উদয় কুমাৰ বৰুৱা
“ All beautiful things start from heart”
অনেক অপেক্ষাৰ শেষত এটি মাথোঁ
মুহূৰ্ত – বেলিমাৰ
যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ
এক দুৰন্ত বাসনা
হৃদয়ে বাৰু কেতিয়াবা ভুমুকিয়াইছেনে বেলিৰ ভাৱচোতালত
ৰাতিয়ে জানে এটা সমুজ্জ্বল পুৱাই
বেলিৰ আকাংক্ষা,
অন্তৰাত্মাই বাৰে বাৰে কয়
‘হে সহৃদয় তুমি মনক সংযত কৰাঁ’
এপাহ ভ্ৰমৰ ফুলেই মনাকাশ কৰিব পাৰে দিক্ভ্ৰান্ত, গঢ়ি তুলিব পাৰে নষ্টৰাতি, নষ্টচন্দ্ৰ
হয়, বিশাল আকাশেও ভাবে কেৱল
হৃদয়তহে বাজে অহোৰাত্ৰি ফুলাৰ
মন্ত্ৰোচ্চাৰণ কৰা চিৰসুন্দৰৰ প্ৰসাৰিত গান
কোৱাঁচোন ‘হে প্ৰাজ্ঞ, নহয়নে বাৰু
এয়াই সুৱাগী সত্য
ক্ৰমে মোৰ ব্যাপ্ত আলোকত…
Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025