Written by 8:31 pm Poems

উঁইচিৰিঙাৰ শ্ৰুতলিপি

 জোনমণি দাস

১.

সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল

জাক হেৰুওৱা চৰাইটোৰ মাত,

উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল

তুলসী তলৰ চকুটো।

২.

নিয়ৰে নিজান কৰা এই ৰাতি

মোৰ বুকুতে আছেহি বহি

এটি বুলবুলি,

ফুলবোৰে ফুচফুচাই আছে।

৩.

নিয়ৰে বজোৱা নূপুৰ

নৈয়েও নোৱাৰে বজাব,

জাৰত ঠেৰেঙা লাগি

জলকা লাগে জোন।

৪.

পানীৰ ওপৰেদি উৰি যোৱা

চৰাইৰ মাতটো যেন

বননিত সৰি পৰা নিয়ৰৰ এধাৰি মণি,

শিলবোৰত শীতৰ শুকুলা কামিজ।

৫.

হৰিণাটোৰ চিঞৰটো

মাৰ যোৱাৰ পাছত

হাবিখনো নিজানত বুৰ গ’ল।

তুমিও একো নুশুনিলা

আৰু ময়ো।

তেনেতে এজাক বৰষুণে

নিথৰ নিৰৱতাক ধুই থৈ গ’ল।

ঠিকনা :  

প্ৰান্তিক, চানমাৰি, গুৱাহাটী-৩

ভ্ৰাম্যভাষ : ৯১০১০৩৮৬৫১

Visited 7 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close