Written by 8:06 am Articles

ইমান লাহে লাহে ৰাতি হৈছে

অলকেশ কলিতা

আজি ইমান লাহে লাহে ৰাতি হৈছে, মই মোৰ শব্দবোৰ ঘঁহি মাজি চাফ-চিকুণ কৰি থৈ দিছোঁ কেতিয়াবাই,

আৰু অপেক্ষা কৰিছোঁ তুমি মোক কিবা এটা সুধিবা, মই তোমাক সেই কাহিনী ক’ম, যি ৰাতিটোৰ বাবে হ’লেও দুৰ্ভাৱনাক চেপেটা কৰিব।

কিন্তু ই যে অসৎ সাহসী কুটিল প্ৰশ্ন, তোমাৰ দুচকুৰপৰা মোৰ চিপজৰীডালৰ দৰে যি ওলমি আছে, উত্তৰৰ উচ্চতাৰপৰা বহুত বহুত তললৈ।

তোমাৰ চাৱনি, তোমাৰ ছায়া, তোমাৰ ছয়াময়া মুখাৱয়ব উমা

মই কাক জবাবদিহি কৰোঁ!

সময়, নম্ৰ বাণীৰে মোক সোধ পোচ কৰাঁ, সকলো বিনয়ী অনুসন্ধিৎসাৰ প্ৰত্যুত্তৰত মই কিবা নহয় কিবা এটা জানো।

ইমান লাহে লাহে ৰাতি হৈছে, তুমি দেখা নাই, ঠিক গন্তব্যৰ দুৱাৰদলিত এনে বেকাৰ ভিৰ ?

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close