Written by 5:51 am Poems

উঠা মোৰ‌ নিৰ্বাসিত সূৰ্য

বিপ্লৱ চুতীয়া

কেতিয়াও কাকো প্ৰশ্ন কৰিব নোৱৰা

পূৰ্ণচ্ছেদৰ আঁৰৰ অৱনত শব্দবোৰ

কেইটামান আখৰৰ বাদে আৰুনো কি

এতিয়া, বুলৱাৰ-লিটনৰ অগোচৰে

মঞ্চস্থ হয় মানৱ বিৰোধী ষড়যন্ত্ৰ

তৰোৱালৰ আগত শিৰ নত

চলতি শতিকাৰ কলম

সুযোগ‌-সন্ধানীৰ হালধীয়া হাতত

কলমে কীৰ্তন কৰে কলংকিতৰ

চাৰিখুঁটাৰ এটা খহিলেও খহে দেশ

পেং পিন্ধা প্ৰবন্ধ পঢ়ি হিটলাৰে হাঁহে

তেওঁৰ তৰোৱালত তৰাৰ চিকমিকনি

কবিতাবোৰ জন্মিলেই মাৰিব খোজে

‘আই হেভ এ ড্ৰিম’

লুথাৰৰ উদাত্ত ভাষণত সৰ্ব-সমতাৰ স্বপ্ন

হে কাপ-সৈনিক মোৰ; ডাৱৰত নিৰ্বাসিত সূৰ্য

কলমেৰে ইয়াতো বিলোৱা‌ঁ তেনে স্বপ্নৰ ৰ’দালি

আখৰবোৰ শব্দ হওক, শব্দবোৰ সময়ৰ কবিতা

কবিতাবোৰ প্ৰশ্ন হৈ হিটলাৰৰ কাণত বাজক

বাজি থাকক, বাজি থাকক, বাজিয়েই থাকক…

***

ঠিকনা :

আৱাস নং- ৫৮৪, ছেক্টৰ ‘ছি’  

বি ভি এফ চি কলনি, নামৰূপ                   

ডাক : পৰ্বতপুৰ-৭৮৬৬২৩, ডিব্ৰুগড়                

 ভ্ৰাম্যভাষ – ৮৬৩৮৯১৯৮৫৪

Visited 4 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close