাৰম্ভণি ঘটে৷ 

অসমীয়া গদ্যৰ ক্ৰম বিকাশ :

        বিশ্বৰ লিখিত ৰূপ থকা যি কোনো ভাষালৈ লক্ষ্য কৰিলে দেখা যায়, সেই সেই ভাষাৰ সাহিত্য পোনতে পদ্যৰেই আৰম্ভ হৈছিল৷ অসমীয়া ভাষাও স্বাভাৱিকতে তাৰ ব্যতিক্ৰম নহয়৷ এই ভাষাৰো প্ৰথম স্তৰত পদ্যহে পোৱা যায়৷ আইনাম, বিয়ানাম  আদি মৌখিক সাহিত্যৰ উপৰি, ইয়াৰ প্ৰত্নৰূপ চৰ্যাপদ, প্ৰাক শংকৰ, শাংকৰী যুগৰ সমস্ত সাহিত্য এই আটাইবোৰেই ছন্দোবদ্ধ পদ্য ৰচনা৷ খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ ৰচিত ৰজাঘৰীয়া ভূমিদান ফলিসমূহ, যুদ্ধজয়ৰ স্মাৰক, মন্দিৰৰ গাত্ৰলিপি আদিতো নিতান্তই আনুষ্ঠানিক ভাষাৰূপ সম্বলিত এক প্ৰকাৰৰ গদ্য পোৱা যায়৷ এইছোৱা সময়ৰ এই লিপিসমূহ ৰজাঘৰৰ নিৰ্দেশত ৰচনা কৰা হৈছিল আৰু ইবোৰৰ প্ৰকাশ-মাধ্যম আছিল সংস্কৃত৷ ত্ৰয়োদশ শতিকা আৰু তৎ পৰৱৰ্তী কালত লিখোৱা লিপিসমূহত অৱশ্যে অসমীয়া ভাষাৰ প্ৰয়োগ লক্ষ্য কৰিব পাৰি৷ 

        শংকৰী যুগৰ নাটসমূহত যদিও এক ধৰণৰ গদ্য পােৱা যায়, সেয়া পদ্যৰে নামান্তৰ মাথোন৷ যথাৰ্থ অসমীয়া গদ্য সাহিত্যৰ উদ্ভৱ হয় খ্ৰীষ্টীয় ষোড়শ শতাব্দীত—ভট্টদেৱৰ হাতত৷ এইজনা কৃতবিদ্য পুৰুষে গুৰু দামোদৰদেৱৰ আজ্ঞানুসাৰে গদ্যভংগীৰে ভাগৱত, গীতা, ৰত্নাৱলী আদি সংস্কৃতৰ কঠিন শাস্ত্ৰ এক অননুকৰণীয় গদ্যভংগীৰে অসমীয়ালৈ অনুবাদ কৰে৷ ভাষাতত্ত্ববিদ বাণীকান্ত কাকতিয়ে (১৯৪১) ভাষাতত্ত্বৰ দৃষ্টিৰে এই গদ্যত কোনো নতুনত্ব বিচাৰি নাপালেও আৰু তৎসম শব্দৰ পয়োভৰ দেখিলেও, বৈচিত্ৰ্যপূৰ্ণ গদ্য সাহিত্যৰ বিভিন্ন দিশৰ বিচাৰত ভট্টদেৱৰ গদ্য চিৰস্মৰণীয় হৈ ৰ’ব৷ সেই দিশবোৰৰ ভিতৰত প্ৰধান হ’ল— শব্দৰ সঠিক নিৰ্বাচনৰ লগে লগে ভাষাক সচেতনভাৱে পুনৰাবৃত্তিৰ দোষৰ পৰা মুক্ত কৰি ৰাখিব পৰাটো৷ ভট্টদেৱে শব্দ-প্ৰয়োগত ঘাইকৈ সংস্কৃত শব্দ-সম্ভাৰক আশ্ৰয় কৰাৰ মূল কাৰণ আছিল গীতা, ভাগৱতৰ দৰে তত্ত্বগধুৰ গ্ৰন্থৰ বিষয়বস্তু উপস্থাপন কৰিবলৈ দৈনন্দিন জীৱনত প্ৰৱাহিত কথিত ৰূপৰ শব্দ-ভাণ্ডাৰৰ পৰ্যাপ্তিৰ অভাৱ৷ মুঠতে নিজৰ গদ্যভংগী সম্বন্ধে ভট্টদেৱ আছিল অতি সচেতন৷ কিন্তু, সেয়ে হ’লেও, তেওঁৰ সংস্কৃত শব্দ তথা সংস্কৃত-ব্যাকৰণাশ্ৰিত এই গদ্য কৃত্ৰিমতাৰে ভৰা, তাত তৎকালীন ভাষাৰূপৰ কোনো নিদৰ্শন নাই বুলি ইচ্ছা কৰিলে বাণীকান্ত কাকতিয়ে কৰা অভিযোগেৰে অভিযুক্ত কৰি তেওঁক নিন্দাবাদো দিব পাৰি৷ কিন্তু পূৰ্বৰ কোনো নিদৰ্শন অবিহনেই  অসমীয়া সাহিত্য জগতত তেওঁ যি এক নতুন ৰচনা-ভংগী, নতুন ধাৰাৰ সৃষ্টি কৰি থৈ গ’ল, তাৰ বাবে তেওঁক অসমীয়া জাতিয়ে চিৰকাল কৃতজ্ঞতাৰে স্মৰণ কৰিব লাগিব৷ এইজনা বিদগ্ধ শাস্ত্ৰজ্ঞৰ গদ্যশৈলীৰ এটা বিশেষ দিশৰ প্ৰসংগ পাছলৈ থৈ পৰৱৰ্তী সময়ৰ অসমীয়া গদ্যৰ ধাৰা সম্বন্ধে থোৰতে উল্লেখ কৰা সমুচিত হ’ব৷

    অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত ভট্টদেৱৰ পাছত ৰঘুনাথ মহন্তৰ কথা ৰামায়ণ আন এক উল্লেখযোগ্য কৰ্ম৷ অৱশ্যে মহন্তৰ গদ্যভংগী আছিল বহু পৰিমাণে ব্ৰজাৱলী-আশ্ৰিত৷ অসমীয়া গদ্য সাহিত্যৰ পৰৱৰ্তী স্তৰত, অৰ্থাৎ মধ্যযুগত দুটি অতি শক্তিশালী গদ্যৰ ধাৰা পোৱা যায় : 

            (১) আহোম ৰজাৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যৰ গদ্য আৰু 

       (২) সত্ৰৰ উদ্যোগত ৰচিত চৰিত পুথিৰ গদ্য৷ দুয়োটা ধাৰাৰ আধাৰ অসমীয়া ভাষাৰ দুটি ৰূপ৷ প্ৰথমটো ৰজাঘৰীয়া মান্য ভাষা আৰু পিছৰটো সত্ৰসমূহৰ পৃষ্ঠপোষকতাত চলা ভকতীয়া ঠাঁচৰ মান্য ৰূপ৷ ইয়াৰে প্ৰথমটো, অৰ্থাৎ বুৰঞ্জীৰ গদ্যৰ প্ৰকাশ ভংগী আছিল অতিশয় শক্তিশালী, খাৰাংখাছ আৰু তৎকালীন শিৱসাগৰ (ৰংপুৰ) অঞ্চলৰ কথিত ৰূপৰ অধিক ওচৰ চপা৷ তদুপৰি, বুৰঞ্জীভেদে ভাষাশৈলীৰ ভিন্নতাও কিছু লক্ষ্য কৰা যায়৷ উদাহৰণ স্বৰূপে, কামৰূপৰ বুৰঞ্জীৰ ভাষাশৈলী আন বুৰঞ্জীতকৈ কিছু পৃথক৷ তেনেদৰে, দেওধাই অসম বুৰঞ্জীৰ ভাষা আন বুৰঞ্জীতকৈ কিছু প্ৰাচীন ধৰণৰ৷ আকৌ চাং ৰুং ফুকনৰ বুৰঞ্জীত এক ধৰণৰ গাণিতিক গদ্যশৈলীহে প্ৰত্যক্ষ কৰা যায়৷

        অসমীয়া ভাষা তথা গদ্যই পোন প্ৰথম আধুনিকতাৰ বাটত খোজ দিয়ে আমেৰিকান মিছনেৰীসকলৰ দ্বাৰা শিৱসাগৰৰ পৰা প্ৰকাশিত প্ৰথম মাহেকীয়া কাকত “অৰুনোদই”(১৮৪৬)-ৰ যোগেদি৷ এই গদ্য আছিল অভিধানকাৰ জদুৰাম দেকা বৰুৱা নিৰ্দেশিত উচ্চাৰণ-নিৰ্ভৰ আখৰ-জোঁটনি অনুসৃত নিতান্তই লেহুকা প্ৰকৃতিৰ৷ কিন্তু হাজাৰ-বাৰশ বছৰীয়া লিখিত পৰম্পৰাৰ অধিকাৰী অসমীয়া ভাষাৰ পক্ষে এনে ৰীতি হিতকৰ নহ’ব বুলি হেমচন্দ্ৰ বৰুৱাই পোনৰে পৰা অৰুনোদইৰ ভাষা-ৰীতিৰ বিৰোধিতা কৰে৷ পৰিশেষত হেমচন্দ্ৰ বৰুৱা নিৰ্দেশিত ৰীতিৰেই অসমীয়া ভাষা তথা গদ্যভংগী পৰিচালিত হয়৷ অৰুনোদইৰ পৰৱৰ্তী জোনাকী (১৮৮৯) যুগৰ বিপুল সাহিত্যৰাজি হেমচন্দ্ৰ বৰুৱা নিৰ্দেশিত ৰীতিৰেই ৰচিত হয়৷ এই ৰীতি সামান্য সাল-সলনিৰে অসমীয়া লিখিত ভাষাত আজিকোপতি বিদ্যমান৷ অসমীয়া ভাষাৰ জোনাকীত আৰম্ভ হোৱা নতুন গদ্যৰীতি পাছলৈ ডালে-পাতে ঠন ধৰি জাতিষ্কাৰ হৈ উঠে৷ জোনাকী যুগৰ পৰা সাম্প্ৰতিক কাললৈ অসমীয়া সাহিত্যত কেইবাগৰাকী শক্তিশালী গদ্য লেখকৰ আবিৰ্ভাৱ ঘটা পৰিলক্ষিত হয়৷ এই শক্তিশালী ধাৰাটোৰ আঁৰৰ মূল মানুহজন আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷

গদ্যৰ বিবিধ প্ৰকাৰ :

        ওপৰত অসমীয়া লিখিত ভাষা তথা গদ্যৰীতিৰ বিকাশৰ এক চমু আভাস দাঙি ধৰা হ’ল৷ এইখিনিতে বিবিধ প্ৰকাৰৰ গদ্যৰ দিশটো কিছু মুকলিকৈ বিচাৰ-বিশ্লেষণ কৰি চোৱাটো সমীচীন হ’ব৷ ভাষাৰ প্ৰসংগত এটা কথা প্ৰায়ে শুনা যায়, সেয়া হ’ল— ভাষা মানৱ সমাজৰ পাৰস্পৰিক যোগাযোগৰ মাধ্যম৷ কথিতই হওক বা লিখিতই হওক ভাষাই যদি মানুহৰ মাজত সেই কাৰ্য সুকলমে সাধন কৰিব পাৰিছে তেন্তে সেই বিষয়ে আন একো ভবাৰ আৱশ্যক নাই৷ এই ক্ষেত্ৰত ভাল-বেয়া, শুদ্ধ-অশুদ্ধৰ চুলি ছিগা বিচাৰ পণ্ডশ্ৰম মাত্ৰ৷ তেওঁলোকৰ মতে, গদ্যৰ প্ৰসংগতো এই কথা প্ৰযোজ্য৷ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, সবল-দুৰ্বল বুলিবলৈ একো নাই৷ লেখকৰ বক্তব্য বুজি পালেই হ’ল৷ পিছে এয়া অতি সৰলীকৰণ আৰু এনে সৰলীকৰণ কোনো সচেতন ব্যক্তিয়ে মানি নল’ব৷ সৰলীকৰণৰ প্ৰৱক্তাসকললৈ আমাৰ মুকলি প্ৰশ্ন—সভ্য মানুহে লজ্জা নিবাৰণৰ বাবে পোছাক পৰিধান কৰে আৰু সেই পোছাক নিজৰ অভিৰুচি অনুসাৰে তৈয়াৰ কৰি বা পচন্দ মতে বজাৰৰ পৰা কিনি লয়৷ তাকে নকৰি এডোখৰ বস্তা চিলাই কৰি পিন্ধিলেও নিশ্চয়কৈ লজ্জা নিবাৰণৰ সমস্যা সমাধান কৰিব পৰা যায়৷ কিন্তু মানুহে সেয়া নকৰে৷ কাৰণ, মানুহ সৌন্দৰ্যপিয়াসী৷ ঘৰ দুৱাৰ, পিন্ধন-উৰণ, খাৱন-দাৱন সকলো ক্ষেত্ৰতে মানুহে নিয়ম-শৃংখলা, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ মাজেৰে নিজে গম নোপোৱাকৈয়ে সৌন্দৰ্য বিচাৰি ফুৰে৷ ভাষা তথা গদ্যও তাৰ ব্যতিক্ৰম নহয়৷ পৰিস্থিতিসাপেক্ষ, পৰিৱেশ নিৰ্ধাৰক ভাষাৰ প্ৰয়োগেও তেনে ইংগিতকে দিয়ে৷ কথিতই হওক বা লিখিতই হওক, জন্মগতভাৱে লাভ কৰা ভাষা-জ্ঞানৰ জৰিয়তে নিজৰ মনোজগতত অন্তৰ্লীন হৈ থকা মাতৃভাষাৰ অলিখিত ব্যাকৰণ বা নিয়ম-কানুনৰ সহায়ত অসচেতনভাৱে মানুহে নিজৰ ভাষাটোক পৰিমাৰ্জিত ৰূপত ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰে৷

        ভাষা একোটাৰ অভিধান মেলি চালে তাত হৰেক ৰকমৰ শব্দৰ প্ৰৱিষ্টি পোৱা যায়৷ তাৰে বিশেষ দৰকাৰী শব্দবোৰহে মাতৃভাষীৰ মন-মগজুত সঞ্চিত থাকে৷ মানুহে কথা কোৱাৰ সময়ত সেই ভাণ্ডাৰটোৰ পৰাই অসচেতনভাৱে শব্দ আনি নিজৰ বক্তব্য বিষয়ক পৰিচ্ছন্ন ৰূপ দিয়ে৷ এই ভাষাৰূপ স্বতঃস্ফূৰ্ত তথা অসচেতন হোৱা হেতুকে ইয়াত  ব্যাকৰণদুষ্ট প্ৰয়োগ তেনেই সুলভ৷ আনহাতে, লিখিত ভাষা কথিতৰ দৰে স্বতঃস্ফূৰ্ত নহয়৷ ই বহুলাংশে কৃত্ৰিম আৰু প্ৰচলিত ব্যাকৰণ-বিধিৰ দ্বাৰা অনুশাসিত৷ লেখকে যিমান দূৰ সম্ভৱ বছা বছা শব্দৰ ব্যৱহাৰেৰে নিজৰ বক্তব্য বিষয়ক নিটোল ৰূপ দিবলৈ চেষ্টা কৰে৷ 

            লিখিত পৰম্পৰাৰ ঐতিহ্যৰে চহকী ভাষাক যিদৰে কথিত আৰু লিখিত—এই দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি, তেনেদৰে তেনে ভাষাবিশেষৰ গদ্যকো আলোচনাৰ সুবিধাৰ বাবে একেই নামেৰে দুটা প্ৰধান ভাগত ভাগ কৰি ল’ব পাৰি : কথিত গদ্য আৰু লিখিত গদ্য৷ দৈনন্দিন জীৱন-প্ৰৱাহত মানুহে যি বাচন-প্ৰক্ৰিয়াৰে পাৰস্পৰিকভাৱে যোগাযোগ সাধন কৰে তাকে কথিত গদ্য আখ্যা দিব বিচৰা হৈছে৷ আনহাতে, কাগজ-কলমৰ মাধ্যমেৰে যি গদ্য ৰচনা কৰা হয়, বা কৰা হৈছে, তাৰ নাম দিব পাৰি—লিখিত গদ্য৷ কথিত গদ্যক আকৌ দুটা ভাগত ভগাব পাৰি—প্ৰথমবিধ সভা-সমিতি, আইন-আদালত আদি আনুষ্ঠানিক কথা-বতৰাত ব্যৱহৃত গদ্য আৰু দ্বিতীয়বিধ প্ৰাত্যহিক জীৱন-প্ৰৱাহত পাৰস্পৰিক যোগাযোগৰ বাবে প্ৰয়োগ হোৱা গদ্য৷ এই দুয়ো প্ৰকাৰৰ গদ্য শিথিলধৰ্মী আৰু ব্যাকৰণদুষ্ট প্ৰয়োগেৰে সীমাৱদ্ধ৷ ইয়াৰে প্ৰথমবিধ দ্বিতীয়বিধৰ তুলনাত কিছু পৰিমাণে কৃত্ৰিম৷ এইবিধ গদ্য—ভাষাবিশেষৰ মান্যৰূপৰ আধাৰত গঢ় লৈ উঠে৷ আনহাতে, দ্বিতীয় বিধ হ’ল বক্তাৰ নিজৰ মুখৰ অকৃত্ৰিম ভাষাৰূপাশ্ৰিত৷ ইয়াক আন প্ৰকাৰে লোকভাষা বুলিবও পাৰি৷ ভাষা একোটাৰ অন্তৰ্গত দুই বা ততোধিক ভাষাৰূপ, যেনে— উপভাষা, স্থানীয় উপভাষা, বিভাষা, লোকভাষা, ইত্যাদি আটাইবোৰ ৰূপে এইটো শ্ৰেণীক প্ৰতিনিধিত্ব কৰে৷

        লিখিত গদ্যক আলোচনাৰ সুবিধাৰ্থে পুনৰ কেইটামান ভাগত ভগাই ল’ব পাৰি৷ তেনে সম্ভাৱ্য ভাগ কেইটামান হ’ল—

                (ক) সৃষ্টিশীল সাহিত্যৰ গদ্য, 

                (খ) প্ৰবন্ধ, গৱেষণা-পত্ৰ আদিৰ গদ্য, আৰু

                (গ) ব্যাৱহাৰিক (দৰ্খাস্ত, চিঠি-পত্ৰ, সম্বাদ, দলিল ইত্যাদি) গদ্য৷

ইয়াৰে প্ৰতিটো ভাগেই স্বকীয় বৈশিষ্ট্যৰে প্ৰোজ্জ্বল৷ তলত প্ৰতিটোৰে চমু আভাস দাঙি ধৰা হ’ল৷

ক) সৃষ্টিশীল সাহিত্যৰ গদ্য :

        “সৃষ্টিশীল সাহিত্যৰ গদ্য” শব্দগুচ্ছ মূলতঃ গল্প, উপন্যাস, ৰস ৰচনা আদিত প্ৰয়োগ হোৱা গদ্যৰীতিৰ ধাৰণা দিবলৈ প্ৰয়োগ কৰা হৈছে৷ এই বিধ গদ্যত ৰচকৰ কলমৰ পৰ্যাপ্ত স্বাধীনতা থাকে৷ প্ৰতিভাৱান লেখকে এনে গদ্যভংগীৰে ভাষাক নিজৰ ধৰণে ভাঁজ দি লোৱা দেখা যায় আৰু এনে গদ্যই বহু সময়ত ভাষাটোৰ ৰেহ-ৰূপক নতুন গতি দিয়াও পৰিলক্ষিত হয়৷ এইসকল লেখকৰ গদ্যৰীতিকে সাধাৰণতে উত্তৰসুৰীসকলে আদৰ্শ গদ্যৰূপে অনুসৰণ কৰে আৰু নিজৰ ৰচনাত তাৰ প্ৰয়োগ কৰিবলৈ লয়৷ একোগৰাকী লেখকৰ ভাষা যিহেতু ভৱিষ্যৎ পুৰুষৰ পথ-প্ৰদৰ্শক হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে, এতেকে  লেখকসকল ভাষাটোৰ শুদ্ধৰূপৰ (ব্যাকৰণ-অভিধানৰ বিচাৰত শুদ্ধ) প্ৰতি দায়ৱদ্ধ হোৱা অতীব প্ৰয়োজন৷ কিন্তু দুৰ্ভাগ্যৰ বিষয়, সৰহভাগ ক্ষেত্ৰতে তাৰ এক বিপৰীত ছবিহে প্ৰত্যক্ষ কৰা যায়৷ আনকি বৰ্তমান কালৰ বহু প্ৰতিষ্ঠিত অসমীয়া লেখকৰ ভাষাত বিভক্তিৰ অপপ্ৰয়োগ, বাক্য-গাঁথনিৰ আসোঁৱাহ ইত্যাদিকে ধৰি ব্যাকৰণৰ বিভিন্ন নিয়ম যত্ৰ-তত্ৰ উলংঘন প্ৰত্যক্ষ কৰা যায়৷ সৃষ্টিশীল অসমীয়া সাহিত্যিকসকল এইবোৰ দিশৰ প্ৰতি সচেতন হোৱা আৱশ্যক৷ “যতীনে কলিকতালৈ গ’ল”, “চুপ থাকা, কথা নক’বা, আজিলৈকে ঘৈণীয়েকক এপাক ফুৰাবলৈকে নিব নোৱাৰিলা”, “আজি সি লণ্ডন গ’ল” ইত্যাদি বাক্য তাৰ কেইটিমান নমুনা মাত্ৰ৷

(খ) প্ৰবন্ধাদিৰ গদ্য : 

         প্ৰবন্ধ, গৱেষণাধৰ্মী আলোচনা-পত্ৰ ইত্যাদিৰ ৰচনা অত্যন্ত কঠিন কাম৷ বিশেষকৈ এনে ৰচনাত গুৰিৰ পৰা সমাপ্তিলৈ ধাৰাবাহিকতা ৰক্ষা কৰি বিষয়বস্তু বিশ্লেষণ কৰা বৰ টান৷ বৰ্ণনীয় বিষয়ৰ গাম্ভীৰ্য অনুসাৰে উপযুক্ত ভাব-প্ৰকাশক শব্দ চয়ন কৰিব নোৱাৰিলে এই গদ্যই পঢ়ুৱৈৰ সমাদৰ লাভ কৰাত ব্যৰ্থ হোৱাৰ আশঙ্কা থাকে৷ বিষয়বস্তুৰ স্পষ্ট ধাৰণাৰ অভাৱেও এনে গদ্যক দুৰ্বল কৰে৷ 

(গ) ব্যাৱহাৰিক গদ্য :

        চিঠি-পত্ৰ, দৰ্খাস্ত, বাতৰি কাকতৰ সম্বাদ, দলিল আদিও এক ধৰণৰ গদ্য-ৰচনা৷ এই গদ্যক ব্যাৱহাৰিক গদ্য নামেৰে শ্ৰেণীৱদ্ধ কৰিব পাৰি৷ এই গদ্য এক ধৰণৰ নিৰ্দিষ্ট গতত ৰচিত৷ ই সম্পূৰ্ণ আনুষ্ঠানিক (Formal)৷ 

উৎকৃষ্ট গদ্যৰ সন্ধানত :

        ওপৰৰ আলোচনাত গদ্যৰ যিকেইটা ভাগৰ আভাস দাঙি ধৰা হ’ল, সেইবোৰৰ ভিতৰত সবাতো জটিল তথা কঠিন ভাগটো হৈছে প্ৰবন্ধাদিৰ গদ্য৷ সৃষ্টিশীল সাহিত্যৰ গদ্যৰ দৰে এইবিধ ৰচনাৰ গদ্যত কোনো ধৰণৰ আৱেগ নাথাকে৷ ধাৰাৱাহিক কাহিনী কথনৰ ভংগিমাও ইয়াত সমূলি অনুুপস্থিত৷ অথচ আৰম্ভণিৰ পৰা শেষলৈ ৰচকে অতি সাৱলীলভাৱে ৰচনাৰ ধাৰাবাহিকতা ৰক্ষা কৰি চলিবলগীয়া হয়৷ বৰ্ণনীয় বিষয়ৰ স্পষ্টতা এইবিধ গদ্যৰ প্ৰথম আৰু প্ৰধান চৰ্ত৷ লেখাটিৰ এইটো অংশত সেই বিষয়ে আমাৰ নিজস্ব ধাৰণাৰে কিছু কথা তুলি ধৰাৰ চেষ্টা কৰিম৷

        ভাল গদ্য বা বিশুদ্ধ গদ্যৰ সংজ্ঞা কি, উৎকৃষ্ট, বলিষ্ঠ বা ওজস্বী গদ্য আৰু আপেক্ষিকতাৰ বিচাৰত দুৰ্বলৰূপে চিহ্নিত গদ্যৰ বিচাৰৰ মাপ-কাঠি কি হ’ব পাৰে, সেইবোৰ বিষয় বিতৰ্কৰ ঊৰ্ধ্বত নিশ্চয় নহয়৷  কাৰোবাৰ তুলাচনীত বিশুদ্ধ হিচাপে চিহ্নিত গদ্য আন কাৰোবাৰ দৃষ্টিত বেয়া বা দুৰ্বলৰূপে পৰিগণিত হ’ব পাৰে৷ এই ক্ষেত্ৰত উভয়ে নিজা নিজা ধাৰাণাৰে যুক্তি থিয় কৰাব৷ তথাপি বেয়া-ভাল, শুদ্ধ-অশুদ্ধ বিচাৰৰ সমাজ স্বীকৃত (অলিখিত) কেতবোৰ বিধি আছে, যিবোৰক ভিত্তি কৰি সাধাৰণভাৱে মানুহে ভুল-শুদ্ধ, উচিত-অনুচিতৰ বিচাৰ কৰে৷ গদ্যৰ ক্ষেত্ৰত বোধহয় তেনে কোনো বিধিৰ প্ৰচলন আজিকোপতি হোৱা নাই৷ এই ক্ষেত্ৰত তলত উল্লেখ কৰা কথাকেইটা বিবেচনা কৰি চাব পাৰি :

        (১) যি ভাষাত গদ্য লিখা হয়, সেই ভাষাৰ  ব্যাকৰণ আৰু অভিধান শুদ্ধভাৱে অনুসৰণ কৰা গদ্যই বহল দৃষ্টিত ভাল বা বিশুদ্ধ গদ্য৷ অৱশ্যে ব্যাকৰণৰ নিয়মৰ বিচাৰত বিশুদ্ধ হ’লেও, সি উৎকৃষ্ট নহ’বও পাৰে৷ উৎকৃষ্ট বা ওজঃগুণসম্পন্ন হ’বলৈ সম্ভৱতঃ আৰু কিছু ভিন্ন উপাদানৰ আৱশ্যক হয়৷

        (২) কাৰো কাৰো মতে, আৱেগতকৈ যুক্তিনিৰ্ভৰ, বস্তুনিষ্ঠ বিচাৰ-বিশ্লেষণৰ প্ৰতি দায়বদ্ধ গদ্যই উৎকৃষ্ট গদ্য৷ গদ্যৰ প্ৰসংগত এনে ধাৰণাও উলাই কৰিবলৈ টান৷

      (৩) ৰচনা-ৰীতিৰ সাৱলীলতা৷ অৰ্থাৎ, আদিৰ পৰা অন্তলৈ যি গদ্য পঢ়ি গ’লে ক’তো অকণো খোকোজা তথা আমনি নালাগে; বৰং প্ৰতিটো বাক্য, প্ৰতিটো দফাই পাঠকক পৰৱৰ্তী অংশ পঢ়িবৰ বাবে অনুপ্ৰাণিত কৰে তাকেই সাধাৰণভাৱে সবল গদ্য আখ্যা দিব পাৰি৷ 

        (৪) বহু লেখকৰ ৰচনাত বাক্যৰ আৰম্ভণি অংশৰ সৈতে অন্তিম অংশৰ সংগতিহীনতা লক্ষ্য কৰা যায়৷ ফলত বৰ্ণনীয় বিষয় অনুধাৱন কৰা সম্ভৱ হৈ নুঠে৷ তাৰ পৰিৱৰ্তে বাক্যত ব্যৱহৃত পদৰ সংগতিৰ প্ৰতি লেখকৰ সচেতন দৃষ্টি তথা দায়বদ্ধতাই গদ্যক সবল হোৱাত সহায় কৰে৷ 

    (৫) কম কথাৰ মাজেৰে বিস্তৃত ভাবৰ প্ৰকাশ উৎকৃষ্ট গদ্যৰ অন্যতম প্ৰধান চৰ্ত৷ গতিকে প্ৰকাশভংগীৰ মিতব্যয়িতাৰ প্ৰতি গদ্য লেখক  সময়তে সজাগ হৈ থকা প্ৰয়োজন৷

        (৬) ভাব-প্ৰকাশৰ উপযোগী শব্দৰ ব্যৱহাৰে গদ্য ৰচনা নিটোল কৰি তোলে৷ গতিকে উপযুক্ত শব্দৰ নিৰ্বাচন ভাল গদ্যৰ অন্য এক চৰ্ত৷ মানুহে নিজৰ মনৰ সন্তুষ্টিৰ বাবে অৰ্থৰ পৰ্যাপ্তি বিচাৰি নিত্য নতুন শব্দৰ সন্ধান কৰে৷ উদাহৰণ স্বৰূপে, অসমীয়া ভাষাৰ ‘মৰ্’ এটা ধাতু শব্দ৷ ইয়াৰ ক্ৰিয়াৰূপবোৰ হ’ল মৰে, মৰিছে, মৰিছিল, মৰিল ইত্যাদি৷ ইয়াত অস্বাভাৱিকতা বুলিবলৈকো একো নাই৷ কিন্তু কোনো মানুহেই আপোনজনৰ মৃত্যুক বুজাবলৈ এই শব্দটো ব্যৱহাৰ নকৰে৷ নিজৰ মাক বা দেউতাকৰ আদ্যশ্ৰাদ্ধৰ নিমন্ত্ৰণী পত্ৰখন “মোৰ/আমাৰ পিতৃ/মাতৃ (অমুক) মৰিল”— এনেদৰে নিশ্চয় নিলিখে৷  মৃত্যুক বুজাবলৈ এই ক্ষেত্ৰত ঢুকাল, বিয়োগ ঘটিল, স্বৰ্গগামী হ’ল, দেহান্তৰ ঘটিল, লোকান্তৰ ঘটিল  ইত্যাদি ৰূপৰ পৰা উপযুক্ত বুলি বিবেচিত শব্দগুচ্ছ এটি নিৰ্বাচন কৰি ল’ব৷ একেদৰে মহাপুৰুষ, গণ্যমান্য ব্যক্তি আদিৰ মৃত্যুত অৰ্থৰ  পৰ্যাপ্তি আনিব পৰাকৈ বৈকুণ্ঠগামী হ’ল, মহাপ্ৰয়াণ ঘটিল ইত্যাদি শব্দ বা শব্দগুচ্ছ প্ৰয়োগ কৰা হয়৷ বুদ্ধ বা বৌদ্ধমাৰ্গীৰ মৃত্যুক বুজাবলৈ নিৰ্বাণ লাভ কৰিলে, মহাপৰিনিৰ্বাণ ঘটিল আদি শব্দগুচ্ছৰ হে ব্যৱহাৰ প্ৰচলিত৷ ইছলামধৰ্মীসকল আকৌ বেহেস্তলৈ যায় (চাহেব মোৰ বেহেস্তে যায়…)৷

        (৭) স্বকীয় ব্যাকৰণগত বৈশিষ্ট্য আছে বাবেই পৃথিৱীৰ প্ৰতিটো ভাষা সুকীয়া৷ উদাহৰণস্বৰূপে একে মূলৰ পৰা উদ্ভৱ হ’লেও, বাংলা আৰু অসমীয়া দুটা স্বতন্ত্ৰ ভাষা৷ অসমীয়াত এনে কেতবোৰ বিশেষত্ব আছে, যিবোৰ বাংলাত অনুপস্থিত৷ অসমীয়া ‘ত’- বৰ্গৰ ধ্বনিবোৰৰ উচ্চাৰণ দন্তমূলীয়৷ বাংলাত কিন্তু দন্তমূলীয় ধ্বনি নাই৷ অসমীয়া স-ৰ উচ্চাৰণ অইন কোনো আৰ্যভাষাৰ সৈতে নিমিলে৷ নঞৰ্থক ক্ৰিয়াৰ গঠনত অসমীয়াত ক্ৰিয়াপদৰ আগত ন লগ লাগে আৰু ন-ৰ অ ক্ৰিয়াটোৰ প্ৰথম স্বৰৰ সৈতে একে হৈ যায়৷ যেনে—

                ন—যায় > নাযায়,

                ন—কিনে > নিকিনে, 

                ন—হয় > নহয়, ইত্যাদি৷

বাংলাত কিন্তু এনে বৈশিষ্ট্য পাবলৈ নাই৷ এনেদৰে বিচাৰ কৰিলে দেখা যায়, যি ভাষাত গদ্য ৰচনা কৰা যায়, সেই ভাষাৰ ব্যাকৰণ, জতুৱা প্ৰয়োগ, বাক্য-গাঁথনি, শব্দ-চয়ন  সম্বন্ধে ৰচকৰ সম্যক জ্ঞান আহৰণ নিতান্ত জৰুৰী৷ 

        (৮) অসমীয়া বাক্যত পদৰ স্থান নিকপকপীয়া নহয়৷ বক্তাই বাক্যৰ যি অংশত গুৰুত্ব দিয়া আৱশ্যক বুলি বিৱেচনা কৰে, সেই ভাব বহনকাৰী পদ আগলৈ আনি ব্যৱহাৰ কৰিলেও তেনে বাক্য শুদ্ধ বুলিয়েই ধৰা হয়৷ তলত কৰ্তা+কৰ্ম+ক্ৰিয়া যুক্ত মূল সৰল বাক্য এটা অসমীয়া ভাষীয়ে পদৰ স্থান পৰিৱৰ্তনেৰে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে, তাৰ উদাহৰণ দাঙি ধৰা হ’ল—

                (ক) সি ভাত খালে।

                (খ) ভাত খালে সি।

                (গ) খালে সি ভাত৷

ইয়াৰে (ক) বাক্যটো হৈছে সৰল নিয়মিত বাক্য৷ বাকী (খ) আৰু (গ) অনিয়মিত৷ সৃষ্টিশীল সাহিত্যৰ গদ্যত অনিয়মিত বাক্যৰ আৱশ্যকতা নুই কৰিব নোৱাৰি; বৰং পৰিস্থিতি-পৰিৱেশ, চৰিত্ৰৰ আৱেগ-অনুভূতি ইত্যাদি দিশ ধৰি ৰাখিবলৈ এনে বাক্যৰ প্ৰয়োজন আছে (মধ্যযুগৰ কথাগুৰুচৰিতত এনে গদ্যৰ বহুল ব্যৱহাৰ লক্ষ্য কৰিব পাৰি৷)৷ কিন্তু প্ৰবন্ধাদিৰ দৰে ছিৰিয়াছ লেখা এনে বাক্যই গুৰুত্বহীন কৰি তোলাৰ আশঙ্কাই অধিক৷ এই শ্ৰেণীৰ সাহিত্যকৰ্মীয়ে নিজৰ ৰচনাত পোনপটীয়া সৰল বাক্য ব্যৱহাৰ কৰাই মংগলপ্ৰদ৷ দীঘল আৰু জটিল বাক্যত প্ৰচ্ছন্নভাৱে ভুল লুকাই থকাৰ সম্ভাৱনাও অতি প্ৰবল৷ সৰল বাক্যত তেনে সম্ভাৱনা নাথাকে৷ এইখিনিতে আন এটা কথাও লক্ষণীয়৷ অসমীয়া বাক্যৰীতিত পদৰ স্থান নিকপকপীয়া নহ’ল বুলিয়েই “সি আমাক এৰি থৈ গ’ল কৰ্কট ৰোগত” জাতীয় বাক্য নিশ্চয়কৈ গ্ৰহণীয় নহয়, হ’ব নোৱাৰে৷

        (৯) সৰহভাগ লেখকে বাক্য-ৰচনাত কৰ্তাপদ আৰু ক্ৰিয়াপদৰ সংগতিলৈ দৃষ্টি নিদিয়ে, বা দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে৷ অসমীয়া বাক্যত ক্ৰিয়াপদটো অকৰ্মক হ’লে কৰ্তাপদত শূন্য বিভক্তি লগ লাগে, মানে কাৰক বিভক্তি উহ্য থাকে৷ যেনে— ৰামে খায় (সকৰ্মক), কিন্তু ৰাম যায় (অকৰ্মক)৷ ইয়াৰে খা সকৰ্মক ধাতুৰ ক্ৰিয়াপদ খায়৷ গতিকে কৰ্তা ৰামত -এ বিভক্তি লগ লাগিছে৷ আনহাতে যা অকৰ্মক ধাতু৷ গতিকে কৰ্তা ৰাম+০=ৰাম-হে শুদ্ধ৷ কিন্তু বহু প্ৰতিষ্ঠিত লেখকেও নিজৰ ৰচনাত এই বৈশিষ্ট্য আওকাণ কৰি চলা দেখা যায়৷ ফলত গদ্য হৈ পৰে অনাকৰ্ষণীয়৷ (ইয়াৰ উদাহৰণ ওপৰত উল্লেখ কৰি অহা হৈছে৷)

        (১০) এই প্ৰসংগতে অসমীয়া ভাষাৰ বিলুপ্ত হ’বলৈ ওলোৱা আৰু দুটা  বৈয়াকৰণিক বৈশিষ্ট্যৰ কথা উনুকিয়াই থোৱা উচিত হ’ব৷ সেয়া হৈছে—

            (ক) অসমীয়া সম্বন্ধবাচক বিশেষ্য পদত লগ লগা পুৰুষসূচক সৰ্গৰ প্ৰয়োগ, যেনে—মোৰ মা, তোৰ মাৰ, তোমাৰ মাৰা, তাৰ মাক ইত্যাদি আৰু —

                (খ) নিমিত্ত কাৰকসূচক চতুৰ্থী -লৈ বিভক্তি৷ 

    অসমীয়া ভাষাৰ স্বকীয়ত্বসূচক এই দুই বৈশিষ্ট্য বৰ্তমান বিৱৰ্জিতই নহয়, বিলুপ্তিৰ নঙলামুখত (সৰলীকৰণ ?)৷ এইবোৰ বৈশিষ্ট্যৰ প্ৰতিফলন অবিহনে ভাল গদ্য সুদূৰ পৰাহত হৈ ৰ’ব৷ লগতে এইবোৰ বৈশিষ্ট্যৰ বৰ্জনৰ ফলত ভাষাটোৱেও স্বকীয় বিশেষত্ব হেৰুৱাই কোনোবা কালত আন ভাষাৰ বিকৃতি বুলি পৰিগণিত হোৱাৰ আশঙ্কাও আছে।

        (১১) ভাব, প্ৰকাশভংগী, শব্দ আদিৰ পুনৰাবৃত্তিয়ে গদ্যৰ পঠন-পাঠনত ব্যাঘাত ঘটায়৷ আন কথাত পুনৰাবৃত্তি (Repetition) ৰচনা ৰীতিৰ গুণ নহয়, বৰং দোষহে৷ গৱেষণাধৰ্মী ৰচনাৰ ক্ষেত্ৰত এই কথা অধিক প্ৰযোজ্য৷ উপস্থাপিত বিষয় যিমানেই গুৰুত্বপূৰ্ণ নহওক পুনৰাবৃত্তিয়ে তাৰ মৰ্যাদা হানি কৰে৷ ওপৰত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য, ওৰফে ভট্টদেৱৰ গদ্যৰ প্ৰসংগত তেওঁৰ গদ্যৰ এটি মহত্ত্বপূৰ্ণ বিশেষত্ব পাছত উল্লেখ কৰিম বুলি কৈছিলোঁ৷ বৈশিষ্ট্যটো মূলতঃ পুনৰাবৃত্তিৰে অংশবিশেষ—একে কাৰ্য বুজোৱা বিবিধ শব্দৰ ব্যৱহাৰ৷  খ্ৰীষ্টীয় ষোড়শ শতিকাতে শব্দৰ বৈবিধ্যৰ এনে বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োগ কেৱল আশ্চৰ্যকৰেই নহয়, অসমীয়া কথা-সাহিত্যৰ ইতিহাসৰ এক বিৰল ঘটনা বুলিব পাৰি৷ ই আজিও গদ্যকাৰজনাৰ বিস্ময়কৰ প্ৰতিভাৰ চানেকি বহন কৰি আছে৷ তলত “কথাগীতা’ৰ ‘বিষাদ-যোগ’ অধ্যায়ৰ কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তৰ জীৱন্ত ভাষ্য স্বৰূপ সেই বিশেষ গদ্যাংশটি উদ্ধৃত কৰা হ’ল৷

        “এমনে বহুমানযুক্ত ৰাজাৰ বচন শুনি, মহাপ্ৰতাপী কুৰুবৃদ্ধ ভীষ্মে ৰাজাৰ হৰিষ বঢ়াই সৰ্ব প্ৰাণীৰ ভয়ংকৰ সিংহৰ সদৃশ যুদ্ধনাদ কৰি, উচ্চ কৰি শঙ্খ বজাইলা৷ এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শঙ্খ, ভেৰী, পণব, আনক, গোমুখ আদি নানা বাদ্য বজাইলা; তাৰ মহাশব্দ হৈল৷ আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা৷ শুক্লবৰ্ণ চাৰি হয়যুক্ত মহাৰথত থাকি কৃষ্ণাৰ্জুনে দিব্য দুই শঙ্খ বাদ্য কৰিলা; তাৰ নাম কহোঁ; শ্ৰীকৃষ্ণে পাঞ্চজন্য শঙ্খ বাদ্য কৰিলা;  অৰ্জুনে দেৱদত্ত নান শঙ্খ বজাইলা;  পৌণ্ড্ৰ নাম মহাশঙ্খক ভীমে ফুঙ্কিলা; অনন্তবিজয় নাম শঙ্খক যুধিষ্ঠিৰে বজাইলা৷ নকুলে সুঘোষ নাম শঙ্খক; সহদেৱে মণিপুষ্পক ধ্বনি কৰিলা৷ কাশিৰাজ শিখণ্ডী ধৃষ্টদ্যুম্ন বিৰাট সাত্যকি দ্ৰুপদ দ্ৰৌপদীৰ পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰাসবো পৃথকে পৃথকে শঙ্খসৱ শব্দ কৰিলা৷”

        উল্লিখিত গদ্যাংশৰ জৰিয়তে যে কুৰুক্ষেত্ৰ মহাসমৰৰ প্ৰাক্ মুহূৰ্তৰ জীৱন্ত ছবি এখন প্ৰতিভাত হৈছে তাৰ উল্লেখ বাহুল্য মাথোন৷ তেতিয়াৰ দিনত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক্ মুহূৰ্তত তাৰ প্ৰস্তুতিৰ বাবে বিবিধ প্ৰকাৰৰ বাদ্য বজোৱা হৈছিল৷ সেই বাদ্যৰ ভিতৰত শঙ্খ আছিল প্ৰধান৷ লেখকে প্ৰতিগৰাকী বীৰে শঙ্খ বজোৱাৰ আভাস ভিন ভিন শৈলীৰে ইয়াত দাঙি ধৰাৰ চেষ্টা কৰিছে৷ এই ক্ষেত্ৰত ‘শঙ্খ বজালে’ শব্দগুচ্ছৰ প্ৰয়োগেই যথেষ্ট আছিল৷ কিন্তু বিৰল প্ৰতিভাধৰ ভট্টদেৱে ৰচনাত বৈচিত্ৰ্যৰ ৰহণ লগাবলৈ আৰু পাঠক সমাজক একআগি গদ্যৰীতিৰ পৰা সকাহ দিবলৈ ‘বজালে’ অৰ্থসূচক ক্ৰিয়াপদটোক বিশেষ বৈশিষ্ট্যসম্পন্ন কৰি তোলাৰ প্ৰয়াস কৰিছে৷ ইয়াত বজাইলা-৪ বাৰ, বাদ্য কৰিলা-২ বাৰ, ফুঙ্কিলা-১বাৰ, ধ্বনি কৰিলা-১ বাৰ আৰু শব্দ কৰিলা-১বাৰকৈ ব্যৱহাৰ কৰা হৈছে, অথচ অৰ্থ কিন্তু একেটাই৷ ‘বজাইলা’ শব্দৰ পুনৰাবৃত্তিয়ে এই গদ্যৰ চোক যে বহুলাংশে কমালেহেঁতেন, তাত কেনো সন্দেহ নাই৷ 

উপসংহাৰ :

        ওপৰত ভাল গদ্য ৰচনাৰ কেতবোৰ বিশেষ বিশেষ দিশৰ আলোচনা দাঙি ধৰা হ’ল৷ লেখাটো পূৰ্ণাংগ আৰু ইয়াত বৰ্ণিত প্ৰতিটো কথা মানি চলিবই লাগিব বুলি আমি অনাহক দাবীও কৰা নাই৷ আশা কৰিছোঁ আমাৰ এই বক্তব্যৰ আঁত ধৰি উৎকৃষ্ট গদ্য ৰচনাৰ প্ৰতি সকলো আগ্ৰহান্বিত হ’ব৷ পৰিশেষত বহুজন পঠিত বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞি ডাঙৰীয়াৰ মন্তব্য এটিৰে এই লেখাটিৰ মোখনি মাৰিব বিচাৰিছোঁ৷ তেখেতৰ মতে, ভাল গদ্য লিখা বৰ টান কাম৷ কাৰণ ভাল গদ্য এখন পকী বেৰৰ নিচিনা৷ পকী বেৰ এখনৰ পৰা যিদৰে এচপৰা ইটাও এৰুৱাই আনিব নোৱাৰি, আনিলে গোটেই বেৰখন খহি পৰাৰ সম্ভাৱনা থাকে; তেনেদৰে ভাল গদ্যৰ পৰাও এটাও শব্দ ইফাল-সিফাল কৰিব নোৱাৰি৷ (গদ্যৰ সাধনা)

        গদ্য লেখকে পেৰেগ্ৰাফ বা ছেদ একোটা লিখি উঠাৰ পাছত সেইখিনি কেইবাবাৰো পঢ়ি চাব লাগে৷ যদি কোনোবাখিনিত নিজৰ খোকোজা থাকে বা শব্দৰ প্ৰয়োগ মনঃপূত নহয়, তাক সলাব লাগে৷ এনেদৰে নিজে নিজৰ গদ্য বাৰে বাৰে সমালোচনাৰ দৃষ্টিৰে চালেহে সি পাগত উঠে৷ ভাল গদ্য লিখিবলৈ বৰগোহাঞি ডাঙৰীয়াই দেখুৱাই দিয়া এই পথ অনুসৰণ কৰাৰ বাহিৰে আন বিকল্প নাই বুলি মোৰ ধাৰণা৷ 

ফোন  ৮৬৩৮৫৫৯৮২২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close