Written by 4:53 am Poems

ঈশ্বৰ কোন

অত্ৰেয়ী গোস্বামী

সৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা

কুকুৰ এটাক দেখুৱাই কৈছিল,

“সৌৱা চা ঈশ্বৰ”৷

এদিন পিতায়ে কাৰ্শলা এডালকো 

ঈশ্বৰ বুলি কৈছিল৷

ডাঙৰ হৈ দেখিলোঁ শালগ্ৰাম,

বুজিলো ৰাস্তাৰ শিলগুটিও ঈশ্বৰ৷

বাৰিষা কুমজেলেকুৱাবোৰ দেখিলে

মণি-মুকুতা খচিত 

ৰাজকীয় সজ্জাৰ

মানুহৰূপী ঈশ্বৰ শামুক হয়৷

নিমখ দিলে গলি যায়৷

বিজলুৱাবোৰত ঈশ্বৰৰ 

অৱশিষ্ট নাথাকে৷

আৰু এদিন হঠাৎ ঈশ্বৰ আহিছিল

আইক দেখুৱাই ক’লে,

“সৌৱা মই”৷

পিতাইৰ মিচিকিয়া হাঁহিত

মানৱী ঈশ্বৰ থিতাতে লুকাল৷

ঈশ্বৰ কোন?

ঈশ্বৰ জীৱ৷

য’তেই জীৱ ত’তেই ঈশ্বৰ৷ 

জীৱ জংগম, ঈশ্বৰ নহয়৷

ঈশ্বৰে কান্দে, ঈশ্বৰে হাঁহে 

নহ’লেনো কাণাই বিৰহী কোন সতে? 

ঈশ্বৰ সৃষ্টি 

ঈশ্বৰ জীৱ৷

ঠিকনা :

তিতাবৰ, যোৰহাট<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close